অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ২০২১ৰ নিৰ্বাচনত, কৃষক মুক্তিৰ নতুন দল গঠন

Share This Article

অখিল গগৈৰ নেতৃত্বত গঠন হ’ব ৰাজ্যত নতুন ৰাজনৈতিক দল। আজি সংবাদমেল যুগে এই কথা জানিব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই।

সংগঠনটোৰ নেতা ভাস্ক’ দি শইকীয়াই জানিব দিয়া মতে দলটোৰ নীতি, আদৰ্শ, সংবিধান আদিৰ দৰে আটাইবোৰ গুৰুত্বপূৰ্ণ কাম ইতিমধ্যে সম্পন্ন হৈ গৈছে।এতিয়া মাথোঁ অপেক্ষা অখিল গগৈ জেলৰ পৰা মুক্তিৰহে। অৱশ্যে ৰণকৌশলগত কাৰণত এইক্ষেত্ৰত বেছি তথ্য জনোৱাৰ পৰা বিৰত থাকে সংগঠনতোৰ নেতৃত্ব।

সংবাদ মেলত জানিব দিয়া অনুসৰি জে’লৰ পৰা ওলায়েই অখিল গগৈয়ে ঘোষণা কৰিব নতুন দলৰ নাম। ইয়াৰ উপৰিয়ো অখিল গগৈয়ে নিৰ্বাচন খেলিব বুলিও জনায় সমগঠন টোৱে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হ’ব লগীয়া এই নতুন দল হ’ব এক আপোচহীন অঞ্চলিকতাবাদত বিশ্বাসী। সংগঠন টোৱে অসমবাসী ৰাইজক এই নতুন দলটোত যোগদান কৰিবলৈ আহ্বান জনায় কয় যে অতি শীঘ্ৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ’ব যোগদান প্ৰক্ৰিয়া।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.