জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

Share This Article

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন পিন্ধিবলৈ অভিনেতা গৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাষ চাপি নিজৰ ভুল স্বীকাৰ কৰিছে।

বহুকেইজন মন্ত্ৰীৰ লগতে ৰাজ্যিক নেতৃত্বৰ সেউজ সংকেত লাভ কৰা যতীন বৰাই শেহতীয়াকৈ টীম ৰণজিৎ দাসকো অভিনন্দন জনাইছিল ৷

ইয়াৰ সমান্তৰাল ভাৱে সংবাদ মাধ্যমত চলা চর্চা অনুসৰি কেৱল যতীন বৰাই নহয়, উজনিৰ বহুকেইজন কা-বিৰোধী সংগঠনৰ নেতাই যোগ দিব বিজেপিত৷

উল্লেখযোগ্য যে যতীন বৰাই আকৌ বিজেপিত যোগদান কৰিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসে কেইদিনমান পূৰ্বে সাংবাদ মাধ্যমক জনাইছিল। সংবাদমেলত দাসে জুবিন গাৰ্গ আৰু বিপিন চাউদাঙৰো মন সলনি হৈছে তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰিছিল। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত যতীন বৰাই বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে বুলিও সংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.