উচ্ছেদিতৰ ৰণচণ্ডী ৰূপ বুঢ়াচাপৰিত

বুঢ়াচাপৰিৰ উচ্ছেদিতৰ হাতত প্ৰহৃত বনকৰ্মী।ভাঙিলে বুলডজাৰ।জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে।এতিয়াও উত্তেজনা মাৰ যোৱা নাই বুঢ়াচাপৰি অভয়াৰণ্যত।বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰি বন শিবিৰ এলেকাত সোমবাৰে সংঘটিত হ’ল এই ঘটনা !বনশিবিৰটোৰ দুজনকৈ বনকৰ্মীৰ লগতে এক্সেভেটৰৰ চালকক আক্ৰমণ কৰিলে উচ্ছেদিত জনতাই।আহত হ’ল বনকৰ্মী ক্ৰমে হেদায়ৎ উল্লাহ আৰু মাইনুল ইছলামৰ লগতে চালক শ্বাহ আলম৷ইফালে বুলড’জাৰ বাহনো ভাঙিলে উচ্ছেদিতই।উল্লেখ্য যে উচ্ছেদৰ ১২দিনৰ পাছত বুঢ়াচাপৰি অভয়াৰণ্যৰ এটি বনকৰ্মী দল গৈছিল অভয়াৰণ্যখনৰ সীমাত নলা নিৰ্মাণৰ বাবে । কিন্তু বুলডজাৰ বাহন দেখি উত্তেজিত হৈ পৰে উচ্ছেদিত একাংশ লোক আৰু আক্ৰমণ কৰে বনকৰ্মীক । উচ্ছেদিত লোকৰ ৰুদ্ৰৰূপ দেখি পিছুৱাই আহে বনকৰ্মীৰ দল ।সম্প্ৰতি আহত বনকৰ্মীয়ে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296