অমিক্রনত আক্ৰান্ত বিশ্বৰ প্ৰথম জন কোভিড ৰোগীৰ মৃত্যুঃ ক’ত?

Share This Article

 

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি কৰোনা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্টৰ আক্ৰমণৰ ফলত প্ৰথমজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা কৰিছে। উল্লেখ্য যে ব্ৰিটেইনে ইতিমধ্যেই ৩০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলোৰে বাবে ভেকচিন বুষ্টাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। সাংবাদিৰ আগত মন্তব্য প্ৰকাশ কৰি জনছনে কয় যে-কমেও এজন ৰোগীৰ অমিক্ৰনৰ ফলত মৃত্যু হোৱাটো নিশ্চিত হৈছে। ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই ৰাজহুৱা কৰিছে যে অমিক্ৰন ডেল্টা স্ট্ৰেইনতকৈ অধিক সোনকালে বিয়পে আৰু ই ভেকছিনৰ কাৰ্যকাৰীতা হ্ৰাস কৰে। অৱশ্যে এই ভেৰিয়েণ্টটোৰ লক্ষণবোৰ বিশেষ গুৰুতৰ নহয়। আন্তঃৰাষ্ট্ৰীয় সূত্ৰৰ তথ্য অনুসৰি ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৯ ডিচেম্বৰ লৈকে কমেও ৬৩ খন দেশত অমিক্ৰন ধৰা পৰিছে। ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে টুইট যোগে উল্লেখ কৰিছে যে কোভিড ভেকছিন বুকিং সেৱাই বৰ্তমান অত্যন্ত উচ্চ চাহিদাৰ সন্মুখীন হৈছে সেয়েহে প্ৰণালীবদ্ধ ভাৱে কাম চলাই থকা হৈছে। ১৮-২৯ বছৰ বয়সৰ ব্যৱহাৰকাৰীসকলৰ বাবে বুকিং ১৫ ডিচেম্বৰ বুধবাৰৰ পৰা খুলি দিয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.