নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ

২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷

অসম বিধানসভাত গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ অধিনিয়ম(দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪৷ এই সংশোধনীৰ জৰিয়তে অসমৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ প্ৰথমাৱস্থাত উল্লেখ কৰা অনুসৰি, ঐতিহাসিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত সেই অঞ্চলত তিনিটা প্ৰজন্ম বাস কৰা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব৷ কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনতে এই নিষেধাজ্ঞা বলবৎ হ’ব৷ কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ আপত্তিৰ দোহাই দি মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ল৷ তাৰপাছতেই পোহৰলৈ আহিছে বাহিৰা মানুহৰ ভূমি ক্ৰয় নিষিদ্ধ হ’বলগীয়া মাজুলীত আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই ভূমি ক্ৰয় কৰাৰ তথ্য। দ্য ক্ৰছকাৰেণ্টৰ হাতত পৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰিত্ব থকা একা ইষ্টেটছ এল এল পিৰ নামত এই ভূমি ক্ৰয় কৰা হৈছে৷


অসম চৰকাৰৰ ভূমি অভিলেখাগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২ আৰু ২০২৩ চনত দুটা পৰ্যায়ত মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা মাটি মাজুলীত ক্ৰয় কৰিছে৷ ইয়াৰে প্ৰথম পৰ্যায়ত, ২০২২ চনৰৰ ১৮ মে’ত মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ক্ৰয় কৰিছে মুঠ ১৭ বিঘা ৩ কঠা ১৮ লেচা কৃষিভূমি৷ টটয়া গাঁৱৰে সুনীল নেওগ, ভবানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্ৰ নেওগ, মিনাক্ষী নেওগ, প্ৰফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা এই ১৭ বিঘা ৩ কঠা ১৮ লেচা মাটি ৰিণিকি ভূঞা শৰ্মাই একা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে৷ এই মাটিখিনিৰ দাগ নং ১৪৯৭ আৰু পট্টা নং ১৪২২৷


দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই একেখন গাঁৱৰে নাৰায়ণ পাচনীৰ পৰা ক্ৰয় কৰিছে ১ বিঘা ১৬ লেচা মাটি৷ মাটিখিনিৰ দাগ নং ১০২৫ আৰু পট্টা নং ২৯৪। ২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷

উল্লেখ্য যে মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় কৰা একা ইষ্টেটছ এল এল পি হ’ল এটা ৰিয়েল ইষ্টেট কোম্পানী৷ যিটো গঠন হৈছিল ২৫ ডিচেম্বৰ, ২০২০ত৷ এই কোম্পানীত ৰিণিকি ভূঞা শৰ্মাৰ সৈতে অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ৷
উল্লেখ্য যে, অসম ভূমি আৰু ৰাজহ অধিনিয়ম(দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ২৫০ বছৰ পুৰণি প্ৰত্নতাত্বিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যসাৰ্ধত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় বন্ধ কৰা হৈছে৷ কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনৰ ক্ষেত্ৰতে এই নিষেধাজ্ঞা বলবৎ হ’ব৷ তিনিটা প্ৰজন্ম ধৰি মাজুলীত বাস কৰা লোকেহে এতিয়াৰ পৰা মাজুলীত মাটি কিনা বেচা কৰিব পাৰিব৷ মাজুলীৰ দলংখন হোৱাৰ পাছত মাজুলীত বহু ব্যৱসায়িক ঔদ্যোগিক প্ৰতিষ্ঠান গৈ তাৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব পাৰে। যাৰ বাবে মাজুলীৰ ক্ষেত্ৰত এই ব্যতিক্ৰম ব্যৱস্থাৰ সংযোজন কৰা হৈছে৷ কিন্তু শেষত দেখা গ’ল যে মাজুলীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য কৰা নহ’ল। চৰ্চা চলিছে যে বৰ্তমানেও মাজুলীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি ক্ৰয় অব্যাহত আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা বাবেই সদ্যহতে মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। অহা নৱেম্বৰৰ পৰা মাজুলীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296