শ্ৰেণী ৰাজ্য

মাছত বিহ !

বৰপানী নদীত বিহ ঢালি মাছৰ নিধন ৷ দুষ্ট চক্ৰক আটক কৰাৰ দাবী ৷নগাওঁ জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীত একাংশ দুষ্ট চক্ৰই নিশা গোপনভাবে বিহ ঢালি নানান প্ৰজাতি মাছ নিধন কৰাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কাৰ্বি লাংপি হাইড্ৰ’প্ৰজেক্টৰ পৰা…

ডবকা -যমুনামুখ পথ মেৰামতিৰ দাবী

ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আজি তাৰ স্থানীয় জনতাই।বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানে পথছোৱাৰ বহু ঠাই উঠুৱাই নিয়াৰ ফলত পথচাৰীৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।ফলত আজি এইদৰে অঞ্চলবোৰৰ ৰাইজে হাতে হাতে প্লে কাৰ্ডলৈ বিধায়ক…

কঠীয়াতলীত ৰন্ধন প্ৰতিযোগিতা

কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ৰ মাজত প্ৰধান মন্ত্ৰী পোষণ আঁচনিৰ অধীনত ৰন্ধন কৰ্মীৰ মাজত ৰন্ধন প্ৰতিযোগিতা। নগাঁও জিলাত সৰ্বপ্ৰথম নিজকঠীয়াতলী কেন্দ্ৰৰ লগতে খাগৰিজান শিক্ষা খণ্ডৰ এটা মণ্ডল সমল কেন্দ্ৰত আজি এই আঁচনিৰ অধীনত ৰন্ধন…

উচ্ছেদৰ তালিকা দীঘলীয়া,ক’ত হ’ব উচ্ছেদ?

শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকো বিলৰ উচ্ছেদৰ প্ৰসংগত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলৰ টুইটে লগাইছে হাহাকাৰ।শিলসাঁকো বিলত চলিব পুনৰ উচ্ছেদ’।শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকোৰ ১৭ টা প্ৰতিষ্ঠান উচ্ছেদ কৰা হ’ব।চৰকাৰে অধিগ্ৰহণ…

অসমৰ সাংসদক আক্ৰমণ ত্ৰিপুৰাত

নিৰ্বাচনৰ পাছত ত্ৰিপুৰাত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত কংগ্ৰেছৰ এটা দল উপস্থিত হৈছেগৈ ।কংগ্ৰেছ আৰু বাওঁ দলৰ সদস্যৰ এই গোটটো চেপাহীজালা জিলাত আক্ৰমণৰ সন্মুখীন হয়। আৰক্ষীয়ে এই আক্ৰমণ কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা বুলি দাবী কৰাৰ বিপৰীতে অসমৰ…

মহিলাৰ টি ২০ শিৱসাগৰত

শিৱসাগৰত মহিলা টি২০ ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।গ্ৰীফন ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত স্থানীয় দৰবাৰ খেলপথাৰত আজিৰে পৰা ১২ মাৰ্চলৈ ‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’আমন্ত্ৰণমূলক প্ৰাইজমণি মহিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে।প্ৰথমবাৰৰ বাবে শিৱসাগৰত আয়োজিত প্ৰতিযোগিতাখনিত ঘৰুৱা দল শিৱসাগৰকে ধৰি…

গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে !

আৰক্ষী চকীৰ ভিতৰত অভিযুক্তক পাশবিক অত্যাচাৰৰ অভিযোগ।যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ দুজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল । যোৰহাটৰ চিনামৰা এজন যুৱক নাম জুমন বৰা।যুৱক জনৰ বিৰূদ্ধে পূৰ্বে আছিল বহু অভিযোগ ।আলফাৰ সন্দেহত জে’ললৈ যাব লগা…

হত্যাকাৰীক দিয়ক কঠোৰ শাস্তি

বঙাইগাঁও জিলাৰ যোগীঘোপাত তাৰিনী দাসৰ হত্যাকাৰী কৃষ্ণ শীলৰ কঠোৰ শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।যোগীঘোপাৰ পালপাৰাস্থিত দৌলগোবিন্দ মন্দিৰৰ সন্মুখত শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পাল্লীৰ তল পালপাৰাত দৌল গোবিন্দ মন্দিৰ পূজাস্থলীত ৯ মাৰ্চত সংঘটিত হৈছিল লোমহৰ্ষক…

অসমৰ চৰকাৰী ভূমি আবণ্টন আৰু বেদখলৰ আন এটা বিস্ফোৰক খবৰ

পুঁজিপতিৰ দখলত দুখীয়াৰ মাটিৰ আন এক ক’লা অধ্যায় আপোনালোকক আমি এই প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। যিসময়ত এফালে চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিছে অসমত, আনফালে আকৌ ৰয়েল গ্ল’বেলৰ দখলত ভূদান বোৰ্ডৰ ভূমিকা লৈ নিৰ্বিকাৰ চৰকাৰ-প্ৰশাসন। কিন্তু অশোক পানচাৰীৰ দখলৰ ভূমি বেদখলমুক্ত…

ক’ত হেৰাল অসম পুলিচ?

মহাৰাষ্ট্ৰৰ বিধায়কে অসমক অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰিপুণ বৰাৰ ।ৰিপুণ বৰাৰ প্ৰশ্ন – ‘কিয় শুই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?”বাল্য বিবাহ দেখা পোৱা , নিৰপৰাধী লোকৰ ঘৰত বুলড’জাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে দেখুৱাওক মহাৰাষ্ট্ৰৰ বিধায়কৰ ওপৰত বীৰত্ব’ ‘কোনো এখন ৰাজ্যৰ…