Investigative reporting with dedication.
বেলি ফুলেৰে আকাশ স্পৰ্শ কৰাৰ মন ৰীণাৰ

বেলি ফুলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন বকলীয়াঘাট হাতীপুৰাৰ এগৰাকী কাৰ্বি জনজাতীয় মহিলাৰ । নাম তেওঁৰ ৰীণা বে’পী ।কেৱল পাকঘৰতে আৱদ্ধ নাথাকি ৰীণা এতিয়া সকলোৰে বাৱে আদৰ্শ কৃষক । নিজৰ লৰা ছোৱালীৰ আলৈ আহুকাল মাৰিও বেলি ফুলৰ খেতিত নিজকে ব্যস্ত কৰি ৰাখে ৰীণা বে’পীয়ে । প্ৰতি দিনাই এই বেলি ফুলৰ খেতিত বিভিন্ন লোকৰ ভিৰ পৰিলক্ষিত হয় । আজি এই বেলি ফুলৰ খেতি পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুস্মিতা ভাগৱতী।এই খেতি দেখি আপ্লুত হয় উপায়ুক্ত গৰাকী।কাৰ্বি আংলং স্বায়ত্ব পৰিষদে যদিহে সহায় সহযোগ কৰে তেন্তে আনাগত দিনত অধিক মাটিত বেলি ফুলৰ খেতি কৰিব বুলি ৰীণাই মন্তব্য কৰিছে ।





