শ্ৰেণী ৰাজ্য

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰিছে একাংশ ব্যক্তিগত কোচ্চিং চেণ্টাৰৰ ভূমিকা৷ ঠিক একে সময়তে ‘নীট’ৰ…

যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ

ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয় পতাকাৰ বাহিৰে নিৰ্বাচনৰ কোনো পৰিৱেশেই নাই। ই…

চৰম প্ৰৱঞ্চনাঃ প্ৰধানমন্ত্ৰীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

পেকেজৰ নামত প্ৰতাৰণা। ২০১৭ ৰ ১ আগষ্টত উত্তৰ পূৱৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।

মিছন বসুন্ধৰা সফল হ’বলৈ কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ক

চৰকাৰৰ মাটি সম্পৰ্কীয় নীতি ব্যৱস্থাই সমগ্ৰ অসমৰ কৃষক শ্ৰেণীৰ বাবেই ভয়াৱহ ভবিষ্যতৰ আগজাননী৷ ই মানুহৰ মাটিৰ অধিকাৰৰ হকে মাত মাতিবলৈ থকা সকলোবোৰ গণতান্ত্ৰিক পথ বন্ধ কৰি দিব

যুক্তিবাদী শ্বহীদ জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাখাতত ‘যুক্তি দিৱস’ উদযাপন

যুক্তি বিকাশ সমিতি, অসম, ইলোৰা বিজ্ঞান মঞ্চৰ বোকাখাত শাখা আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাত জাতীয় বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে যুক্তি দিৱস উদযাপন কৰা হয়। যুক্তি-বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায়…

গিৰিমল্লিকা শইকীয়ালৈ নুমলী হাজৰিকা সোঁৱৰণী ‘গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪’

প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা আৰু উজনি অসমত সেউজ বিপ্লৱ গঢ়ি তোলা উজনি অসমৰ অন্যতম বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন গ্রাছ, বোকাখাতৰ (গ্ৰীণ ৰিভলিউশ্যনেৰী এডমায়াৰেবল চিৰিণ চ’ছাইটি) উদ্যোগত আৰু বোকাখাতৰ প্ৰায় ২০ টা মহিলা সংগঠনৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে আন্তৰ্জাতিক নাৰী…

অসম কন্যা মধুস্মিতাৰ সাফল্যঃ JEE মেইনচত ছাত্ৰীৰ ভিতৰত তৃতীয় স্থান দখল

অসমৰ বাবে এক গৌৰৱৰ ক্ষণ।পুনৰ এবাৰ ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত হ’ল যে অসমত প্ৰতিভা তথা কৃতিমানৰ অভাৱ নাই। শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে প্ৰমাণ কৰি দেখুৱালে যে চেষ্টা কৰিলে অসাধ্য বুলি একো নাই। ২০২৪চনৰ IIT জে ই ই মেইনচ…

প্ৰতিদিনে অসমে লৈছে ৫৯ কোটিৰ ঋণ হেলিকপ্তাৰত প্ৰতিদিনে ব্যয় ৬ লাখ টকা

ৰাজ্যখনক ঋণত ডুবাই অসম চৰকাৰে কৰা হেলিকপ্তাৰ বিলাসিতাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসম বিধানসভাৰ মজিয়াত । বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ বিপৰীতে অসম চৰকাৰে দাখিল কৰাৰ তথ্যৰ পৰাই উন্মোচন হৈছে ৰাজ্যৰ অৰ্থনীতিৰ ফোপোলা স্বৰূপ । এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে…

আপাদমস্তক দুৰ্নীতিত নিমজ্জিত এপেক্স বেংক : ৰিজাৰ্ভ বেংকলৈ লিখা পত্ৰত বিস্ফোৰক অভিযোগ 

আপাদমস্তক দুৰ্নীতিত পোত খাই পৰিছে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেড । বেংকটোৰ শ্বেয়াৰ হোল্ডাৰ আৰু কেইবাগৰাকীও গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য প্ৰবন্ধকলৈ লিখা পত্ৰত উন্মোচন হৈছে বেংকটোৰ ভিতৰচ’ৰাত সংঘটিত এটাৰ পাছত আনটো অনিয়মৰ বিস্ফোৰক তথ্য ।…

বৰপেটা লোকসভা সমষ্টিত বিজয়ৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ

নলবাৰী জিলাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে তৃণমূল কংগ্ৰেছ দল। জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা ব্লক সমিতি গঠন কৰি দলটোৱে সাংগঠনিক ভেটি মজবুত কৰি তুলিছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাৰ নেতৃত্বত দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা…