শ্ৰেণী শীৰ্ষ সংবাদ

মাজুলীৰ দাবী : আমাক এখন দলং লাগিবই

নৱজিৎ চেলেং আজিৰ তাৰিখত আমি কি বিচাৰিম- জীৱনৰ মূল্য নে এখন দলঙৰ দাবী, দুৰ্ঘটনাত পতিত মানুহৰ বাবে ন্যায় নে ৰাজনৈতিক ষড়যন্ত্ৰৰ দাবীত এক গণ আন্দোলন? হয়তো সেই দোমোজাৰেই আজি মাজুলীৰ পদূলিবোৰলৈ সন্ধিয়াটো সোমাই আহিছে। ৰাতিটোৱে ঘৰবোৰক গিলি থ’ব অলপ পাছতেই।…

নিমাতীঘাটৰ ট্ৰেজেডি : নামঘৰত সেৱা লৈ উভতিছিল পৰিমিতা

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হ’ল মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বুধবাৰে বন্ধ আছিল কলেজ ৷ সেইবাবেই মাতৃৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস ৷ আঠখেলীয়া নামঘৰত সেৱা লৈ পুণৰ…

নিমাতীঘাটৰ দুৰ্ঘটনাত সহকাৰী অধ্যাপিকাৰ মৃত্যু

যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তেওৰ ঘৰ গুৱহাটীৰ কাহিলীপাৰাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ ৷

আজমল – হিমন্তৰ গোপন মিতিৰালিৰ প্ৰমান এই নিৰ্দেশ নেকি ?

নিৰ্বাচনৰ আগলৈকে বদৰুদ্দিন আজমল আছিল অসমীয়া জাতিৰ শত্ৰু ৷ দিছপুৰৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধত আজমলক সোমাব নিদিয়াৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন পাৰ হৈ গ’ল ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ল ৷ সময়ৰ গতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?

তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয় সেনাৰ বিৰুদ্ধে কোনো নতুন…

শ্ৰীলংকাৰ ভয়াবহ অৰ্থনৈতিক সংকটৰ কাৰণ কি ?

মাত্ৰ ৬৫ হাজাৰ বৰ্গকিলোমিটাৰ ভূখণ্ড আৰু ২ কোটি ২ লাখ জনসংখ্যাৰ এখন দেশ ৷ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা অসমতকৈও সৰু ৷ কিন্তু ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ পিনৰ পৰা বিশ্ববাসীৰ বাবে সদায়ে কৌতুহলৰ বিষয় হৈ আহিছে এই দেশখন ৷…

নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ বাহিনীৰ ১২…

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ!

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ৷ তালিবানৰ দাবী অস্বীকাৰ বিদ্ৰোহী এন আৰ এফৰ৷ আফগানিস্তান দখলৰ পিছত এন আৰ এফে বিদ্ৰোহ অব্যাহত ৰাখিছিল তালিবানৰ বিৰুদ্ধে৷ এন আৰ এফৰ হাতত পঞ্জশীৰত বন্দী হৈছিল তালিবানী কেডাৰ৷

কেনেকৈ বাৰে বাৰে জী উঠে লালুপ্ৰসাদ যাদৱ ?

অৰূপ কলিতা বিতৰ্কিত , জনপ্ৰিয় , বিবাদিত – যি বুলিয়েই কোৱা নহওক কিয় লালুপ্ৰদসাদ যাদৱ ভাৰতীয় ৰাজনীতিৰ এক অনস্বীকাৰ্য ব্যক্তিত্ব ৷ বাৰে বাৰে লালুপ্ৰসাদ যাদৱৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি লিখা হয় কিন্তু  ফিনিক্স পখীৰ দৰে তেও আকৌ উভতি আহে ৰাজনীতিৰ ময়দানলৈ ৷…

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে…