কেনেকৈ বাৰে বাৰে জী উঠে লালুপ্ৰসাদ যাদৱ ?

Share This Article
  • অৰূপ কলিতা

বিতৰ্কিত , জনপ্ৰিয় , বিবাদিত – যি বুলিয়েই কোৱা নহওক কিয় লালুপ্ৰদসাদ যাদৱ ভাৰতীয় ৰাজনীতিৰ এক অনস্বীকাৰ্য ব্যক্তিত্ব ৷ বাৰে বাৰে লালুপ্ৰসাদ যাদৱৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি লিখা হয় কিন্তু  ফিনিক্স পখীৰ দৰে তেও আকৌ উভতি আহে ৰাজনীতিৰ ময়দানলৈ ৷ সেইগৰাকী লালুপ্ৰসাদ যাদৱ ,যিয়ে নিজেই ঘোষণা কৰিছিল – “যব টক চমোচা মে আলু হ্যায়, তব টক বিহাৰ মে লালু হ্যায়”৷ দীৰ্ঘদিনৰ কাৰাবাসৰ অন্তত শেহতীয়াকৈ মুক্তি লাভ কৰিছে লালু প্ৰসাদ যাদৱে ৷ শৰীৰ অসুস্থ যদিও তেও দিল্লীত বিভিন্ন বিৰোধী নেতাৰ সৈতে আলোচনা চলাই যোৱাৰ খবৰ ওলাইছে ৷ বহু দুৰ্নীতিৰ গোচৰত কাৰাগাৰলৈ যোৱা পাছতো , প্ৰতিপক্ষই চক্ৰবেহুত বন্দী কৰি পেলোৱাৰ পাছতো লালুপ্ৰসাদ কেনেকৈ বাৰে বাৰে সদম্ভে উভতি আহে , সেয়া কোনো থ্ৰীলাৰ চিনেমাতকৈ কম আশ্চৰ্যকৰ কাহিনী নহয় ৷

(সবিশেষ ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক )

বহুবাৰ লালুপ্ৰসাদ যাদৱ অভাবনীয় বিপদৰ সন্মুখীন হৈছে ৷ দুৰ্যোগে আগুৰি ধৰিছে লালুপ্ৰসাদক ৷ কিন্তু চক্ৰবেহুৰ পৰা ওলাই অহাৰ কৌশল ভালদৰেই আয়ত্ত কৰি লৈছে লালুপ্ৰসাদ যাদৱে ৷ তেওৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানৰ সময় আছিল বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকাল ৷১৯৯৫ চনত দ্বিতীয়বাৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰ শপত লোৱা লালুপ্ৰসাদ যাদৱৰ দ্বিতীয়টো কাৰ্যকাল মুঠেই সুখকৰ নহ’ল ৷ পশুখাদ্য কেলেংকাৰিত দুবাৰকৈ জেললৈ গ’ল মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ ৷এবাৰ ১৯৯৭ চনৰ জুলাইত আৰু আনবাৰ ১৯৯৮ ৰ  অক্টোবৰত ৷এই সময়ছোৱাত তেওৰ পত্নী ৰাবৰী দেৱীয়ে কাৰ্যভাৰ ল’লে ৷ কিন্তু প্ৰশাসনৰ আওভাও একোৱেই নাপালে ৷ অস্তিত্বহীন হৈ পৰিল বিহাৰৰ চৰকাৰ – প্ৰশাসন ৷ চাৰিওফালে লালুবিৰোধী পৰিৱেশ ৷ সুযোগ বুজি এন ডি এ মিত্ৰজোটে বিহাৰৰ ৰাজনীতিত সবল ৰূপত আত্মপ্ৰকাশ কৰিলে ৷১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত লালুৰ বিপদঘন্টা ভালদৰেই বাজি উঠিল ৷ ৫৪ খন আসনৰ ভিতৰত আৰ জে ডিয়ে পালে মাত্ৰ ৭ খন আসন ৷ জংঘলৰাজৰ অভিযোগত কেন্দ্ৰই বৰ্খাস্ত কৰিলে ৰাবৰী দেৱীৰ চৰকাৰ ৷ ২০০০ চনৰ ফেব্ৰুৱাৰীত নতুন নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল ৷লালু প্ৰসাদ যাদৱৰ সকলো ৰাজনৈতিক কেৰিয়াৰ তেতিয়া অস্তাচলত ৷ ইফালে , নীতিশ কুমাৰক সন্মুখত লৈ এন ডি এ প্ৰবল আত্মবিশ্বাসেৰে নিৰ্বাচনী ময়দানত নামি পৰিল ৷ অটল বিহাৰী বাজপেয়ী , লালকৃষ্ণ আদৱানী , ৰামবিলাস পাছোৱান , জৰ্জ ফাৰ্ণাণ্ডেজ , শাৰদ যাদৱ , শত্ৰুঘ্ন সিনহা সকলো নীতিশ কুমাৰৰ পক্ষত ৷ লালুৰ মুখমণ্ডলত সংশয়ৰ ডাৱৰ ৷আনকি ৰাজ্যসভাৰ টিকটৰ আশাত হেমা মালিনীও এন ডিএৰ প্ৰচাৰ অভিযানত জড়িত হ’ল ৷ লালু প্ৰসাদ যাদৱ সঁচাকৈয়ে এইবাৰ অকলশৰীয়া হৈ পৰিল ৷হতাশ মনেৰে ঘণিষ্ঠ সাংবাদিকৰ আগত স্বগতোক্তি কৰিলে ,”মই যি কৰিব পাৰো সকলো কৰিছো ৷ কিন্তু এইবাৰ নিৰ্বাচনত মই একেবাৰে অকলশৰীয়া ৷ এটা বিশাল সেনাবাহিনীৰ বিৰুদ্ধে যুজি থকা এজন অকলশৰীয়া মানুহ ৷গোটেই কেন্দ্ৰীয় মন্ত্ৰীসভাখন এজন লালুৰ বিৰুদ্ধে যুজিবলৈ উঠিপৰি লাগিছে ৷ এক ডৰ্জন হেলিকপ্তাৰ লৈ তেওলোক বিহাৰত ঘূৰি ফুৰিছে ৷ কিন্তু মোৰ ওচৰত আছে মাত্ৰ এখন হেলিকপ্তাৰ ৷ এজন অকলশৰীয়া মানুহে আৰু কিমান কি কৰিব পাৰিব ৷”

