Investigative reporting with dedication.

ৰাষ্ট্ৰসংঘত প্ৰায়েই চৰ্চাত থাকে ভাৰত-পাকিস্তানৰ কাশ্মীৰ প্ৰসংগ। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্নেহা ডুবেই পাকিস্তানক দিয়া প্ৰত্যুত্তৰে চৰ্চা লাভ কৰিছে সকলোতে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ প্ৰতিনিধি চাইমা চালিমে দাবী কৰিছিল যে জম্মু-কাশ্মীৰ এটা আন্তঃৰাষ্ট্ৰীয় মান্যতাপ্ৰাপ্ত বিবাদমান বিষয় গতিকে ৰাষ্ট্ৰসংঘৰ সাধাৰণ আৰু নিৰাপত্তা পৰিষদত আলোচনা আৰু সিদ্ধান্তৰ ভিত্তিত এই সমস্যাৰ সমাধান কৰিব লাগে। বেলুচিস্তানত জনসাধাৰণৰ মানৱ অধিকাৰ খৰ্ব কৰা পাকিস্তানে অভিযোগ কৰিছে যে ভাৰতে সদায়েই কাশ্মীৰত হৈ থকা মানৱ অধিকাৰ উলংঘনৰ পৰা বিশ্ববাসীৰ দৃষ্টি আঁতৰাই ৰাখিব বিচাৰে।
ইয়াৰ লগতে চলিমে ভাৰত চৰকাৰক RSS আৰু হিন্দুত্বৰ দ্বাৰা অনুপ্ৰাণিত বুলিও দাবী উত্থাপন কৰিছে।
এই অভিযোগৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিনিধি স্নেহা ডুবে কয় যে – চুবুৰীয়া দেশ সমূহৰ ক্ষতিসাধন কৰাৰ আশাতে পাকিস্তানে গোপনে সন্ত্ৰাসবাদী সংগঠন প্ৰতিপালন কৰে। আনকি ওছামা বিন লাদেনকো পাকিস্তানে আশ্ৰয় দিছিল। আজিও পাকিস্তান চৰকাৰে লাডেনক শ্বহীদ হিচাপে গৌৰৱ কৰে। আমি শুনি আছো যে পাকিস্তান সন্ত্ৰাসবাদৰ ভুক্তভোগী। এইখন এখন এনে দেশ যিয়ে নিজেই জুই লগাই কিন্তু নিজকে অগ্নি নিৰ্বাপক হিচাপে উপস্থাপন কৰে। জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ আছিল, হৈ আছে আৰু হৈ থাকিব।



