বাঘজানৰ জুই নুমোৱাত প্ৰথম পৰ্যায়ৰ সফলতা অইল ইণ্ডিয়াৰ

Share This Article

বাঘজানৰ জুই নুমোৱাত আংশিক সাফল্য লাভ অইল ইণ্ডিয়াৰ।কেইবাটাও প্ৰয়াসৰ অন্তত, সুদীৰ্ঘ ৮৩ দিনৰ অন্তত বাঘজানৰ জ্বলন্ত বি জি আৰ-৫ নং খাদটোৰ মুখত অইলে সফল ভাবে বি অ’ পি(ব্ল’ আউট প্ৰভেণ্টৰ) স্থাপন কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে বি অ’ পি স্থাপন কৰি ১৬ তা ষ্টাড(ন’টবল্টু) টান কৰি এই কাৰ্য সম্পন্ন কৰা হয়। এতিয়া দ্বিতীয় পৰ্যায়ত জুই সম্পূৰ্ণ ৰূপে নুমৱাবলৈ পাইপৰ যোগেদি খাদটোৰ ভিতৰলৈ বিশেষ ৰাসায়নিক তৰল পদাৰ্থ ঢালি দিয়া হ’ব। এই দ্বিতীয় পৰ্যায়ৰ কাম আজিৰ পৰাই অইল ইন্ডিয়াই আৰম্ভ কৰাৰ কথা।

এই কাৰ্যত সফল হ’লেই অতি কম সময়ৰ ভিতৰত বাঘজানৰ জুই নিৰ্বাপিত হ’ব।

featured photo courtesy: social media

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.