চিকিৎসাৰ সুবিধা নাই , স্বাস্থ্যবীমাও নাই : মৃত্যুমুখী মানুহৰ অসহায় চিৎকাৰ

বিশ্ববেংকৰ তথ্য অনুসৰি যিসমূহ দেশে স্বাস্থ্যখণ্ডত আটাইতকৈ কম ব্যয় কৰে তাৰ ভিতৰত অন্যতম হ’ল ভাৰত ৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ৩.৫৪ শতাংশহে স্বাস্থ্যখণ্ডত ব্যয় কৰা হয় ৷ইয়াৰ ভিতৰত চৰকাৰী খৰচ জিডিপিৰ মাত্ৰ ১.২৮ শতাংশ ৷

কণমানি ল’ৰাজনৰ নাম ময়ূখ উৎপল শৰ্মা ৷ বয়স ২ বছৰ ৯ মাহ ৷ ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ চিকিৎসাৰ বাবে বহু ধনৰ প্ৰয়োজন ৷ সহায় বিচাৰি যোৱা ৩০ মে’ত জুবিন গাৰ্গে ফেচবুকযোগে ৰাজহুৱা আহ্বান জনাইছে ৷

তাৰ দুদিন পাছত জুবিন গাৰ্গৰ আন এটা ফেচবুক পোষ্ট ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি ফাৰ্মৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ৷ যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত ৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন ৷ পৰিয়ালে বহন কৰিব পৰা নাই চিকিৎসা ব্যয় ৷ আকৌ ৰাইজৰ সহায় বিচাৰি ফেচবুকযোগে আহ্বান জনাইছে জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷

দুটা মাত্ৰ পৰিয়ালৰ দুৰ্দশাৰ কাহিনী এয়া ৷ আপুনি চাগে নিতৌ এনে বহু পৰিয়ালৰ কাতৰ আহ্বান শুনিবলৈ পায় , পঢ়িবলৈ পায় ৷ ফেচবুকৰ টাইমলাইনত ভাঁহি আহে ৰোগাক্ৰান্ত কোনো শিশুৰ ম্লান পৰি যোৱা মুখায়ব ৷ শীৰ্ণকায় মৰণকাতৰ মানুহৰ ফটো বাতৰিকাতত দেখি কঁপি উঠে আপুনি ৷ এখন্তেক অন্যমনষ্ক হৈ পৰে ৷ ভাবিবলৈ লয় – এই দেশত সাধাৰণ মানুহৰ জীয়াই থকাৰ অধিকাৰ ক্ৰমাৎ নোহোৱা হৈ আহিছে নেকি ? চিকিৎসাৰ জড়িয়তে আৰোগ্য হোৱাৰ অধিকাৰ সাধাৰণ জনগণৰ নাই নেকি ? আপুনি এক মুহূৰ্তৰ বাবে শংকিত হৈ উঠে – আপোনাৰ নিজৰ পৰিয়াল যদি এনে অভাবনীয় দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হয় , কি হ’ব আপোনাৰ সৰু আটোমটোকাৰি পৰিয়ালটোৰ ভৱিষ্যত ৷ কেৱল আপুনি নহয় , প্ৰতিগৰাকী দুখীয়া – মধ্যবিত্ত নাগৰিকৰ বাবে দু:স্বপ্ন হৈ পৰিছে ৰোগ আৰু চিকিৎসাৰ বিষয়টো ৷ পেট্ৰ’ল – ডিজেলতকৈও দ্ৰুতগতিত উৰ্ধগামী হৈছে চিকিৎসালয়ৰ খৰচ ৷ চৰকাৰে চিকিৎসাৰ সুবিধা দিয়াৰ পৰা হাত এৰাই চলিছে ৷ তাৰ সলনি বীমাৰ পলিচী বিকিবলৈহে আগ্ৰহী ৷ কিন্তু বীমাই জানো সঠিক চিকিৎসা সুনিশ্চিত কৰিব পাৰে ৷ ভাৰতত চৰকাৰী চিকিৎসা আৰু স্বাস্থ্যবীমাৰ দুৰাৱস্থা সন্দৰ্ভত বহু উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷

