নিৰ্বাচন আহি আছে, অসমত বৰ্তমান চলিছে নতুন ৰাজনৈতিক দলৰ জোৱাৰ

Share This Article

নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী, কিন্তু যোৱা প্ৰায় ৪-৫ মাহত অসমত আবিৰ্ভাৱ হৈছে বহু কেইটা নতুন দলৰ। ‘কা’ আন্দোলনৰ ফলত অসমৰ জনগণৰ যি বিজেপি বিৰোধী মত তাক লৈয়ে যেন সকলো জলপনা কল্পনা।

ইতিমধ্যে অসমত কেইবাটাও ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। কেৱল মাত্ৰ অনুষ্ঠানিকতা হে বাকী।

সদৌ অসম ছাত্ৰ সন্থা, অজিত কুমাৰ ভূঞাৰ পিছত এইবাৰ আবিৰ্ভাৱ ঘটিছে প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ পুত্ৰ তথা বিশিষ্ট আইনজীৱি অৰূপ বৰবৰা আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ নেতৃত্বত আন এটা ৰাজনৈতিক দলৰ। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি অহা ২৫ আগষ্ট তাৰিখে তেজপুৰত হ’ব লগা সাংগঠনিক সভাত দল গঠন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

ইয়াৰ সমান্তৰাল ভাবে সদৌ কাছাৰ কৰিমগঞ্জ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে বৰাক উপত্যকাত এটা নতুন দল গঠনৰ ঘোষণা কৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

বড়ো ৰাজনীতিটো কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ নেতৃত্বটো নতুন দলৰ জন্ম হৈছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও নিজৰ দল গঠন কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা সময়ে সময়ে কৈ আহিছে।

আমছুৱেও নিৰ্বাচনত নিজৰ প্ৰাৰ্থী থিয় কৰোৱাৰ হুংকাৰ দি আছে।অন্যহাতেদি প্ৰমোদ বড়োৰ যোগদানৰ পিছত পূৰ্বৰ ইউ পি পি এলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে।

এনে এক পৰিস্থিতিত ২০২১ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এই দল সমূহে এক শক্তিশালী যুজঁ দিবলৈ সক্ষম হ’ব নে ভোট বিভাজনৰ জৰিয়তে শাসকীয় দলটোক লাভাম্বিতহে কৰিব সেইয়া লক্ষণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.