সুখবৰঃ ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ তিনিখন বিশেষ গাঁৱে! কিন্তু কিয়?

Share This Article

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত হৈছে ভাৰতৰ তিনিখন গাঁও। মেঘালয়ৰ কংথং গাওঁখনক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত কৰা হৈছে। কংথং গাঁৱৰ লগতে ভাৰতৰ আৰু দুখন গাঁৱকো অন্তৰ্ভুক্ত কৰা হৈছে। মধ্য প্ৰদেশৰ লাধপুৰ খাছ আৰু তেলেংগানাৰ পোচাম্পল্লী গাঁৱকো ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই গাঁওবোৰ পৰ্যটন স্থলৰ ক্ষেত্ৰত পৰ্যটকৰ মাজত অতি জনপ্ৰিয়।
শ্ৰেষ্ঠ পৰ্যটন ভিলেজ শ্ৰেণীত মেঘালয়ৰ কংথং গাঁৱক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই মনোনীত কৰা বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাই আনন্দ প্ৰকাশ কৰিছে। চাংমাই আনন্দ প্ৰকাশ কৰি লিখিছে যে মেঘালয়ৰ কংথং গাওঁখন ভাৰতৰ আন দুখন গাঁৱৰ সৈতে UNWTOৰ শ্ৰেষ্ঠ পৰ্যটন গাঁওসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
কংথং গাওঁখন শ্বিলঙৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত। কংথং গাঁও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অনন্য সংস্কৃতিৰ বাবে জনাজাত। এই গাওঁখনক হুইচেলিং ভিলেজ বুলিও জনা যায়। এইখন গাঁৱত শিশু জন্ম হলে এটা সুহুৰিৰ নাম ৰখা হয়। এই গাঁৱৰ ৰাইজে কমিউনিকেশ্বনৰ মাধ্যম হিচাপে বেছিভাগ ক্ষেত্ৰতে সুহুৰিৰ ব্যৱহাৰ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.