কিহৰ বিনিময়ত আন্দোলন শেষ কৰিলে দেশৰ কৃষক সমাজে?

Share This Article

কেন্দ্ৰীয় চৰকাৰে তিনি খনকৈ কৃষি আইন বাতিল কৰাৰ পিছতে কৃষক সকলৰ লগত কেইবাখনো আলোচনা চক্ৰত মিলিত হৈছে দেশৰ চৰকাৰী পক্ষ। চৰকাৰৰ কেইবাটাও সিদ্ধান্তৰ আধাৰতহে স্থগিত ৰখা হল কৃষক আন্দোলন –

MSP – কেন্দ্ৰীয় চৰকাৰে ইউনাইটেড কিষাণ মৰ্চাৰ প্ৰতিনিধি সকলক লৈ এখন সমিতি গঠন কৰিব। এতিয়া এমএচপি লাভ কৰা শস্যবোৰত কৃষক ৰাইজে আগন্তুক দিনটো MSP পাই থাকিব। MSPত ক্ৰয় কৰা শস্যৰ পৰিমাণ হ্ৰাস কৰা নহব।

গোচৰ প্ৰত্যাহাৰ – হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ সন্মত হৈছে। দিল্লী আৰু অন্যান্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ৰেলৱেৰ দ্বাৰা পঞ্জীয়ন কৰা গোচৰসমূহো তৎক্ষণাৎ উঠাই লোৱা হব বুলি ঘোষণা কৰা হৈছে।

ক্ষতিপূৰণ – উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা চৰকাৰে আন্দোলনত প্ৰাণ হেৰুওৱা আৰু ক্ষতিগ্ৰস্ত হোৱা কৃষক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰিছে। পঞ্জাৱ চৰকাৰৰ দৰে এই দুখন ৰাজ্যইও ৫ লাখ টকাৰ ক্ষতিপূৰণ দিব কৃষকক। উল্লেখ্য যে কিষাণ আন্দোলনত প্ৰায় ৭০০ ৰো অধিক কৃষকৰ মৃত্যু হৈছে।

বিদ্যুৎ বিধেয়ক – চৰকাৰে বিদ্যুৎ সংশোধনী বিধেয়ক পোনপটীয়াকৈ সংসদত উত্থাপন কৰিব। প্ৰথমতে কৃষকসকলৰ বাহিৰে সকলো সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰা হব।

প্ৰদূষণ আইন – প্ৰদূষণ আইনৰ ওপৰত ধাৰা ১৫ৰ ওপৰত কৃষকসকলৰ আপত্তি আছিল। সেইয়াও চৰকৰে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.