ইমানৰ পাছতো যুদ্ধক্ষেত্ৰ এৰি নিদিলে লালু প্ৰসাদ যাদৱে ৷ এন ডি এই লালুৰ শাসনকালৰ জংঘলৰাজক মূল নিৰ্বাচনী ইছ্যু হিচাপে ল’লে ৷ বিজয়ক লৈ এন ডি এ ইমানেই নিশ্চিত আছিল যে ভোটগণনাৰ দুদিন আগতে আৰক্ষী – প্ৰশাসনৰ বিষয়াক মুকলি ধমকি দিবলৈ আৰম্ভ কৰিলে ৷ কিন্তু ফলাফল আহিল সম্পূৰ্ণ বিপৰীত ৷এইবাৰো জনাদেশ থাকিল লালুপ্ৰসাদৰ আৰ জে ডিৰ প্ক্ষত ৷ ২০০০ চনৰ বিধানসভা নিৰ্বাচনত আৰ জে ডিয়ে লাভ কৰিলে ১২৪ খন আসন ৷ ১৯৯৫ ৰ ১৬৪ খন আসনৰ তুলনাত এয়া যথেষ্ট কম যদিও সংখ্যাগৰিষ্ঠতা লালুৰ পক্ষতেই থাকিল ৷ এন ডি এৰ সকলো নেতা আচৰিত হৈ পৰিল ৷লালু প্ৰসাদ যাদৱৰ বাবেও এয়া আশ্চৰ্যকৰ উপলব্ধিতকৈ কোনোগুণে কম নাছিল ৷ পৰাজিত শিবিৰে পাছত বিশ্লেষণ কৰি দেখিলে যে হাজাৰ বিৰোধিতাৰ পাছতো লালুপ্ৰসাদৰ নিজৰ ভোটবেংক অক্ষত আছিল ৷ আনকি বিৰোধীয়ে অনা জংঘলৰাজৰ অভিযোগক লালুপ্ৰসাদে অস্বীকাৰ কৰাৰ সলনি নিজা কৌশলেৰে তাক জব্দহে কৰি পেলালে ৷ এন ডি এৰ ফালৰ পৰা লালুৰ শাসনকালক যিমানেই জংঘলৰাজ বুলি অভিহিত কৰা হ’ল, সিমানেই লালুৰ বাবে নিজৰ পুৰণি ভোটবেংক সংগঠিত কৰি ৰখাটো সহজ হৈ উঠিল ৷ জাতিগত ৰাজনীতিৰ অতি পাকৈত খেলুৱৈ লালুৱে স্বভাৱজাত শৈলীৰে ইখনৰ পাছত সিখন সভাত বক্তৃতা দি গ’ল – “ আপোনালোকে জানেনে তেওলোকে কিয় আমাৰ শাসনকালক জংঘলৰাজ বুলি কয়?কাৰণ লালুৰ শাসনকালত আপোনালোকৰ দৰে গৰীৱ , বঞ্চিতসকলেও মূৰ তুলি জীয়াই থাকিব পাৰিছিল আৰু উচ্চ জাতিৰ লোকসকলে প্ৰভূত্ব খটুৱাব পৰা নাছিল ৷ যেতিয়া তেওলোকে জংঘলৰাজৰ অন্ত পেলোৱাৰ কথা কয় , তাৰ আচল অৰ্থ হ’ল আপোনালোকৰ শাসনৰ অন্ত পেলাব বিচাৰিছে ,বিহাৰৰ গৰীৱ লোকৰ শাসনৰ অন্ত পেলাব বিচাৰিছে ৷উচ্চ জাতিৰ লোকসকলে আকৌ এবাৰ আপোনালোকৰ ওপৰত শাসন চলাব বিচাৰিছে ৷” লালুপ্ৰসাদৰ তেজস্বী ভাষনে বিহাৰৰ দলিত বঞ্চিতসকলৰ ভৰষা আকৌ এবাৰ জয় কৰিবলৈ সক্ষম হ’ল ৷ ভোটৰ হাৰ কম হ’লেও সংখ্যাগৰিষ্ঠতা অক্ষুন্ন থাকিল ৷ এন ডিএৰ বিশাল বাহিনীৰ সকলো ৰণকৌশল নিষ্ফল প্ৰমানিত হ’ল ৷ বিশেষকৈ যাদৱ আৰু মুছলমানে সম্প্ৰদায়ে লালুক মুকলি মনেৰে সমৰ্থন জনালে ৷ ২০০০ চনত উত্তেজনাময় নিৰ্বাচনী খেলখনত শেষ বাজিমাত লালুপ্ৰসাদ যাদৱেই কৰিলে ৷ ৰাবৰী দেৱী পুণৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল ৷

বিহাৰৰ দৰে সংবেদনশীল ৰাজনৈতিক মঞ্চত লালু প্ৰসাদ যাদৱে জাতিগত সমীকৰণৰ জড়িয়তেই তিনিটা কাৰ্যকালৰ শাসন নিজৰ হাতৰ মুঠিত ৰাখিব পাৰিছিল ৷ ইয়াৰ বাবে তেও নিজৰ এক সুকীয়া ইমেজ তৈয়াৰ কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ বাসভৱন সাধাৰণ লোকৰ বাবে মুকলি কৰি দিছিল , মুখ্যমন্ত্ৰী হৈও নিজৰ পোহনীয়া গৰুৰ চোৱাচিতা নিজেই কৰিছিল ৷কেতিয়াবা হঠাৎ ৰাস্তাত গাড়ী ৰখাই গৰীৱ ঘৰৰ শিশুৰ মাজত মিঠাই বিতৰণ কৰে, হৰিজনৰ সন্তানক কোলাত তুলি মৰম কৰে , , উচ্চজাতিৰ সমাজে হেয় চকুৰে চোৱা লোকক নিজৰ হেলিকপ্তাৰত উঠাই এপাক ফুৰাই আনে – এনেকৈয়ে বিহাৰৰ পিছপৰা আৰু সংখ্যালঘু লোকসকলৰ বাবে যেন নিজৰ ঘৰৰ মানুহ যৈ পৰিছিল লালুপ্ৰসাদ যাদৱ ৷ উচ্চ জাতিৰ দমনক আধাৰ কৰিয়েই তেও ৰাজনীতি কৰিছিল ৷ ২০০০ চনৰ আগত , ১৯৯৫চনৰ নিৰ্বাচনতো লালু সমাজবাদী পাৰ্টী , কংগ্ৰছ , বিজেপিৰ পৰা প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ আনফালে আছিল মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন চেচানৰ শেনচকু ৷সেইবাৰো “ভুৰা বাল হটাও” শ্ল’গান দি বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল লালুপ্ৰসাদে ৷ ‘ভুৰা বাল’ মানে উচ্চ জাতিৰ ভুমিহাৰ , ৰাজপুত , ব্ৰাক্ষ্মণ আৰু লালাসকলক ক্ষমতাৰ পৰা আতৰত ৰখাৰ আহ্বান জনাইছিল ৷ এইদৰে জাতি বিদ্বেষৰ শ্ল’গানেৰে ক্ষমতা নিজৰ হাতলৈ আনিছিল এইগৰাকী চৰ্চিত, বিতৰ্কিত ৰাজনীতিকে ৷

