‘বিজ্ঞান’ৰ বাবেই জংকপংক !

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা লগত জড়িত সাত ছাত্ৰ ডিব্ৰুগড় আৰক্ষী জালত পৰিছে।সমগ্ৰ অসমত এতিয়ালৈকে ২২জনক গ্ৰেপ্তাৰ কৰা হৈছে।মাজ নিশা ডিব্ৰুগড় আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ছাত্ৰ কেইজন।মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰসংগত সোধ-পোচৰ বাবে ডিব্ৰুগড় সদৰ থানালৈ অনা হৈছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ অধ্যক্ষ নীলাঞ্জন বৰদলৈক।মাজ নিশালৈকে আৰক্ষী অধীক্ষকৰ লগতে উচ্চ আৰক্ষী বিষয়াই কৰিছে সোধ-পোচ ছল্ট ব্ৰুক স্কুলৰ অধ্যক্ষ গৰাকীক।আৰক্ষীয়ে অধ্যক্ষজনৰ পৰা ভিন্ন তথ্য সংগ্ৰহ কৰিছে।ৰাজ্যৰ ভিতৰতে আগশাৰীৰ বিদ্যালয় ছল্ট ব্ৰুক স্কুলৰ অধ্যক্ষ জনৰ পৰা ভিন্ন তথ্য সংগ্ৰহ কৰা পাছতে মাজ নিশা আৰক্ষীয়ে যাবলৈ দিয়ে অধ্যক্ষজনক।থানালৈ মাতি অনা হৈছে জিলা শিক্ষা বিভাগৰ বিষয়া গৰাকীকো।তেওঁলোকৰ পৰাও আৰক্ষীয়ে গ্ৰহণ কৰিছে ভিন্ন তথ্য।আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়া জাগুনৰ পৰা এজন আৰু গোগামুখৰ পৰা দুজন আৰু ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমী পৰা চাৰিজন ছাত্ৰক মাজ নিশা আটক কৰি সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াই।ইতিমধ্যে আটক কৰা ছাত্ৰ সকলৰ পৰা HSLC পৰীক্ষা প্ৰশ্ন কাকত ফাদিল হোৱা বহু তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে।জানিব পৰামতে পাকেপ্ৰকাৰে HSLC বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল কৰাত জড়িত এই ছাত্ৰ সকল।অংকুৰ দুৱৰা, অমন শ্বাহা, মৃন্ময় কোচ, চৰণ দলে, অমিত বৰুৱা, কিশোৰ চুক্ৰাং’ নামৰ এই ছাত্ৰ কেইজনক মাজ নিশা ডিব্ৰুগড় আৰক্ষীয়ে ভিন্ন স্থানৰ পৰা আটক কৰি জেৰা অব্যাহত ৰাখিছে।আৰক্ষী অধীক্ষক মতে আৰু বহু ছাত্ৰ জালত পৰাৰ সম্ভাৱনা আছে।বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ কেইবাটাও অভিযানকাৰী দলে এই দিশত অভিযান চলাই আছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296