সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দাড়ি-চুলি কাটি অত্যাচাৰ শিখক

তালিবানৰ অত্যাচাৰত ত্ৰাহিমধুসূদন সোঁৱৰিছে শিখে
৫৫ শিখ আহি ভাৰতত উপস্থিত

আফগানিস্থানৰ গুৰুদ্বাৰত সঘনাই সংঘটিত বিস্ফোৰণ তথা আক্ৰমণৰ পিছত দেশখনত থকা সংখ্যালঘু শিখসকল ভাৰতলৈ উভতি আহিছে৷

- Donation -

আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পিছত দেশখনত সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ পৰা মুক্ত হৈ স্বস্তিৰ নিশ্বাস পেলাইছে বুলি উল্লেখ কৰে ভাৰতলৈ উভতি অহা এজন শিখ নাগৰিকে৷

সংবাদ প্ৰতিষ্ঠান এএনআইৰ লগত হোৱা এক সাক্ষাৎকাৰত আফগান শিখ বলজিৎ সিঙে কয় যে তেওঁক তালিবানে বিগত ৪ টা মাহ বন্দী কৰি ৰাখিছিল৷

“ আফগানিস্থানৰ অৱস্থা অত্যন্ত বেয়া৷মই বিগত ৪ মাহ বন্দী হৈ আছিলোঁ৷তালিবানে আমাক বহুত অত্যাচাৰ কৰিছে৷কাৰাগাৰত আমাৰ দাড়ি-চুলি কাটি দিছে৷মই ভাৰতলৈ ঘূৰি আহিবলৈ পায় অত্যন্ত আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ”- এনেদৰে মন্তব্য দিয়ে বলজিৎ সিঙে৷
৫৫ জন শিখ নাগৰিকক কঢ়িয়াই অনা এখন বিশেষ বিমান দেওবাৰে কাবুলৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হয়৷

এই বিমানখন শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ নেতৃত্বত ইণ্ডিয়ান ৱৰ্ল্ড ফ’ৰামৰ সহযোগত শিখ সকলক উদ্ধাৰৰ বাবে নিয়োজিত কৰা হৈছিল৷

“ আমি ভাৰত চৰকাৰক জৰুৰী ভিছা দি আমাক ভাৰতত উপস্থিত হোৱাত সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ৷আমাৰ পৰিয়ালৰ যথেষ্ট সংখ্যক সদস্য এতিয়াও তাতে আছে৷এতিয়াও প্ৰায় ৩০ ৰ পৰা ৩৫ জন লোক তাত আছে”- এনেদৰে মন্তব্য কৰে ভাৰতত উপস্থিত হোৱা সুখবীৰ সিং খালছাই৷

বিগত ১৪ জুলাইতো ২১ গৰাকী আফগান শিখক কাবুলৰ পৰা উদ্ধাৰ কৰা হৈছিল৷

২০২০ চনৰ পৰিসংখ্যা অনুসৰি আফগানিস্থানত মুঠ ৭০০ হিন্দু আৰু শিখ লোক আছে৷২০২১ চনৰ ১৫ আগষ্টত তালিবানে ক্ষমতা দখল কৰাৰ সময়তে কিছুসংখ্যক শিখ তথা ভাৰতীয় দেশলৈ গুছি আহে৷

১৮ জুনত ইছলামিক ষ্টেট খুৰছান প্ৰভিন্সৰ সদস্যই কাবুলৰ কাৰ্টে পৰৱান গুৰুদ্বাৰত ভয়ানক আক্ৰমণ চলাইছিল আৰু প্ৰায় ৫০ জন লোক এই ঘটনাত নিহত হৈছিল৷

বিগত অক্টোবৰ মাহতো ১৫ ৰ পৰা ২০ জনীয়া এক সন্ত্ৰাসবাদীৰ দলে কাবুলৰ কাৰ্ট -ই -পাৰৱান জিলাৰ এক গুৰুদ্বাৰত প্ৰবেশ কৰি নিৰাপত্তাৰক্ষীক বান্ধি থৈছিল৷

Leave A Reply

Your email address will not be published.