Investigative reporting with dedication.

ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আজি তাৰ স্থানীয় জনতাই।বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানে পথছোৱাৰ বহু ঠাই উঠুৱাই নিয়াৰ ফলত পথচাৰীৰ লগতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।ফলত আজি এইদৰে অঞ্চলবোৰৰ ৰাইজে হাতে হাতে প্লে কাৰ্ডলৈ বিধায়ক ছিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।প্ৰতিবাদকাৰী সকলে ছিৰাজুদ্দিন আজমল মুৰ্দাবাদ, আমাক খেজুৰ নহয় ৰাস্তা লাগে ,বিধায়ক চাহাব দেখা দিয়ক , আমাৰ নমিনি নালাগে , গড়কাপ্তানি বিভাগ হায় হায় আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।উল্লেখ্য যে, ডবকা – যমুনামুখ সংযোগী গড়কাপ্তানি পথছোৱা যোৱা বানপানীয়ে ১৫/২০ ঠাইত ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে ৷ বাৰিষাৰ পূৰ্বে পথছোৱা মেৰামতি নকৰিলে যাতায়ত বন্ধ হৈ পৰাৰ সম্ভাৱনা নূই কৰিব নোৱাৰি।শীঘ্ৰে পথচোৱা মেৰামতিৰ দাবী জনাইছে ৰাইজে।




