ভাষণ সামৰক – সকীয়ালে গৃহমন্ত্ৰী অমিত শ্বাহে

Share This Article

যিকোনো সভাত দীঘলীয়া ভাষণে শ্ৰোতাক প্ৰায়ে আমনি দিয়ে।এইবাৰ তেনে দীঘলীয়া ভাষণে বিৰক্ত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।দীঘলীয়া ভাষণত বিৰক্ত গৃহমন্ত্ৰীয়ে ৪বাৰ কৈ ভাষণ এৰি বহিবলৈ সকীয়াই দিলে মানুহজনক !কিন্তু নাই কাণসাৰ নাই মানুহজনৰ ।নিৰ্ধাৰিত ৫ মিনিট বাদ দি তেওঁ ভাষণ দিলে চাৰে আঠ মিনিট।মানুহজন আন কোনো নহয়,তেওঁ হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বীজ।উল্লেখ্য যে দেশৰ গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ নামৰ এক নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হৈছে হাৰিয়ানাৰ সুৰযকুণ্ডত।উক্ত বৈঠকত অতিথি সকলক আদৰণি জনোৱাৰ দায়িত্ব পৰিছিল হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল বীজৰ ওপৰত।সেই দায়িত্ব পালন কৰিবলৈ লওঁতেই লাগিল কেণা।তেওঁ ভাষণ দীঘলীয়া কৰি গৈ আছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে তেওঁক ভাষণ শেষ কৰিবলৈ আহ্বান জনাই আছে।হাৰিয়ানাৰ গৃহমন্ত্ৰী জনৰ ভাষণৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে“ অনিলজী,এইটো চমুকৈ কওক।এইটো মাত্ৰ আদৰণি ভাষণহে। ৫ মিনিট মাত্ৰ আপোনাৰ ভাষণৰ নামত ধাৰ্য কৰা হৈছে ।আপুনি সম্ভাষণ জনাওক আৰু সামৰক ৷” দ্বিতীয়বাৰ শ্বাহে পুনৰ ক’লে“ অনিলজী,অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব৷আপুনি ভাষণ বন্ধ কৰক৷আমাৰ সময় ধাৰ্য কৰা আছে আগতীয়াকৈ।”তৃতীয়বাৰ তেওঁ ক’লে “হৈ গ’ল আৰু৷সভা আৰম্ভ কৰিব লাগে।” এনেদৰে মুঠ ৪ বাৰ সকীয়নি দিয়াৰ পিছতহে বীজে কোনো মতে সামৰিলে ভাষণ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.