Category বিশ্ব

ধনীৰ সম্পত্তি বাঢ়িছে,দুখীয়াৰ আয় কমিছে৷ তাৰমাজতে কেনেকৈ দেশত লেম্ব’ৰগিনিৰ বিক্ৰী বাঢ়িছে?

২০২১ চনত ভাৰতত অভিলেখসংখ্যক ভাবে বৃদ্ধি পালে বিলাসী বাহন লেম্বৰগিনিৰ বিক্ৰী৷পূর্বৰ বর্ষতকৈ ২০২১ বর্ষত ৮৬ শতাংশ বৃদ্ধি পালে লেম্বৰগিনিৰ বিক্ৰী৷উল্লেখনীয় যে,বিলাসী বাহন লেম্বৰগিনিৰ মুল্য আৰম্ভ হয় প্ৰায় ৩ কোটিৰ পৰা৷কিন্তু সেই একেখিনি সময়তে চৰম দৰিদ্ৰতাৰ দিশে গতি কৰিলে প্ৰায় ৪…

ব্ৰিটেইন স্বাভাৱিক হ’ল , মহাৰাষ্ট্ৰত পাঠদান চলিব , অসমত কি হোৱা উচিত ?

বুধবাৰৰ দিনটোত দেশখনত কোভিডত আক্ৰান্ত হৈছিল ১ লাখ ৮ হাজাৰ নাগৰিক ৷মৃত্যু হৈছিল ৩৫৯ গৰাকী লোকৰ ৷ কিন্তু সেই দিনটোতে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বিদ্যালয়সমূহ খুলি দিয়া হ’ব ৷ শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে মাষ্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই ৷ কাৰ্যালয়বোৰলৈ…

টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব।  অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই অৱসৰৰ কথা…

বিমান বন্দৰত ৫ জি সেৱা : আমেৰিকালৈ বিমানৰ উৰণ বন্ধ কিয় ?

আমেৰিকাত আৰম্ভ হোৱা ৫ জি সেৱাৰ বাবে বিমান যাত্ৰী আৰু বিমান সেৱা কোম্পেনীসমূহৰ মাজত হাহাকাৰ লাগিছে ৷ ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশে আমেৰিকালৈ যোৱা বিমানসেৱা স্থগিত ৰাখিছে ৷ যাৰ বাবে বিমানযাত্ৰা ব্যাহত হৈ পৰিছে ৷ পি টি আইৰ বাতৰি অনুসৰি…

অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

বিশ্বত এতিয়া অ’মিক্ৰনৰ আতংক। ক’ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ’মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক’ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক’ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ’মিক্ৰণৰ লক্ষণ আক্রান্তৰ শৰীৰত অতি সোনকালেই দেখা দিয়ে। ২০ টা…

লকডাউনৰ মাজত বিশ্বৰ দহগৰাকী ধনী ব্যক্তি কেনেকৈ দুগুন ধনী হল

সোমবাৰে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে  অক্সফামে৷প্ৰতিবেদন অনুসৰি কোভিডে দুগুন ধনী কৰিলে বিশ্বৰ শীর্ষ দহগৰাকী ধনী ব্যক্তিক৷কোভিডৰ দুটা বছৰত শীর্ষ দহগৰাকী ধনী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ ৭ শ বিলিয়ন ডলাৰ অর্থাৎ ৫১ লাখ ৯৭ হাজাৰ ১১৫ কোটি টকাৰ পৰা ১.৫ ট্ৰিলিয়ন…

ভেকছিন নলয় : অষ্ট্ৰেলিয়া এৰিব লাগিব টেনিছ তাৰকা জকোভিচে

বিশ্ববিখ্যাত টেনিছ খেলুৱৈ নোভাক জকোভিচৰ কেইদিনমানৰ পাছতেই অষ্ট্ৰেলিয়াৰ ভিছাৰ ম্যাদ শেষ হ’ব। তাৰ পিছতেই অষ্ট্ৰেলিয়া এৰিব লাগিব নোভাক জকোভিচে। ক’ভিড টিকাকৰণ নকৰাৰ বাবেই অষ্ট্ৰেলিয়াই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জকোভিচৰ ভিছা আবেদন নাকচ কৰে। জকোভিচে ভিছা আৱেদন নাকচ সন্দৰ্ভত আদালতত আপীল…

ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য

ন-ন আৱিষ্কাৰৰ ক্ষেত্রত বিশ্বৰ ভিতৰত চৰ্চাত থাকে চীন। এইবাৰ ৰঙা চীনে আৱিষ্কাৰ কৰিলে কৃত্রিম সূৰ্য। আচল সূৰ্যতকৈ ৫ গুণ শক্তিশালী কৃত্রিম সূৰ্যৰ তাপমাত্রা  ৭০ নিযুত ডিগ্রী ছেলছিয়াছ। উৎক্ষেপণৰ পাছত ১৭ মিনিট ৩৬ ছেকেণ্ড সময়ৰলৈকে তাপমাত্ৰা ধৰি ৰাখিছিল কৃত্ৰিম সূৰ্যটোৱে। ১০…

মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

আমেৰিকাৰ এখন চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা হয়। সোমবাৰে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিকিৎসক…

তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু

পাকিস্তানত এক ভয়ংকৰ ঘটনা। পাকিস্তানৰ মুৰীত প্ৰৱল তুষাৰপাতত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু হয়। এটা পাহাৰীয়া ষ্টেচনত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে পাকিস্তান প্ৰশাসনে। উল্লেখ্য যে,  ষ্টেচনত প্ৰায় ১০০০ খন গাড়ী বৰফত আৱদ্ধ হৈ আছে।