বিশ্ববেংকৰ তথ্য অনুসৰি যিসমূহ দেশে স্বাস্থ্যখণ্ডত আটাইতকৈ কম ব্যয় কৰে তাৰ ভিতৰত অন্যতম হ’ল ভাৰত ৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ৩.৫৪ শতাংশহে স্বাস্থ্যখণ্ডত ব্যয় কৰা হয় ৷ইয়াৰ ভিতৰত চৰকাৰী খৰচ জিডিপিৰ মাত্ৰ ১.২৮ শতাংশ ৷ ইয়াৰ পৰা দেখদেখকৈ ওলাই পৰে যে ভাৰতৰ স্বাস্থ্যখণ্ড ব্যাপকভাৱে ব্যক্তিগত খণ্ডৰ দখলত আছে ৷ নাগৰিকসকলে নিজৰ চিকিৎসাৰ ৬২ শতাংশ ধনেই নিজৰ জেপৰ পৰা ব্যয় কৰিব লাগে ৷ এয়া বিশ্বৰ ভিতৰত অন্যতম সৰ্বাধিক ব্যয় ৷ এনে পৰিস্থিতিত এক সহজ স্বাস্থ্যবীমাই সকলোৰে চিকিৎসাৰ ক্ষেত্ৰত ভালেখিনি সহায় আগবঢ়াব পাৰে৷ এই উদ্দেশ্যেৰেই ২০০০ চনত বীমাৰ বজাৰ ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিয়া হৈছিল ৷ স্বাস্থ্যবীমাৰ এখন বৃহৎ বজাৰ মুকলি কৰাটো আছিল চৰকাৰৰ অন্যতম লক্ষ্য ৷ কিন্তু বিগত দুটা দশকত স্বাস্থ্যবীমাৰ ৰিপোৰ্ট কাৰ্ড অত্যন্ত দুখলগা অৱস্থাত উপনীত হৈছে ৷ ২০০০ চনৰ পৰা ২০২০ চনলৈ বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ ভাৰতৰ মাত্ৰ ১৩ কৌটি ৭০ লাখ লোককহে স্বাস্থ্যবীমাই সামৰি লৈছে ৷ বীমা পলিচীৰ জটিল নিয়ম , কম কভাৰেজৰ বাবেই ভাৰতৰ নাগৰিকসকলে বীমাৰ প্ৰতি উদাসীনতা দেখুৱাইছে ৷ তেওলোকে বীমাৰ সুবিধাৰে ভাল চিকিৎসা কৰাৰ সলনি কম ব্যয় হোৱা চিকিৎসালয়তহে ভৰ্তি হ’বলৈ অধিক আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে ৷ বিগত বছৰসমূহত স্বাস্থ্যবীমাৰ দ্বাৰা উপকৃত হোৱা লোকৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা ৷ সেইবাবেই বীমা কোম্পেনী সমূহৰ ওপৰত অভিযোগো বছৰি বৃদ্ধি পাবলৈ ধৰিছে ৷


২০১৬ – ১৭ত স্বাস্থ্যবীমা সম্পৰ্কীয় মুঠ ২৬,৯৩৭ টা অভিযোগ দাখিল হৈছে ৷ ইয়াৰ ভিতৰত ৫৩.৮৩ শতাংশ বীমাৰ ক্লেইম আৰু ২২.৪৩ শতাংশ বীমা পলিচী সম্পৰ্কীয় ৷ ২০১৭ – ১৮ত স্বাস্থ্যবীমা সম্পৰ্কে দাখিল হোৱা ২৫, ৫১৬ টা অভিযোগৰ ৫৮.৬৭ শতাংশ ক্লেইম আৰু ১৮.০৬ শতাংশ পলিচী সম্পৰ্কীয় ৷ একেদৰে স্বাস্থ্যবীমাৰ বিৰুদ্ধে ২০১৮- ১৯ বৰ্ষত দাখিল হৈছে ২৫ , ৩৬৯ টা অভিযোগ ৷ ইয়াৰে ৬৪.১৫ শতাংশ ক্লেইম আৰু ১৩.৯৫ শতাংশ পলিচী সম্পৰ্কীয় ৷ ২০১৯- ২০ ত অভিযোগৰ সংখ্যা বাঢ়ি হৈছেগৈ ৩০,৮২৫ টা হৈছেগৈ ৷ ৭০.৫৫ শতাংশ অভিযোগেই হ’ল ক্লেইম সম্পৰ্কীয় ৷ অৰ্থাৎ বীমাৰ প্ৰিমিয়াম আদায় দিও বীমাকাৰীয়ে নিজৰ প্ৰয়োজনৰ সময়ত উচিত ক্ষতিপূৰণ পোৱা নাই ৷ সেয়ে স্বাস্থ্যবীমা সম্পৰ্কীয় ওজৰ আপত্তি দিনে দিনে বৃদ্ধি পাইছে আৰু বীমাৰ ওপৰত মানুহৰ আস্থাও কমি আহিছে ৷ ইয়াৰ কাৰণ বাখ্যা কৰি দ্য ইনচুৰেন্স অম্বাদছমেনে কৈছে যে বীমা পলিচীৰ ভুল বিক্ৰী , অসাৱধানভাৱে ফৰ্ম পূৰোৱা আৰু চৰ্তাৱলী সঠিকভাৱে অৱগত নকৰোৱাটোৱে ইয়াৰ মূল কাৰণ ৷ তদুপৰি বীমাকাৰীৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যক আওকান কৰাটোও পৰৱৰ্তী সময়ত জটিলতাৰ কাৰণ হৈ পৰিছে ৷ সি যি কি নহওক , স্বাস্থ্যবীমা আৰম্ভ হোৱাৰ দুই দশক পাছতো ভাৰতত স্বাস্থ্যবীমা অতি চালুকীয়া অৱস্থাতে আছে ৷ যিখন দেশত চিকিৎসাৰ ৬২ শতাংশ ধনেই ৰোগীয়ে নিজৰ জেপৰ পৰা ব্যয় কৰিব লাগে , সেই দেশখনত সহজ – সাৱলীল এক স্বাস্থ্যবীমা বহুতৰে বাবে সকাহৰ কাৰণ হ’ব পাৰে ৷ কিন্তু আমাৰ দেশত চৰকাৰী স্বাস্থ্যখণ্ডৰ পুতৌজনক অৱস্থাৰ সমান্তৰালভাৱে স্বাস্থ্যবীমাৰ দুৰাৱস্থাৰ বাবেও চিকিৎসা এতিয়া সৰ্বসাধাৰণৰ বাবে দু:সাধ্য হৈ পৰিছে ৷ যাৰ বাবে প্ৰতিদিনে আমি অসহায়ভাৱে শুনি থাকিবলগীয়া হৈছে মৃত্যমুখী মানুহৰ যন্ত্ৰণাকাতৰ চিৎকাৰ ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296