দাড়ি-চুলি কাটি অত্যাচাৰ শিখক

Share This Article

তালিবানৰ অত্যাচাৰত ত্ৰাহিমধুসূদন সোঁৱৰিছে শিখে
৫৫ শিখ আহি ভাৰতত উপস্থিত

আফগানিস্থানৰ গুৰুদ্বাৰত সঘনাই সংঘটিত বিস্ফোৰণ তথা আক্ৰমণৰ পিছত দেশখনত থকা সংখ্যালঘু শিখসকল ভাৰতলৈ উভতি আহিছে৷

আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পিছত দেশখনত সৃষ্টি হোৱা ভয়াবহ পৰিস্থিতিৰ পৰা মুক্ত হৈ স্বস্তিৰ নিশ্বাস পেলাইছে বুলি উল্লেখ কৰে ভাৰতলৈ উভতি অহা এজন শিখ নাগৰিকে৷

সংবাদ প্ৰতিষ্ঠান এএনআইৰ লগত হোৱা এক সাক্ষাৎকাৰত আফগান শিখ বলজিৎ সিঙে কয় যে তেওঁক তালিবানে বিগত ৪ টা মাহ বন্দী কৰি ৰাখিছিল৷

“ আফগানিস্থানৰ অৱস্থা অত্যন্ত বেয়া৷মই বিগত ৪ মাহ বন্দী হৈ আছিলোঁ৷তালিবানে আমাক বহুত অত্যাচাৰ কৰিছে৷কাৰাগাৰত আমাৰ দাড়ি-চুলি কাটি দিছে৷মই ভাৰতলৈ ঘূৰি আহিবলৈ পায় অত্যন্ত আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ”- এনেদৰে মন্তব্য দিয়ে বলজিৎ সিঙে৷
৫৫ জন শিখ নাগৰিকক কঢ়িয়াই অনা এখন বিশেষ বিমান দেওবাৰে কাবুলৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হয়৷

এই বিমানখন শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ নেতৃত্বত ইণ্ডিয়ান ৱৰ্ল্ড ফ’ৰামৰ সহযোগত শিখ সকলক উদ্ধাৰৰ বাবে নিয়োজিত কৰা হৈছিল৷

“ আমি ভাৰত চৰকাৰক জৰুৰী ভিছা দি আমাক ভাৰতত উপস্থিত হোৱাত সহায় কৰাৰ বাবে ধন্যবাদ জনাইছোঁ৷আমাৰ পৰিয়ালৰ যথেষ্ট সংখ্যক সদস্য এতিয়াও তাতে আছে৷এতিয়াও প্ৰায় ৩০ ৰ পৰা ৩৫ জন লোক তাত আছে”- এনেদৰে মন্তব্য কৰে ভাৰতত উপস্থিত হোৱা সুখবীৰ সিং খালছাই৷

বিগত ১৪ জুলাইতো ২১ গৰাকী আফগান শিখক কাবুলৰ পৰা উদ্ধাৰ কৰা হৈছিল৷

২০২০ চনৰ পৰিসংখ্যা অনুসৰি আফগানিস্থানত মুঠ ৭০০ হিন্দু আৰু শিখ লোক আছে৷২০২১ চনৰ ১৫ আগষ্টত তালিবানে ক্ষমতা দখল কৰাৰ সময়তে কিছুসংখ্যক শিখ তথা ভাৰতীয় দেশলৈ গুছি আহে৷

১৮ জুনত ইছলামিক ষ্টেট খুৰছান প্ৰভিন্সৰ সদস্যই কাবুলৰ কাৰ্টে পৰৱান গুৰুদ্বাৰত ভয়ানক আক্ৰমণ চলাইছিল আৰু প্ৰায় ৫০ জন লোক এই ঘটনাত নিহত হৈছিল৷

বিগত অক্টোবৰ মাহতো ১৫ ৰ পৰা ২০ জনীয়া এক সন্ত্ৰাসবাদীৰ দলে কাবুলৰ কাৰ্ট -ই -পাৰৱান জিলাৰ এক গুৰুদ্বাৰত প্ৰবেশ কৰি নিৰাপত্তাৰক্ষীক বান্ধি থৈছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.