Investigative reporting with dedication.

হাইলাকান্দিৰ ডায়েট অধ্যক্ষই অন কেমেৰা উৎকোচ লোৱাৰ দৃশ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।কামৰ ঠিকা দিয়াৰ বাবে বিষয়াক দিব লাগে ধন । ধন অবিহনে ফাইল’ত এটা চহীও ন’কৰে হাইলাকান্দিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( DISTRICT INSTITUTE OF EDUCATION & TRAINING ) চমুকৈ ডায়েট’ৰ অধ্যক্ষই।অধ্যক্ষ তাজ উদ্দিন লস্কৰে কামৰ ঠিকা দিয়াৰ সময়তে ৩০ হাজাৰ টকা উৎকোচ গ্ৰহন কৰাৰ এটা ভিডিঅ’ ক্লিপে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে হাইলাকান্দিত।যোৱা ২০২১-২২ বৰ্ষত হাইলাকান্দি ডায়েট কেন্দ্ৰৰ বিভিন্ন কামৰ বাবে চৰকাৰে মঞ্জুৰ কৰিছিল ১৮ লাখ ২০ হাজাৰ টকা । আৰু সেই ধন ব্যায়ৰ দায়িত্বত আছিলে ডায়েটৰ অধ্যক্ষ তাজ উদ্দিন লস্কৰ ।তেওঁ ঠিকা দিয়াৰ ৱাবে বিচাৰিছিল ৩০ হাজাৰ টকা ।আৰু এই টকা দিয়াৰ সময়তে ঠিকাদাৰ গৰাকীয়ে সম্পূৰ্ণ লেন-দেনৰ ভিডিঅ’ ৰেকৰ্ড কৰি ৰাখে।ঠিকাদাৰগৰাকীয়ে ইয়াৰ পিছত হাইলাকান্দিৰ বিভিন্ন দল সংগঠন আৰু মুখ্যমন্ত্ৰীলৈ ভিডিঅ’ ফুটেজ প্ৰেৰণ কৰে ।উল্লেখ্য এই গৰাকী তাজ উদ্দিন লস্কৰ ইয়াৰ আগতে কৰিমগঞ্জত থকা অবস্থাতো তেওঁৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল।




