মহিলা কেনেকৈ সৱল হ’ব ?

Share This Article

তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ (CSWSC), আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) আৰু জানিত্ৰীৰ যুটীয়া উদ্যোগত মহিলা সৱলীকৰণৰ এক বৈঠক তথা কৰ্মশালাৰ আয়োজন হয় বিগত সোমবাৰে।তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ আলোচনা কক্ষত ‘ মহিলা সৱলীকৰণ’ৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত জনিত্ৰীৰ মুখ্য কাৰ্যবাহী ড° ৰুমী বৰা,গুৱাহাটী ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ হিৰক ৰঞ্জন দাস,অসমৰ সভানেত্ৰী ঊষাৰাণী দেৱী,উপ-সভানেত্ৰী ছবি বৰুৱাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি মহিলা সকলে কেনেদৰে অৰ্থনৈতিক দিশত সবল হৈ নিজৰ, পৰিয়ালৰ, সমাজৰ তথা দেশৰ একোগৰাকী সবল মহিলা হিচাপে নিজকে প্ৰস্তুত কৰিব পাৰে এই বিষয়ে খুব সুন্দৰ আৰু বহল ভাৱ আলোচনা আগবঢ়ায়৷ তেজপুৰৰ নিবাসী মহিলা উদ্যোগপতি মনময়ুৰী দেৱীয়েও এই অনুষ্ঠানত উপস্থিত থাকি তেওঁৰ চাহ বাগানৰ ব্যৱসায়িক সফলতাৰ যাত্ৰাৰ বিষয়ে সদৰি কৰি মহিলা সকলক অনুপ্ৰাণিত কৰে । এই অনুষ্ঠানত এগৰাকী অগ্ৰণী তথা উদ্যোগী মহিলা ড° কস্তুৰী শৰ্মাক উক্ত মহিলা অধ্যয়ন কেন্দ্ৰৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ মহিলা অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা ড° মাধুৰিমা গোস্বামী আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক অধ্যাপক ড° ৰূপম কটকীৰ তত্বাৱধানত হোৱা আজিৰ অনুষ্ঠানত উপস্থিত অপৰাজিতা আৰু গ্ৰাম্য মহিলা সংস্থাৰ প্ৰায় ৭০ গৰাকী মহিলাই জনিত্ৰীৰ কাৰ্য ক্ৰমণিকাৰ শলাগ লোৱাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে আয়োজন কৰা এই মহৎ কাৰ্যৰ শলাগ লয় আৰু ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী বিচাৰি মত প্ৰকাশ কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.