সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা। সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ছানিয়া মিৰ্জাই। ৩৫ বছৰীয়া মিৰ্জাই ২০২২ বৰ্ষৰ শেষৰফালে অৱসৰ গ্ৰহণ কৰিব।  অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছতেই অৱসৰৰ কথা ঘোষণা কৰে টেনিছ খেলুৱৈগৰাকীয়ে। ছানিয়াই অৱসৰ ঘোষণা কৰি কয়, “যিহেতু মোৰ বয়স হৈছে সেইবাবে মই সুস্থ হৈ উঠাত বহুত সময় লাগে। মই ভাবো মোৰ শৰীৰ এতিয়া সম্পূৰ্ণ ফিট হৈ থকা নাই, মাতৃ হিচাপে এতিয়া মই মোৰ দায়িত্ব পালন কৰি যাব বিচাৰোঁ।”

Leave A Reply

Your email address will not be published.