মাছত বিহ !

বৰপানী নদীত বিহ ঢালি মাছৰ নিধন ৷ দুষ্ট চক্ৰক আটক কৰাৰ দাবী ৷নগাওঁ জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীত একাংশ দুষ্ট চক্ৰই নিশা গোপনভাবে বিহ ঢালি নানান প্ৰজাতি মাছ নিধন কৰাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।কাৰ্বি লাংপি হাইড্ৰ’প্ৰজেক্টৰ পৰা বৈ অহা বৰপানী নদীখনৰ ঠায়ে ঠায়ে বহু মাছ ব্যৱসায়ীয়ে বনবিভাগৰ পৰা নিবিদাৰ যোগেদি ডাকত লৈ নদীত জেং পেলাই মাছৰ সংৰক্ষন কৰি আহিছে । প্ৰতি বছৰেই নদীখনৰ পৰা বুজন পৰিমানৰ ৰাজহ চৰকাৰে পাই আহিছে । লক্ষ্যণীয় কথাটো হল মাধৱপাৰা, ৰমনীপথাৰ, পণ্ডিতঘাট, শিলডুবিকে আদি কৰি বহু ঠাইৰ দুষ্টচক্ৰই নিশাৰ অন্ধকাৰত ইণ্ডিন জাতীয় মাৰাত্মক বিষ নদীত ঢালি মাছৰ নিধন চলাই যদিও প্ৰশাসনে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে ।বিহ ঢালি দিয়াৰ লগে লগে সৰু ডাঙৰ মাছ তৎক্ষনাৎ মৰি ভাঁহি যায় । মাছ মৰি গেলি যোৱাত দুৰ্গন্ধই নৈ পৰীয়া লোকক ভীষণ সমস্যাত পেলাইছে । দুষ্ট চক্ৰটোক কৰায়ত্ত নকৰিলে বৰপানী নদীখন মাছ বিহীন হ’বলৈ বেছি দিন নালাগে বুলি প্ৰকৃতিপ্ৰেমী মহলে দাবী কৰিছে । সেয়েহে উল্লেখিত অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ যোগেদি দুষ্টচক্ৰটোৰ সদস্য কেইটাক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ লগতে বৰপানী নদীৰ মাছ সংৰক্ষন কৰিবলৈ কচুৱা প্ৰেছ ক্লাৱ, কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাকে আদি কৰি প্ৰকৃতিপ্ৰেমী নানান দল সংগঠনে প্ৰশাসনক দাবী জনাইছে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296