শ্ৰেণী ৰাজ্য

পুনৰ অগ্নিকুণ্ডত পৰিণত হ’ল বাঘজান

সম্পূৰ্ণ ৮৩ দিনৰ পাছত অগ্নি নিৰ্বাপন হৈছিল বাঘজানত। বহু প্ৰচেষ্টাৰ অন্তত অইল ইণ্ডিয়া লিমিটেডে বিদেশী বিশেষজ্ঞৰ তত্বাৱধানত ৫নং খাদটোত বি অ’ পি স্থাপন কৰিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰায় ১০/১৫ মিনিটৰ বাবে জুই সম্পূৰ্ণ ৰূপে নিৰ্বাপিত হোৱাৰ পিছত পুনৰ অগ্নিকাণ্ড সংঘটিত…

নিৰ্বাচন আহি আছে, অসমত বৰ্তমান চলিছে নতুন ৰাজনৈতিক দলৰ জোৱাৰ

নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী, কিন্তু যোৱা প্ৰায় ৪-৫ মাহত অসমত আবিৰ্ভাৱ হৈছে বহু কেইটা নতুন দলৰ। ‘কা’ আন্দোলনৰ ফলত অসমৰ জনগণৰ যি বিজেপি বিৰোধী মত তাক লৈয়ে যেন সকলো জলপনা কল্পনা। ইতিমধ্যে অসমত কেইবাটাও ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া…

বাঘজানৰ জুই নুমোৱাত প্ৰথম পৰ্যায়ৰ সফলতা অইল ইণ্ডিয়াৰ

photo courtesy: social media

বাঘজানৰ জুই নুমোৱাত আংশিক সাফল্য লাভ অইল ইণ্ডিয়াৰ।কেইবাটাও প্ৰয়াসৰ অন্তত, সুদীৰ্ঘ ৮৩ দিনৰ অন্তত বাঘজানৰ জ্বলন্ত বি জি আৰ-৫ নং খাদটোৰ মুখত অইলে সফল ভাবে বি অ’ পি(ব্ল’ আউট প্ৰভেণ্টৰ) স্থাপন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বি অ’ পি…

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

photo courtesy: India Today

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে’, ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ’ব। শিক্ষা বিভাগৰ…

অখিল গগৈৰ আইনী যুঁজৰ বাবে অসমবাসীৰ আৰ্থিক সাহাৰ্য্য বিচাৰিলে কৃষক মুক্তিয়ে

‘কা’ আন্দোলনৰ বন্দী অখিল গগৈৰ জেলত থকা আজি প্ৰায় ৮ মাহেই হ’ল। বহুবাৰ জামিন লাভ কৰিয়ো চৰকাৰৰ নতুন নতুন গোচৰৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নোহোৱা কৃষক নেতা জনৰ এতিয়া আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধনৰ অভাৱ।…

জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন পিন্ধিবলৈ…

অসমৰ ILP ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি, উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ পৰা Inner Line Permit প্ৰত্যাহাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ১১ ডিচেম্বৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাই কৰা আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰ নেতৃত্বত…

অসম পুলিচৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ কৰোনা পজিটিভ

    আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ দেহত ধৰা পৰিছে কৰোনা। বৰ্তমান হ’ম আইছলেছনত আছে ভাস্কৰ জ্যোতি মহন্ত। উল্লেখযোগ্য যে এই পৰ্যন্ত অসম আৰক্ষীৰ প্ৰায় ২২৫৯ জন লোক কৰোনাত আক্ৰান্ত হৈছে।ইয়াৰে ১৭৩৪ জন ইতিমধ্যে আৰোগ্য হৈছে।

বাঘজানবাসীৰ বাবে সামান্য সকাহ

সমগ্ৰ দেশবাসীৰ এতিয়া পৰিচিত নাম বাঘজান। যি বাঘজান প্ৰায় ৭৬ দিন ধৰি অগ্নিকুণ্ডত পৰিণত হৈ আছে। যাৰ ফলত নিঃশেষ হৈ গ’ল বাঘজানবাসীৰ সপোনৰ ঘৰখন। তেনে সময়তে বাঘজানবাসীৰ বাবে সামান্য সকাহ । প্ৰায় ডেৰমাহ ধৰি অগ্নিকুণ্ডত পৰিণত হৈ থকা বাঘজানত স্থাপন…

বাঘজানৰ ঘটনা এইবাৰ যোৰহাটত!

যোৰহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ডটো। সিংহী স্কুটাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত  দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱা গৃহটোত থকা কেইবাজনো…