সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিমান বন্দৰত ৫ জি সেৱা : আমেৰিকালৈ বিমানৰ উৰণ বন্ধ কিয় ?

আমেৰিকাত আৰম্ভ হোৱা ৫ জি সেৱাৰ বাবে বিমান যাত্ৰী আৰু বিমান সেৱা কোম্পেনীসমূহৰ মাজত হাহাকাৰ লাগিছে ৷ ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশে আমেৰিকালৈ যোৱা বিমানসেৱা স্থগিত ৰাখিছে ৷ যাৰ বাবে বিমানযাত্ৰা ব্যাহত হৈ পৰিছে ৷
পি টি আইৰ বাতৰি অনুসৰি এয়াৰ ইণ্ডিয়াৰ লগতে কেবাটাও ইন্টাৰনেশ্যনেল এয়াৰলাইনছ কোম্পেনীয়ে বুধবাৰে আমেৰিকালৈ যোৱা বিমানসেৱা বন্ধ ৰাখিছে ৷ বিমান কোম্পনীসমূহে আপত্তি কৰা মতে ৫ জি ফোন সেৱাৰ ছিগনেলে বিমানৰ নেভিগেশ্যন চিষ্টেমৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৷ সেইবাবেই আমেৰিকালৈ বিমানৰ উৰণ বন্ধ ৰখা হৈছে ৷
বুধবাৰৰ পৰা আমেৰিকাৰ কেবাটাও বিমানবন্দৰত ৫ জি সেৱা আৰম্ভ হৈছে ৷

Leave A Reply

Your email address will not be published.