বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়?

Share This Article

তালিবানে আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে।বৰ্তমান সংযুক্ত আৰৱ এমিৰেটচ(UAE)ত আশ্ৰয় গ্ৰহণ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে। কিন্তু প্ৰশ্ন হয় – বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়? UAEত আশ্ৰয় লাভ আন নেতা সকলৰ ভিতৰত আছে স্পেইনৰ  প্ৰাক্তন ৰজা আৰু দুজন থাই প্ৰধানমন্ত্ৰী।

এই মাহৰ আৰম্ভণিতে UAEয়ে ঘোষণা কৰিছিল যে তেওঁলোকে ঘানি আৰু তেওঁৰ পৰিয়ালক আতিথ্য দিয়াটো সত্য। উল্লেখ্য যে দেশৰ জনতাক মৃত্যুমুখলৈ ঠেলি দেশ এৰি পলায়ন কৰা ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিক নিজৰ চৰকাৰৰ সদস্যসকলেই তীক্ষ্ণ সমালোচনা কৰিছিল।

আৰৱৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘনিষ্ঠ নিৰাপত্তা অংশীদাৰীত্ব আছে আৰু তেনেদৰেই আৰৱে পলাতক তথা নিৰ্বাসিত নেতাসকলক আশ্ৰয় দি আহিছে। আৰৱৰ মানৱ-নিৰ্মিত উপকূলীয় অঞ্চলবোৰে ৰাজকীয় গোপনীয়তা বিচাৰি থকা নিৰ্বাসিত ৰাজনৈতিক নেতাক আশ্ৰয় প্ৰদান কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

বিমানবন্দৰত আইৰিছ-স্কেনিং প্ৰযুক্তি, অকথিত সংখ্যক নিৰাপত্তা কেমেৰা আৰু ব্যাপক নিৰীক্ষণে পলাতক নেতা সকলৰ সুৰক্ষা নিশ্চিত কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.