অসমৰ সাংসদক আক্ৰমণ ত্ৰিপুৰাত

Share This Article

নিৰ্বাচনৰ পাছত ত্ৰিপুৰাত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত কংগ্ৰেছৰ এটা দল উপস্থিত হৈছেগৈ ।কংগ্ৰেছ আৰু বাওঁ দলৰ সদস্যৰ এই গোটটো চেপাহীজালা জিলাত আক্ৰমণৰ সন্মুখীন হয়।
আৰক্ষীয়ে এই আক্ৰমণ কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা বুলি দাবী কৰাৰ বিপৰীতে অসমৰ পৰা যোৱা কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে এই আক্ৰমণ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যই কৰা বুলি উল্লেখ কৰি কয় ‘ আমাৰ ৩/৪ খন গাড়ীৰ ওপৰত আক্ৰমণ চলিছে।কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই৷আমি উপলব্ধি কৰিছোঁ যে ত্ৰিপুৰাত কোনো আইন নাই।’অৱশ্যে এই আক্ৰমণৰ ঘটনাত গোটটোৰ ৮ গৰাকী সদস্যৰ এগৰাকীও আহত হোৱা নাই বুলি উল্লেখ কৰে আইন শৃংখলা শাখাৰ সহকাৰী পৰিদৰ্শক জ্যোতিষ্মান দাস চৌধুৰীয়ে।চৌধুৰীয়ে কয় ‘ বিশালগড় জিলাৰ নেহালচন্দ্ৰ নগৰত আজি কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অবিহনে কংগ্ৰেছ দলৰ সাংসদ-বিধায়ক আৰু বাওঁ দলৰ সদস্য উপস্থিত হয়।তেওঁলোকৰ ভ্ৰমণৰ সময়ত কিছু দুৰ্বৃত্তই তেওঁলোকৰ গাড়ীলৈ লক্ষ্য কৰি শিলগুটি দলিয়ায়।আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সদস্য কেইজনক সুকলমে উদ্ধাৰ কৰে।’জ্যেষ্ঠ আৰক্ষী বিষয়াজনে জনাই যে এই ঘটনাটোৰ লগত জড়িত এজনক ইতিমধ্যে আটক কৰা হৈছে৷আন কেইগৰাকী সদস্যক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক টুইটাৰ আপডেটৰ জৰিয়তে কয় ‘ ত্ৰিপুৰাৰ মোহনপুৰ আৰু বিশালনগৰত কংগ্ৰেছৰ এটা গোট উপস্থিত হোৱাৰ পিছতে বিজেপিৰ একাংশ গুণ্ডাই তেওঁলোকক আক্ৰমণ কৰে।আৰক্ষীয়ে এই গুণ্ডাৰ বিৰুদ্ধে কোনো পদক্ষেপ নল’লে।কাইলৈ বিজেপিয়ে এক বিজয় যাত্ৰা উলিয়াব৷দলটোৰ এই জয়ৰ প্ৰধান পৃষ্ঠপোষক হ’ল হিংসা।’উল্লেখ্য যে অসম,পশ্চিম বংগ,কেৰালা আৰু তামিলনাডুৰ সাংসদৰ এটা গোটে নিৰ্বাচনৰ পাছত ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনা পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত উপস্থিত হৈছিল।CPI(M) নেতা ৰাখালে কয় যে লোকসভাৰ ৪ জন,ৰাজ্যসভাৰ ৩ জন সাংসদে নিৰ্বাচনী হিংসাজৰ্জৰ ৩ খন জিলা ভ্ৰমণৰ বাবে ত্ৰিপুৰালৈ গৈছিল ৷তাতেই তেওঁলোকৰ বাহনলৈ শিলগুটি দলিয়াই বিজেপিৰ গুণ্ডাবাহিনীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.