গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে !

Share This Article

আৰক্ষী চকীৰ ভিতৰত অভিযুক্তক পাশবিক অত্যাচাৰৰ অভিযোগ।যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ দুজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল । যোৰহাটৰ চিনামৰা এজন যুৱক নাম জুমন বৰা।যুৱক জনৰ বিৰূদ্ধে পূৰ্বে আছিল বহু অভিযোগ ।আলফাৰ সন্দেহত জে’ললৈ যাব লগা হৈছিল যুৱক জন | ফেচবুকত লিখিও ৰঙা ঘৰৰ আলহী হৈছিল জুমন বৰা নামৰ যুৱকজন ।শেহতীয়াকৈ প্ৰেয়সীৰ লগত সংঘাত হোৱাৰ বাবেই চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্ৰৰঞ্জন বুঢ়াগোঁহাই আৰু এজন কনিষ্টবল আটক কৰি আনি থানাৰ ভিতৰতে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে ।আৰু বহু মিছা অভিযোগ আনি পুনৰ জেললৈ প্ৰেৰণ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ আনি জুমনৰ মাতৃ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে চিনামৰা সদৰ থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সহ দুজনৰ বিৰুদ্ধে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে । এই সম্পৰ্কত কিন্তু আৰক্ষীয়ে আৰক্ষীৰ ওপৰত ভূৱা অভিযোগ দিয়া বুলি অৱগত কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.