মছজিদৰ বাবে ভূমি দিলে হিন্দুৱে

মঙলদৈত সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন।এটা হিন্দু পৰিয়ালে মছজিদৰ নামত দান কৰিলে কোটি টকীয়া ভূমি।অলিখিত ভাবে ককা আইতাই মছজিদৰ নামত দান কৰা ভূমিৰ কাগজ পত্ৰৰ কাম কৰি দিলে নাতি নাতিনীয়েকে।৯০ বছৰ ধৰি মাটিৰ খাজনা দি আহিছিল মাটিৰ গৰাকী হিন্দু পৰিয়ালটোৱে।মঙলদৈত ধৰ্মীয় অসহিষ্ণুতাৰ বিপৰীতে এয়া এক অনন্য নিদৰ্শন।যিসময়ত একাংশ লোকে ধৰ্মীয় গোড়ামি বিভেদৰ বীজ সিঁচি সমাজত সাতামপুৰুষীয়া ঐক্য – সংহতি বিনষ্ট কৰি আহিছে সেই সময়তে মঙলদৈত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী নিদৰ্শন।মঙলদৈ চহৰৰ দুই ভাতৃ – ভগ্নী ক্ৰমে নীলোৎপল দাস আৰু বিজিতা সৰকাৰে আনুষ্ঠানিকভাৱে মঙলদৈ সদৰ জাম্মে মছজিদৰ নামত দান কৰিলে ভূমি। মঙলদৈ চহৰৰ মাজমজিয়াত LNB ৰোডত থকা ভূমি খিনিৰ বৰ্তমান মূল্য প্ৰায় এক কোটি টকাৰো অধিক । ১৯৩৪ চনত এটি মছজিদ বনাবৰ বাবে মাটিৰ প্ৰয়োজন হোৱাত মঙ্গললাল দত্তই মৌখিক ভাৱে একাংশ মুছলিম লোকক ব্যৱহাৰ কৰিব দিছিল ৯ লেচা মাটি। মঙ্গললাল দত্তৰ মৃত্যুৰ পিছত বছৰ বছৰ ধৰি সেই ভূমি খিনিৰ খাজনা দি আহিছিল ক্ৰমে কন্যা আৰু নাতি নাতিনীয়ে আৰু মাটি খিনিৰ নামজাৰিও হৈছিল ক্ৰমে কন্যা আৰু নাতি নামত। সেই অনুসাৰে পৰিয়ালটোৱে ৯০ বছৰ ধৰি খাজনাও বহন কৰি আহিছে মাটি খিনিৰ। বৰ্তমান বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটিৰ কামকাজ সহজ হৈ পৰাত মঙলদৈ সদৰ জাম্মে মছজিদ পৰিচালনা সমিতিয়ে মঙলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিখিনি মছজিদৰ নামত নামজাৰি কৰাৰ বাবে আবেদন কৰে আৰু হিন্দু পৰিয়ালটোৰ লগত যোগাযোগ কৰে।আৰু সেই মৰ্মে অৱশেষত কোনো বিনিময় নোলোৱাকৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সন্মুখত আপত্তিবিহীন পত্ৰত চহী কৰি ভূমি দান কাৰ্য সমাপন কৰে। এনেদৰে ৯০ বছৰৰ পিছত মাটিখিনি আনুষ্ঠানিকভাৱে মছজিদৰ নামত হস্তান্তৰ কৰি আনন্দিত হিন্দু পৰিয়ালটো।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296