Dream11 এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ, কিন্তু এই কোম্পানীটো আছে চীনা বিনিয়োগ

Share This Article

আই পি এলৰ টাইটল স্পনছ’ৰক কেন্দ্ৰ কৰি চলি থকা সকলো বিতৰ্কৰ চলি থকাৰ মাজতে আজি বিচিচিআই য়ে ঘোষণা কৰে যে এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ হ’ব Dream11।

Dream11 নামৰ ভাৰতীয় ফেণ্টাছী গেমৰ কোম্পানীটোৱে আই পি এলৰ টাইটল স্পনছ’ৰ এই বিড ২২২ কোটি টকাত প্ৰায় চাৰে চাৰি মাহৰ বাবে লাভ কৰিছে।

আই পি এলৰ টাইটল স্পনছ’ৰ এই বিডিংত বহু কেইটা ভাৰতীয় কোম্পানীয়ে অংশ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত TATA, UNACADEMY আৰু BYJU অন্যতম।

কিন্তু উল্লেখনীয় যে Dream11 নামৰ এই ভাৰতীয় কোম্পানীটো আছে চীনা কোম্পানী Tancent ৰ বিনিয়োগ। ভাৰত -চীনৰ মাজত চলি থকা সীমান্ত বিবাদক কেন্দ্ৰ কৰি আই পি এলৰ ৫ বছৰৰ বাবে চুক্তিবদ্ধ টাইটল স্পনছ’ৰ Vivoক এইবাৰ টাইটল স্পনছ’ৰৰ বাবে অনুমতি বিচিচিআই য়ে নিদিলে। কিন্তু ইয়াৰ পিছতো চীনা বিনিয়োগ থকা কোম্পানীক টাইটল স্পনছ’ৰ দিয়াৰ কথাটোৱে ক্ৰিকেটপ্ৰেমী সকলৰ মাজত চর্চা লাভ কৰিছে।

FEATURED PHOTO COURTESY: crictracker.com

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.