১৯৯০ চনত প্ৰথমবাৰ লালুপ্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী আৰু বেছি চাঞ্চল্যকৰ ৷১৯৯০ চনত জনতা দলে সহযোগী দলৰ সৈতে বিহাৰত সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ নিৰ্বাচনৰ পাছতহে ক্ষমতাৰ আচল ৰণ আৰম্ভ হ’ল ৷ লালু তেতিয়া আছিল জনতা দলৰ লোকসভাৰ সাংসদ ৷ যদিও জানিছিল যে তেওক মুখ্যমন্ত্ৰী পতা নহয় , তথাপিও এঘৰী যুজি চোৱাৰ মন মেলিলে ৷ ইফালে , প্ৰধানমন্ত্ৰীৰ আসনত থকা জনতা দলৰ ভি পি সিঙৰ প্ৰথম পছন্দ আছিল ৰামসুন্দৰ দাস৷ ৰামসুন্দৰ দাসক মুখ্যমন্ত্ৰী পাতিবলৈ দিল্লীৰ পৰা প্ৰেৰণ কৰা হ’ল জৰ্জ ফাৰ্ণাণ্ডেজক ৷ লালুপ্ৰসাদেও মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ এৰি দিব নুখুজিলে ৷ তেও কাষ চাপিল ভি পি সিঙৰ প্ৰতিদ্বন্দী হিচাপে পৰিচিত চন্দ্ৰশেখৰৰ ৷ভি পি সিঙৰ মানুহক পৰাস্ত কৰাৰ স্বাৰ্থতে চন্দ্ৰশেখৰে লালুক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে ৷ যিদিনা বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ দিন আহিল , মুখ্যমন্ত্ৰীৰ দাবীদাৰ হৈ আন এজন নেতা থিয় হ’ল৷ তেও ৰঘুনাথ ঝা ৷ ঝাক প্ৰক্ষেপ কৰিছিল চন্দ্ৰশেখৰে ৷ মুখ্যমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰাৰ্থী নাছিল যদিও বিধায়িনী দলৰ ভোট বিভাজনৰ বাবেই ৰঘুনাথ ঝাক এই দৌৰত চামিল কৰা হ’ল ৷ জাতিৰ আধাৰতে বিধায়িনী দলৰ মাজত ভোটদান হ’ল৷ শেষত দেখা গ’ল – ৰামসুন্দৰ দাসে হৰিজন বিধায়কৰ আৰু ৰঘুনাথ ঝাই সবৰ্ণ বিধায়কৰ ভোটসমূহ লাভ কৰিলে ৷ তেওলোকৰ মাজত বিধায়কৰ ভোট বিভাজিত হোৱাৰ বিপৰীতে পিছপৰা জাতিৰ বিধায়কসকলৰ ভোট লাভ কৰি সামান্য ব্যৱধানত লালুপ্ৰসাদ যাদৱ নেতা হিচাপে নিৰ্বাচিত হ’ল ৷

সেইগৰাকী লালুপ্ৰসাদ বিহাৰৰ ক্ষমতাৰ পৰা আতৰ হোৱাৰ পাছতো দিল্লীৰ ক্ষমতাৰ কৰিড’ৰত দপদপনি অব্যাহত ৰাখিলে ৷২০১৫ চনত নীতিশ কুমাৰৰ সৈতে পুনৰ বিহাৰৰ ক্ষমতালৈ উভতি আহিছিল যদিও সেই জোটবন্ধন বেছিদিন নিটিকিল ৷ শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত লালুপ্ৰসাদ যাদৱ কাৰাবন্দী হৈ ৰ’ল ৷লালুবিহীন বিহাৰৰ নিৰ্বাচন স্বাভাৱিকতে আছিল ৰঙহীন ৷ সমাগত লোকসভা নিৰ্বাচনত লালুপ্ৰসাদৰ ভূমিকা কি হয় , তাৰ ওপৰতো দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.