বড়ো সাহিত্য সভাত গ্ৰন্থ উন্মোচন

Share This Article

বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনত শনিবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা ।এই সভাতেই ৪০ খনতকৈ অধিক গ্ৰন্থৰ উন্মোচন কৰা হয়।গ্ৰন্থ উন্মোচনী সভাত সাহিত্য একাডেমীৰ সদস্য দিগন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।অসমীয়া , বড়ো , বাংলা গুজৰাটী আদিকে ধৰি আধুনিক আঞ্চলিক ভাৰতীয় ভাষাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ বিষয়টো আলোচনা কৰা হয়।লগতে ইংৰাজী ভাষাই বিভিন্ন আঞ্চলিক ভাষাৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ বিষয়টোও আলোচনাত স্থান পায়।বস্তুবাদী জগতত নব্য অভিজাততন্ত্ৰৰ ফলস্বৰূপে ইংৰাজী ভাষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে যাৰ ফলত মাতৃভাষাৰ গুৰুত্ব আমাৰ লোকসকলে বুজিব পৰা নাই।কিতাপ প্ৰকাশ কৰাৰ পৰা আৰম্ভ কৰি সভা অনুষ্ঠিত কৰালৈকে সকলোতে বড়ো জাতিৰ আকাশৰ দৰে বিশালতা , মাটিৰ গোন্ধ আৰু হৃদয়ৰ পৰশ দেখা পাইছোঁ।বড়ো জাতি সমৃদ্ধতম জাতিলৈ ৰূপান্তৰিত হ’ব বুলি মত প্ৰকাশ কৰে তাত উপস্থিত বিশিষ্ট বক্তাই দেওবাৰে পোন প্ৰথমবাৰৰ বাবে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ওপৰত সংস্কৃত ভাষাত লিখা গ্ৰন্থ উন্মোচন কৰা হ’ব বুলি সদৰী কৰিছে বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.