শ্ৰেণী ৰাষ্ট্ৰীয়

১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক

কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক। এই দুদিনত কৰ্ম দেশব্যাপী ধৰ্মঘট কৰাৰ পৰিকল্পনা কৰিছে বেংকৰ কৰ্মচাৰী সকলে। SBIকে ধৰি আন বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো নিজৰ স্থিতিত অটল হৈ…

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তামিনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত কেপ্টেইন বৰুণ সিঙে

অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও আজি মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে। ৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং। উল্লেখ্য যে প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱটৰ…

আদালতৰ কাঠগড়াত কৃষকৰ ওপৰেৰে গাড়ী চলোৱা মন্ত্ৰীপুত্ৰঃ কি কলে আদালতে?

চলিত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা হয়তো কোনোয়েই পাহৰিব পৰা নাই। উল্লেখ্য যে লখিমপুৰত বিগত ৩ অক্টোবৰ দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ বিৰোধিতাৰে ক’লা পতাকা উৰুৱাইছিল কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষক সমাজে। তেনে…

অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?

  ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। সাংবাদিৰ আগত মন্তব্য…

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আগে আগে বাৰাণসীত মোডীঃ কিন্তু কিয়?

আজি বাৰাণসীত কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসীত সমবেত জনতাক সম্বোধন কৰি বাৰাণসীৰ সভ্যতাৰ ঐতিহ্যক প্ৰশংসাৰে উপচাই মোদীয়ে কয় যে বহু চুলতানৰ উত্থান আৰু পতন হল কিন্তু বেনাৰস একেই থাকিল। আক্ৰমণকাৰীসকলে এই চহৰখন (কাশী)…

চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ গুৱাহাটী আৰু…

দিল্লীত CDS বিপিন ৰাওটক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

শুক্ৰবাৰে দিল্লীৰ ব্রাৰ স্কুৱেৰ সেনা চাওনিৰ শ্মশানত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ভাৰতৰ চি.ডি.এছ জেনেৰেল বিপিন ৰাওট , তেওঁৰ পত্নী মধুলিকা ৰাউত আৰু নিহত ১১ গৰাকী সেনা বিষয়াক। চি.ডি.এছ বিপিন ৰাওতৰ দুই কন্যা ক্ৰমে কৃতিকা আৰু তাৰিণীয়ে পিতৃ-মাতৃৰ শেষকৃত্য সম্পন্ন…

কিহৰ বিনিময়ত আন্দোলন শেষ কৰিলে দেশৰ কৃষক সমাজে?

কেন্দ্ৰীয় চৰকাৰে তিনি খনকৈ কৃষি আইন বাতিল কৰাৰ পিছতে কৃষক সকলৰ লগত কেইবাখনো আলোচনা চক্ৰত মিলিত হৈছে দেশৰ চৰকাৰী পক্ষ। চৰকাৰৰ কেইবাটাও সিদ্ধান্তৰ আধাৰতহে স্থগিত ৰখা হল কৃষক আন্দোলন – MSP – কেন্দ্ৰীয় চৰকাৰে ইউনাইটেড কিষাণ মৰ্চাৰ প্ৰতিনিধি সকলক লৈ…

তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাঃ ১৩ গৰাকী লোকৰ মৃত্যু – বৰ্তমানলৈ একমাত্ৰ জীৱিত ব্যক্তি CDS বিপিন ৰাৱট

তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। হেলিকপ্টাৰ খনত থকা ১৪ গৰাকী যাত্ৰীৰ ভিতৰত ১৩ গৰাকী লোকৰেই মৃত্যু হৈছে বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে সমগ্ৰ দেশতে। এয়া প্ৰায় নিশ্চিত হৈ পৰিছে যে…

বুধবাৰে তামিলনাডুত এক ভয়ংকৰ দুৰ্ঘটনাৰ সমুখীন হয় এখন সেনাৰ হেলিকপ্টাৰ

দুর্ঘটনাগ্ৰস্ত সেনাৰ এই হেলিকপ্টাৰখনত CDS বিপিন ৰাওটৰ লগতে তেওঁৰ পত্নীসহ অন্য ৩ গৰাকী সেনা বিষয়া আৰু ১৭ গৰাকী আৰোহি উপস্থিত আছিল।এই পৰ্যন্ত দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত তিনিজন বিষয়াক হে…