ৰাছিয়া -ইউক্ৰেইন যুদ্ধ ‘বন্ধ’ কৰা মোডী নীৰৱ কিয় মণিপুৰৰ ক্ষেত্ৰত?

Share This Article

উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ লগতে দেশৰ আন ৪ খন ৰাজ্যত বছৰৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনকলৈ শাসক -বিৰোধী সকলো ব্যস্ত। ইফালে ২০২২ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিয়া উত্তৰ পূবৰ ৰাজ্য মণিপুৰ অশান্ত। অশান্ত মানে সৃষ্টি হৈছে ভাতৃঘাতী সংঘৰ্ষৰ। এটা সম্প্ৰদায়ে আনটোক কোনো কাৰণতে সহ্য নকৰা হৈছে। জ্বলাই দিছে বিজেপিৰ কাৰ্যালয়,জ্বলাই দিছে সাংসদৰ ঘৰ,আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীৰ বাসগৃহত।  বিগত ৩ মে’ৰ পৰাই অশান্ত হৈ আছে মণিপুৰ। মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ৭ টা মাহ ভৰি দিলে। এটা ফোনত ৰাছিয়া -ইউক্ৰেইন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰা প্ৰধানমন্ত্ৰী মোডী কিন্তু মণিপুৰলৈ আহি মণিপুৰৰ জনতাক সমবেদনা অথবা সহমৰ্মিতা প্ৰকাশৰ পৰা বিৰত আছে। সেই একেজন মোডীয়ে মণিপুৰ জ্বলি থকা সময়তে আমেৰিকা,অষ্ট্ৰেলিয়া অথবা আৰৱ এমেৰিটাছ ভ্ৰমণ কৰি নিজৰ সফলতা জাহিৰ কৰি আহিছে।বিৰোধীৰ দখলত থকা ৰাজ্য হোৱা হ’লে মণিপুৰত কেতিয়াবাই ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন হ’লহেঁতেন। কিন্তু ১৮০ জন লোকৰ মৃত্যুৰ পিছতো মণিপুৰত চলি আছে বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ। এতিয়াও মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ভাষাত মণিপুৰ শান্ত হৈ আছে। পৰিস্থিতি স্বাভাৱিক।কেৱল নিজৰ দখলত থকা ৰাজ্যৰ সংখ্যা বঢ়াবলৈকে মণিপুৰত নিৰ্বাচনৰ সময়ত অষ্টলক্ষ্মী আখ্যা দি বৰ বৰ ভাষণ দিছিল প্ৰধানমন্ত্ৰীয়ে। কিন্তু এতিয়া মণিপুৰত কেৱল হিংসা,নিৰীহৰ প্ৰাণ হানি হোৱাৰ পিছতো মণিপুৰত ভৰি দিবলৈ সময় পোৱা নাই মোডী তথা গৃহমন্ত্ৰী অমিত শ্বাহে। ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন বিশেষ বিমান লৈ বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হৈছিলগৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি নাড্ডা। উদ্দেশ্য আছিল ৰাজস্থানত বিসম্বাদ নিৰ্মূল কৰা। ক্ষমতাৰ মোহত বন্দী মোডী -শ্বাহে মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ নিৰ্মূলৰ বাবে কিন্তু বিশেষ বিমান লৈ অহাটো দূৰৰ কথা,মাত এষাৰ লগাবলৈ অহাৰো প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। মণিপুৰৰ বাবেই উপেক্ষিত হৈছে মিজোৰামো। মণিপুৰৰ দৰেই মিজোৰামো উত্তৰ পূবতে অৱস্থিত। উত্তৰ পূবৰ ফালে মূৰেই কৰিব খোজা নাই বিজেপিয়ে । যাৰ বাবে মিজোৰামত দেশৰ আন ৪ খন ৰাজ্যৰ লগত একেলগেই নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও শাসক পক্ষ ব্যস্ত কেৱল হিন্দী বলয়ৰ ৰাজ্য কেইখনৰ নিৰ্বাচনকলৈহে। তাৰ বিপৰীতে মিজোৰামৰ নিৰ্বাচনৰ বিষয়টোত গুৰুত্বই দিয়া নাই বিজেপিয়ে। উল্লেখ্য যে মিজোৰাম বিধানসভাত মুঠ ৪০ খন আসন আছে।মিজো নেশ্যনেল ফ্ৰণ্ট বৰ্তমান ৰাজ্যখনত শাসনত আছে। তেওঁলোকৰ বিধায়ক আছে মুঠ ২৭ গৰাকী। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বিধায়ক আছে ৫ জন আৰু বিজেপিৰ বিধায়ক আছে এগৰাকী। বিৰোধী দল হিচাপে আছে জ’ৰাম পিপুলচ ম’ভমেন্ট চমুকৈ ZPM.এই দলটোৰ আছে মুঠ ৬ গৰাকী বিধায়ক৷মিজো নেশ্যনেল ফ্ৰণ্টে দুটাকৈ কাৰ্যকাল শাসনত থকা কংগ্ৰেছ চৰকাৰক উফৰাই ২০১৮ চনত ক্ষমতালৈ আহিছিল।বৰ্তমান জ’ৰামথাংগা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী।মিজোৰামৰ বৰ্তমান প্ৰেক্ষাপটলৈ চাই জ’ৰামথাংগাই পুনৰ চৰকাৰ গঠন কৰাৰ আশা প্ৰবল৷যদি সেয়াই হয় মিজোৰাম গঠনৰ পৰা এতিয়ালৈকে একেলেথাৰিয়ে তৃতীয়বাৰ ক্ষমতালৈ অহা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ব জ’ৰামথাংগা।মিজোৰামত মুঠ ভোটাৰ আছে ৮ লাখ ৩৮ হাজাৰ।ইয়াৰে ৪ লাখ ৬ হাজাৰ পুৰুষ ভোটাৰ আৰু ৪ লাখ ৩২ হাজাৰ মহিলা ভোটাৰ।তদুপৰি ৰাজ্যখনত মুঠ ৪০ হাজাৰ ৯৩৪ গৰাকী নতুন ভোটাৰ আছে।কেন্দ্ৰত NDA ৰ সহযোগী হিচাপে আছে MNF. অথচ মিজোৰাম জৰ্জৰিত বাট-পথৰ সমস্যাত !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.