সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ অগ্নিকুণ্ডত পৰিণত হ’ল বাঘজান

সম্পূৰ্ণ ৮৩ দিনৰ পাছত অগ্নি নিৰ্বাপন হৈছিল বাঘজানত। বহু প্ৰচেষ্টাৰ অন্তত অইল ইণ্ডিয়া লিমিটেডে বিদেশী বিশেষজ্ঞৰ তত্বাৱধানত ৫নং খাদটোত বি অ’ পি স্থাপন কৰিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰায় ১০/১৫ মিনিটৰ বাবে জুই সম্পূৰ্ণ ৰূপে নিৰ্বাপিত হোৱাৰ পিছত পুনৰ অগ্নিকাণ্ড সংঘটিত হ’ল তেল খাদটোত। এক ভূ কম্পন পিছতে বি অ’ পি টোৰ কাষেৰে আৰু ওপৰেৰে পুনৰ গেছ নিৰ্গত হৈ অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে বি অ’ পি ষ্টেকটোৰ বিজুটিৰ বাবেই পুনৰ অগ্নিকুণ্ডত পৰিণত হয় তেলখাদটো। পুনৰ এই বি অ’ পি ষ্টেকটো উঠাই আনি পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে ষ্টেকটো স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে অইল ইণ্ডিয়া কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.