শ্ৰীলংকাৰ ভয়াবহ অৰ্থনৈতিক সংকটৰ কাৰণ কি ?

Share This Article

মাত্ৰ ৬৫ হাজাৰ বৰ্গকিলোমিটাৰ ভূখণ্ড আৰু ২ কোটি ২ লাখ জনসংখ্যাৰ এখন দেশ ৷ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা অসমতকৈও সৰু ৷ কিন্তু ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ পিনৰ পৰা বিশ্ববাসীৰ বাবে সদায়ে কৌতুহলৰ বিষয় হৈ আহিছে এই দেশখন ৷ দেশখন হ’ল শ্ৰীলংকা ৷ দক্ষিণ এছিয়াৰ এখন পুৰণি দ্বীপৰাষ্ট্ৰ ৷ যাৰ সাগৰীয় সীমাত আছে ভাৰতবৰ্ষ ৷ প্ৰায় ৩ হাজাৰ বছৰ পুৰণি সভ্যতাৰ এই দেশখন এতিয়া গভীৰ সংকটৰ গৰাহত ৷
শ্ৰীলংকাত মঙলবাৰে নিশাৰ পৰা ঘোষণা কৰা হৈছে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ৷দেশখনৰ মুদ্ৰাৰ মূল্য অভাবনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত খাদ্যসামগ্ৰী আৰু ইন্ধনৰ মূল্য ব্যাপক হাৰত হ্ৰাস পাইছে ৷ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাহিৰত ৷ যাৰ বাবে মঙলবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷তাৰ সমান্তৰালভাৱে এগৰাকী প্ৰাক্তণ সেনা বিষয়াক দেশখনৰ অত্যাবশ্যকীয় সামগ্ৰীৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ তেও পাইকাৰী আৰু খুচুৰা ব্যাৱসায়ীসকলৰ ওচৰত মজুত থকা খাদ্য সামগ্ৰী জব্দ কৰাৰ লগতে তাৰ দাম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ৷ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ৰত্ননায়কে সদৰী কৰা মতে প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে চাউল , চেনিসহ আন আন অত্যাৱশ্যকীয় সামগ্ৰসমূহ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত দামত যাতে বিক্ৰী হয় , সেয়া সুনিশ্চিত কৰিব ৷

 শ্ৰীলংকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কিয় ব্যাপক হাৰত বৃদ্ধি হৈছে ?

শেহতীয়া কেইটামান সপ্তাহত শ্ৰীলংকাৰ মুদ্ৰাৰ মুল্য ধাৰাবাহিকভাৱে হ্ৰাস পাইছে আৰু ক’ৰোণা মহামাৰীৰ বাবে বিশ্বৰ বজাৰত অধিকাংশ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে ৷ যাৰ বাবে ভাৰতৰ চুবুৰীয়া দেশখনত অভূতপূৰ্ব অৰ্থনৈতিক সংকটে দেখা দিছে ৷শ্ৰীলংকাত গাখীৰৰ পাউদাৰ . ৰন্ধন গেছ , মিঠাতেল আদিৰ ব্যাপক নাটনিয়ে দেখা দিছে ৷ যাৰ বাবে দোকানৰ আগত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী ৷ এই নাটনিৰ বাবে চৰকাৰে ব্যৱসায়ীসকলক দোষাৰোপ কৰিছে ৷ একেসময়তে অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষনাৰ জৰিয়তে বেংকৰ বকেয়া ঋণ আদায়ৰ কামো আৰম্ভ কৰিছে ৷
শ্ৰীলংকাৰ বাবে তাতোকৈ অধিক সংকটৰ কাৰণ হৈ পৰিছে বিদেশী মুদ্ৰাৰ নাটনি ৷ ২০১৯ চনৰ নৱেম্বৰত নতুন চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ সময়ত শ্ৰীলংকাৰ ৰাজকোষত জমা থকা বিদেশী মুদ্ৰাৰ পৰিমান আছিল ৭.৫ আৰৱ আমেৰিকান ডলাৰ ৷ কিন্তু যোৱা জুলাই মাহত বিদেশী মুদ্ৰাৰ পৰিমান ২.৮ আৰৱ আমেৰিকান ডলাৰলৈ হ্ৰাস পায় ৷ কোভিড ১৯ ৰ বাবে শ্ৰীলংকাত বিদেশী পৰ্যটকৰ সংখ্যা দ্ৰুতহাৰত কমি আহিল ৷ যাৰ বাবে বিদেশী মুদ্ৰাৰ পৰিমানো হঠাৎ কমি গ’ল ৷ এয়া শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ প্ৰধান কাৰণ হৈ পৰিছে ৷

 বিদেশী মুদ্ৰাৰ লগত এখন দেশৰ অৰ্থনৈতিক সংকটৰ কি সম্পৰ্ক ?

বিশ্বত কেইটামান মুদ্ৰাহে সকলো দেশে সকলো ধৰণৰ লেনদেনৰ বাবে গ্ৰহণ কৰে ৷ ডলাৰ , পাউণ্ড আদি মুদ্ৰাবোৰ আন্তৰ্জাতিক লেনদেনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ৷ কিয়নো এই মুদ্ৰাসমূহৰ মূল্য হঠাৎ হ্ৰাস বা বৃদ্ধি নহয় ৷ প্ৰায় স্থিৰ হৈ থাকে ৷ যাৰ বাবে আন্তৰ্জাতিক লেনদেনৰ ক্ষেত্ৰত সদায়ে ডলাৰ , পাউণ্ড আদি মূল্য অধিক গ্ৰহণযোগ্য ৷ উদাহৰণ স্বৰূপে যদি শ্ৰীলংকাই চৌদি আৰৱৰ পৰা ইন্ধন বা তেল ক্ৰয় কৰে , তেনেহ’লে তাৰ মূল্য শ্ৰীলংকাৰ মুদ্ৰাত আদায় দিলে নহ’ব ৷ ডলাৰৰ মূল্য অনুসৰি তেল বা ইন্ধনৰ দৰ ঠিক কৰা হয় আৰু ডলাৰৰ জড়িয়তেই এই লেনদেন সম্পন্ন হ’ব লাগিব ৷ গতিকে শ্ৰীলংকাত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ কমি অহাৰ লগে লগে আন্তৰ্জাতিক লেনদেনৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে দেশখন খাদ্য আৰু ইন্ধন সামগ্ৰীৰ নাটনিৰ সন্মুখীন হৈছে ৷এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শ্ৰীলংকাৰ চৰকাৰে ব্যৱসায়ীসকলৰ হাতত মজুত থকা খাদ্য সামগ্ৰীসমূহ জব্দ কৰাৰ কাম আৰম্ভ কৰিছে ৷ভূতৰ ওপৰত দানহ পৰাৰ দৰে শ্ৰীলংকাত শেহতীয়াকৈ কোভিড ৰোগীৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ৷ সোমবাৰলৈকে সমগ্ৰ দেশত বলবৎ হৈ আছে কাৰ্ফিউ ৷ জনস্বাস্থ্যৰ সংকটৰ সমান্তৰালভাৱে দেশখন অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱাত সৰ্বসাধাৰণ জনতা গভীৰ সমস্যাৰ সন্মুখীন হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.