হিন্দু-মুছলমান নহয়, এইবাৰ বৰাক-ব্ৰহ্মপুত্ৰৰ ৰাজনীতি

Share This Article

অসম চুক্তিৰ ৬ নং দফাক লৈ গঠিত কমিটীৰ প্ৰতিবেদন গ্ৰহ নকৰিলে কেন্দ্ৰৰ গৃহ বিভাগে৷ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায় কৰিম বুলি কৈও শেষত মূৰপোলোকা মাৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে৷ তাৰ বিপৰীতে অসম চৰকাৰে এই প্ৰতিবেদনৰ ৪০ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু তাৰ পূৰ্বেই মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – অসম চুক্তিৰ ৬ নং দফাৰ পৰা বাহিৰত থাকিব বৰাক উপত্যকা৷


মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ভাষাৰে কৈছে বৰাক উপত্যকাত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ৰ কোনো অৱকাশ নাই৷ ইয়াৰ পাছতেই প্ৰশ্ন উঠিছে – বৰাক উপত্যকা অসমৰ নহয় নেকি? বৰাক উপত্যকাত নাই নেকি অসমীয়া? বৰাকৰ খিলঞ্জীয়াই কিয় নাপাব সুৰক্ষা?


ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীয়ে দাখিল কৰা অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কীয় প্ৰতিবেদনৰ ৯৭ নং পৃষ্ঠাত উল্লেখ থকা অনুসৰি বিপ্লৱ শৰ্মা কমিটীয়ে ২০১৯ চনৰ ১৫ আৰু ১৬ নৱেম্বৰত শিলচৰ আৱৰ্ত ভৱনত কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সংগঠন আৰু ৰাইজৰ মতামত গ্ৰহণ কৰিছিল৷ এই আলোচনাত কেৱল ব্যক্তিয়েই নহয়, বৰাক ভেলী ডিমাছা ইণ্ডিজিনিয়াছ পিপ’লছ ফ’ৰাম, চিটিজেন ৰাইটছ প্ৰটেকছন ক’ অৰ্দিনেশ্যন কমিটী, বৰাক ভেলী ইণ্ডিজেনিয়াছ পিপ’লছ প্ৰটেকশ্যন কমিটী, ৰংমে নাগা ইণ্ডিজিনিয়াছ পিপ’লছ প্ৰটেকশ্যন কমিটী, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভা, মাৰ ইণ্ডিজিনিয়াছ পিপ’লছ ফ’ৰাম, বৰাক উপত্যকা মাতৃভাষা সুৰক্ষা সমিতিকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহ কৰি নিজৰ নিজৰ দাবী উত্থাপ কৰিছিল৷ পৃষ্ঠা ১১৪ত সন্নিৱিষ্ট এই দাবীসমূহৰ ভিতৰত আছিল শিলচৰ ৰেলৱে ষ্টেচনৰ নাম কছাৰী ৰজা গোবিন্দৰ নামেৰে নামকৰণ কৰা, শিলচৰ ছোৱালী মহাবিদ্যালয় কছাৰী ৰাণী ইন্দুপ্ৰভাৰ নামেৰে নামকৰণ কৰা, শিলচৰ মেডিকেল কলেজ আৰু শিলচৰ বিমানবন্দৰ প্ৰাক্তন মন্ত্ৰী মইনুল হক চৌধুৰীৰ নামেৰে নামকৰণ কৰা ইত্যাদি৷ ইয়াৰ বাহিৰেও বৰাক উপত্যকাৰ পৰাই উত্থাপ হৈছিল অনেক ৰাজনৈতিক দাবীও৷ বৰাকৰ খিলঞ্জীয়া সংগঠনে বৰাক উপত্যাকাৰ দুয়োখন লোকসভাৰ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰাৰ দাবী উত্থাপ কৰিছিল৷ কিন্তু বৰাক উপত্যকাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰৰ প্ৰসংগক পোনছাটেই নাকচ কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে বৰাক উপত্যকাত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ কোনো অৱকাশ নাই৷ তাৰ পাছতেই এই প্ৰশ্নও উত্থাপ হৈছে যে বৰাক উপত্যকাৰ খিলঞ্জীয়া জনতাৰ প্ৰতি দায়বদ্ধতা নাই নেকি অসম চৰকাৰৰ? অসম চুক্তিৰ আওতাত নপৰে নেকি বৰাক উপত্যকা? বৰাক উপত্যকা অসমৰ অংগ নহয় নেকি? নে বৰাক উপত্যকাত বহিৰাগতৰ ওচৰত আত্মসমৰ্পন কৰিলে অসম চৰকাৰে? অসম চুক্তিৰ ৬ নং দফাক লৈ বৰাক উপত্যকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ পাছতেই চৌদিশে আৰম্ভ হৈছে এই চৰ্চা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.