শ্ৰেণী ৰাজ্য

সৌৰশক্তি চালিত যঁতৰৰ উদ্ভাৱন

শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ নতুন উদ্ভাৱন।বৈদ্যুতিক তথা সৌৰশক্তি চালিত যঁতৰ উদ্ভাৱন কৰি চমক সৃষ্টি অভিজিতৰ।জোনবাই ৰিচাৰ্জেব’ল এল ই ডি বাল্বৰ পিছত এইবাৰ জোনবাই যঁতৰ। মাত্ৰ চুইচ টিপিলেই ববিনত মেৰ খাব সূতা।হয়, এতিয়াৰে পৰা শিপিনী সকলে হাতেৰে পৰিশ্ৰম কৰি সূতা…

উচ্ছেদিতৰ ৰণচণ্ডী ৰূপ বুঢ়াচাপৰিত

বুঢ়াচাপৰিৰ উচ্ছেদিতৰ হাতত প্ৰহৃত বনকৰ্মী।ভাঙিলে বুলডজাৰ।জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।এতিয়াও উত্তেজনা মাৰ যোৱা নাই বুঢ়াচাপৰি অভয়াৰণ্যত।বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰি বন শিবিৰ এলেকাত সোমবাৰে সংঘটিত হ’ল এই ঘটনা !বনশিবিৰটোৰ দুজনকৈ বনকৰ্মীৰ লগতে এক্সেভেটৰৰ চালকক আক্ৰমণ কৰিলে উচ্ছেদিত জনতাই।আহত হ’ল…

বেলি ফুলেৰে আকাশ স্পৰ্শ কৰাৰ মন ৰীণাৰ

বেলি ফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন বকলীয়াঘাট হাতীপুৰাৰ এগৰাকী কাৰ্বি জনজাতীয় মহিলাৰ । নাম তেওঁৰ ৰীণা বে’পী ।কেৱল পাকঘৰতে আৱদ্ধ নাথাকি ৰীণা এতিয়া সকলোৰে বাৱে আদৰ্শ কৃষক । নিজৰ লৰা ছোৱালীৰ আলৈ আহুকাল মাৰিও বেলি ফুলৰ খেতিত নিজকে ব্যস্ত কৰি…

ভাইৰেল মৃত মহিলাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ সেনাবিষয়া

তেজপুৰত অৱস্থিত সেনা বাহিনীৰ ফ’ৰক’ৰৰ জনসম্পৰ্ক ৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।হত্যাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেনাবাহিনীৰ এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়াক। লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। সেনা বাহিনীৰ বিষয়াগৰাকীক শুকুৰবাৰে চাংসাৰি আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত তেজপুৰৰ পৰা গ্ৰেপ্তাৰ…

কিনা পানী খায় অসুস্থ খেলুৱৈ

সকলো পেকেজ ড্ৰিংকিং ৱাটাৰৰ পানী বিশুদ্ধ নে ? ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে পেকেজ ড্ৰিংকিং ৱাটাৰৰ প্লেন্ট।গুণগত মান নথকা প্লেন্টৰ পানী খাই অসুস্থ হ’বলগীয়া হৈছে অসংখ্য লোক।কৰিমগঞ্জৰ ৰাম কৃষ্ণ বিদ্যানগৰত স্থাপন হোৱা এটা প্লেন্টৰ পেকেটিং পানী খাই অসুস্থ হৈ পৰিল…

বড়ো সাহিত্য সভাত গ্ৰন্থ উন্মোচন

বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনত শনিবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা ।এই সভাতেই ৪০ খনতকৈ অধিক গ্ৰন্থৰ উন্মোচন কৰা হয়।গ্ৰন্থ উন্মোচনী সভাত সাহিত্য একাডেমীৰ সদস্য দিগন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।অসমীয়া , বড়ো , বাংলা গুজৰাটী আদিকে ধৰি আধুনিক আঞ্চলিক ভাৰতীয়…

মছজিদৰ বাবে ভূমি দিলে হিন্দুৱে

মঙলদৈত সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন।এটা হিন্দু পৰিয়ালে মছজিদৰ নামত দান কৰিলে কোটি টকীয়া ভূমি।অলিখিত ভাবে ককা আইতাই মছজিদৰ নামত দান কৰা ভূমিৰ কাগজ পত্ৰৰ কাম কৰি দিলে নাতি নাতিনীয়েকে।৯০ বছৰ ধৰি মাটিৰ খাজনা দি আহিছিল মাটিৰ গৰাকী হিন্দু পৰিয়ালটোৱে।মঙলদৈত ধৰ্মীয় অসহিষ্ণুতাৰ…

মৃত মাতৃক সাৱটি হিয়া ঢাকুৰিছে এটি বান্দৰে

মাতৃস্নেহ সকলোৰে থাকে৷সেয়া লাগিলে মানুহেই হওক বা আন জীৱজন্তু !মাতৃক হেৰুৱাই মৃতদেহ সাৱটি কন্দা এটা বান্দৰৰ পোৱালিৰ হৃদয়বিদাৰক দৃশ্যই সকলোকে এবাৰলৈ হ’লেও বাকৰুদ্ধ কৰি তুলিলে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ কাকৈজানাত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কান্দিছে এটি কণমানি সোনালী বান্দৰৰ পোৱালিয়ে।বঙাইগাঁৱৰ কাকৈজানাত খাদ্যৰ…

আকাশ চোৱাৰ সপোন দেখা দিগন্তক শেষ বিদায়

অশ্ৰুশিক্ত নয়নেৰে চিৰ বিদায় টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাক।আজি পুৱা মোহনবাৰী বিমান বন্দৰত হায়দৰাবাদৰ পৰা অনা বৰাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শ্ৰদ্ধাঞ্জলি যাত্রা কৰি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়লৈ অনা হয়।চকুত অযুত সপোন লৈ সুদূৰ হায়দৰাবাদলৈ অসম দলৰ মুখ্য প্ৰশিক্ষক হিচাপে যোৱা…

মগজু নখটুৱাৰ ফল পালে বিষয়াই

অসমৰ এগৰাকী ৮৫ বছৰীয়া গোৰ্খা ব্যক্তিক নিৰ্বাচনী বিষয়াই অবৈধ অনুপ্ৰৱেশকাৰী বুলি জাননী প্ৰেৰণ কৰি বিগত বছৰবোৰত তেওঁক হাৰাশাস্তি কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হ’বলগীয়া হৈছে।উল্লেখ্য যে অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাবে গণ্য কৰা হয় আৰু…