কঠীয়াতলীত ৰন্ধন প্ৰতিযোগিতা

Share This Article

কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত নিজকঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ ১১ খন বিদ্যালয়ৰ মাজত প্ৰধান মন্ত্ৰী পোষণ আঁচনিৰ অধীনত ৰন্ধন কৰ্মীৰ মাজত ৰন্ধন প্ৰতিযোগিতা। নগাঁও জিলাত সৰ্বপ্ৰথম নিজকঠীয়াতলী কেন্দ্ৰৰ লগতে খাগৰিজান শিক্ষা খণ্ডৰ এটা মণ্ডল সমল কেন্দ্ৰত আজি এই আঁচনিৰ অধীনত ৰন্ধন কৰ্মীৰ মাজত প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হয়। কঠীয়াতলী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নীৰু বৰা আৰু খণ্ড সমল ব্যক্তি ৰতন দাসৰ উদ্যোগত মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক লম্বিত দলে আৰু কুকিল দাসৰ নেতৃত্বত প্ৰতিযোগিতা সম্পূৰ্ণ হয়। প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে কঠীয়াতলী স্বাস্থ্য খণ্ডৰ কাউঞ্চিলৰ আৰাধনা বৰুৱা, জিলা প্ৰধানমন্ত্ৰী পোষণ আঁচনি বিষয়া নয়নমণি দাস, ডায়েট ক’অৰ্ডিনেটৰ মল্লিকা ইংহিপী, আৰু প্ৰাক্তন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তথা সাংবাদিক সমাজ সেৱক ঘনকান্ত বৰা। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিজকঠীয়াতলী বালিকা প্ৰাথমিক, নিজকঠীয়াতলী আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু আহুতলী প্ৰাথমিক বিদ্যালয়ে। বিজয়ী কৰ্মী সহায়িকা সকলক প্ৰশস্তি পত্ৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.