ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

Share This Article

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশ ১ মে’, ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ’ব।

শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই নিৰ্দেশৰ কপি ৰাজহুৱা কৰিছে। নিৰ্দেশনাত শিক্ষা বিভাগে কৈছে যে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ ফলত এই ব্যক্তিগত শিক্ষানুষ্ঠান সমূহে বহুতো ব্যয়ৰ ৰেহাই পাইছে। তেনে এক প্ৰক্ষাপটত চৰকাৰে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে সন্মুখীন হোৱা সমস্যা সমূহক লক্ষ্য ৰাখিএই সিদ্ধান্ত লোৱা বুলি জানিব দিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.