ভেকছিন নলয় : অষ্ট্ৰেলিয়া এৰিব লাগিব টেনিছ তাৰকা জকোভিচে

Share This Article

বিশ্ববিখ্যাত টেনিছ খেলুৱৈ নোভাক জকোভিচৰ কেইদিনমানৰ পাছতেই অষ্ট্ৰেলিয়াৰ ভিছাৰ ম্যাদ শেষ হ’ব। তাৰ পিছতেই অষ্ট্ৰেলিয়া এৰিব লাগিব নোভাক জকোভিচে। ক’ভিড টিকাকৰণ নকৰাৰ বাবেই অষ্ট্ৰেলিয়াই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জকোভিচৰ ভিছা আবেদন নাকচ কৰে। জকোভিচে ভিছা আৱেদন নাকচ সন্দৰ্ভত আদালতত আপীল কৰিছিল। কিন্তু বিচাৰপীঠসকলে এই সন্দৰ্ভত জকোভিচৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। আদালতৰ সিদ্ধান্তই অষ্ট্ৰেলিয়ান অপেন টেনিছত খেলিবলৈ আৰু তেওঁৰ অভিলেখ ২১ তম গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাৰ সপোন ভাঙি পেলাইছে। সিদ্ধান্তটোৰ সন্দৰ্ভত জকোভিচে কয় যে, তেওঁৰ বাবে এইয়া অতি হতাশাজনক খবৰ কিন্তু মই আদালতৰ সিদ্ধান্তক সন্মান জনাইছোঁ। এক বিবৃতিত জকোভিচে কয়, তেওঁ দেশৰ পৰা বিতাড়নসন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.