কিনা পানী খায় অসুস্থ খেলুৱৈ

সকলো পেকেজ ড্ৰিংকিং ৱাটাৰৰ পানী বিশুদ্ধ নে ? ৰাজ্যত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে পেকেজ ড্ৰিংকিং ৱাটাৰৰ প্লেন্ট।গুণগত মান নথকা প্লেন্টৰ পানী খাই অসুস্থ হ’বলগীয়া হৈছে অসংখ্য লোক।কৰিমগঞ্জৰ ৰাম কৃষ্ণ বিদ্যানগৰত স্থাপন হোৱা এটা প্লেন্টৰ পেকেটিং পানী খাই অসুস্থ হৈ পৰিল কেইবাজনো খেলুৱৈ।ৰাম কৃষ্ণ নগৰত চলি থকা খেলৰ বাবে কেইবা পেকেট তাজ এছোছিয়েটৰ গ্ৰুপৰ পেকেজ ড্ৰিংকং ৱাটাৰৰ পানী ক্ৰয় কৰি অনা হৈছিল । দুৰ্গন্ধ যুক্ত পানী খাই অসুস্থ হৈ পৰে খেলুৱৈ।ক্ৰীড়া সংস্থাৰ লোক সকলে অভিয়োগ কৰি কয় যে ৰাম কৃষ্ণ নগৰৰ চক্ৰ বিষয়াই তাজ এছোছিয়েটৰ গ্ৰুপৰ পৰা নুন্যতম নথি পত্ৰও লাভ কৰা নাই । ফলত তদন্ত শেষ নোহোৱালৈকে প্লেন্ট বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে চক্ৰ বিষয়াই ।ইপিনে স্থানীয় বিধায়ক বিজয় মালাকাৰেও এই পানীৰ প্লেন্টৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296