কাৰ্বি আংলঙে সোঁৱৰিলে পিতৃ পুৰূষক

Share This Article

ডিফুত কাৰ্বি আংলঙৰ পিতৃ পুৰুষ ছেমচনছিং ইংতিৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন । পাহাৰীয়া জিলা কাৰ্বি আংলঙত জিলাখনৰ পিতৃপুৰুষ প্ৰয়াত ছেমচনছিং ইংতিৰ ৭৫ সংখ্যক মৃত্যু বাৰ্ষিকী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় । জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , জিলা আৰু মহকুমাৰ সদৰ স্থানস্থিত ছেমচনছিং ইংতিৰ প্ৰাতিকৃতি আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো প্ৰয়াত ছেমচনছিং ইংতিৰ মূৰ্তিত মাল্যাৰ্পণ কৰা হয়।কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনা ক্ৰমে, গীতা পাঠ, কোৰাণ পাঠ, বাইবেল পাঠ, গুৰুনানকৰ গ্ৰন্থ চাহেব পাঠ, কীৰ্তন পাঠ, আৰু লখিমন প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় । ইয়াৰ পিছত সাংসদ হৰেণছিং বে’ পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’ কে ধৰি বিশিষ্ট ব্যক্তি সকলে তাহানিৰ মিকিৰ পাহাৰ বৰ্তমান কাৰ্বি আংলং জিলা পৰিষদৰ স্ৰষ্টা তথা জিলাখনৰ পিতৃ পুৰুষ ছেমচনছিং ইংতিৰ জীৱনাদৰ্শ আৰু ত্যাগৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.