দীনদয়াল কলেজক লৈ টনাআঁজোৰা

পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদ। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ ৰাজপথ।শিক্ষা প্ৰতিষ্ঠান স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদত নামি পৰিছে শ শ জনতা। উত্তাল কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰৰ ৰাজপথ। বহুবছৰ পৰা পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ পাঠদান চলি আহিছে কাটলিছৰা সমষ্টিৰ অন্তৰ্গত সুলতানি অঞ্চলত। কিন্তু একাংশ ৰাইজৰ দাবী সুলতানি অঞ্চলত নহয়, পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ বিল্ডিং নির্মাণ হ’ব লাগে কাটলিছৰা সমষ্টিৰ অন্তৰ্গত মনিপুৰ অলৈছৰা অঞ্চলত। ইতিমধ্যে চৰকাৰে প্ৰায় ১২ কোটি টকা শৰাধ কৰিছে পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ বিল্ডিং নির্মাণৰ বাবে। এই প্ৰতিবাদী সভাৰ পৰা নেতা সকলক সকীয়াই দিয়ে যে আগন্তুক দিনত তেওঁলোকে পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজক লৈ যাতে ৰাজনীতি নকৰে। এতিয়া লক্ষ্যণীয় প্ৰশ্ন হ’ল কত নিৰ্মাণ কৰা হ’ব পণ্ডিত দীনদয়াল উপাধ্যায় মডেল ডিগ্রী কলেজৰ বিল্ডিং সুলতানি নে মনিপুৰ?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296