নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

Share This Article

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ বাহিনীৰ ১২ টাকৈ বোমাই কঁপাই গৈছিল মুম্বাই চহৰ ৷ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও এটা বোমা বিস্ফোৰণ ঘটাইছিল ৷ তাৰ পাছতো মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰত স্বাভাৱিক হৈ পৰিছিল মুম্বাইৰ জনজীৱন ৷ বাতৰি কাকতে এই অভাৱনীয় ঘটনাৰ শিৰোনাম দিলে – চালাম মুম্বাই ৷

৬ ডিচেম্বৰ , ১৯৯২ ৷দেশৰ ইতিহাসৰ এটা ক’লা দিন ৷ সেইদিনাই উত্তৰ প্ৰদেশত ধ্বংস হৈছিল বাবৰি মছজিদ ৷ তাৰ পাছতে সমগ্ৰ দেশ সাম্প্ৰদায়িক সংঘৰ্ষত কঁপি উঠিল ৷ আটাইতকৈ ক্ষতিগ্ৰস্থ হ’ল মুম্বাই ৷ দেশৰ অৰ্থনৈতিক ৰাজধানী ৷ কেবালানি হিংসাত ২ হাজাৰতকৈ অধিক লোক নিহত হ’ল ৷মহাৰাষ্ট্ৰ চৰকাৰে চকুৰে ধোৱা কোৱা দেখিলে ৷ সেইসময়ত ৰাজ্যখনৰ অভিজ্ঞ ৰাজনীতিক শাৰদ পাৱাৰ আছিল দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৷ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে তেওক নিৰ্দেশ দিলে মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ ৷ মুখ্যমন্ত্ৰীৰ আসনত বহি পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হ’ল পাৱাৰক ৷

(সবিশেষ ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক )

৬ মাৰ্চ, ১৯৯৩ ৷ শাৰদ পাৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’লে ৷ তাৰ ছদিন পাছতে দেশৰ ইতিহাসৰ আটাইতকৈ ক’লা দিনটোৰ সাক্ষী হ’ল  মুম্বাই ৷ এলানি ধাৰাবাহিক ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে সমগ্ৰ চহৰ ৷ ক’লা ধোৱা আৰু মানুহ পোৰাৰ গোন্ধই ছানি ধৰিলে মুম্বাইৰ আকাশ বতাহ ৷ ১২ মাৰ্চ আছিল দিনটো , শুক্ৰবাৰ ৷ যাক কোৱা হয় দ্য  ব্লেক ফ্ৰাইডে বুলি ৷ ১২ টাকৈ বোমা বিস্ফোৰণে সিদিনা মুম্বাইৰ ২৫৭ জন লোকৰ প্ৰাণ কাঢ়ি নিলে ৷ বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ সাহায্যৰে সেই ধ্বংসলীলাৰ সূচনা কৰা হৈছিল ৷ তেওলোকৰ ভাষাত সেয়া আছিল – বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ ৷ অভিজ্ঞ শাৰদ পাৱাৰক এই ষড়যন্ত্ৰৰ উমান পাবলৈ বেছি সময় নালাগিল ৷ তেওৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিল – আসন্ন ৰক্তক্ষয়ী সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা মহাৰাষ্ট্ৰক ৰক্ষা কৰা ৷ শাৰদ পাৱাৰ পোনে পোনে গ’ল – দূৰদৰ্শনৰ ষ্টুডিওলৈ ৷ তাৰ পৰা ঘোষণা কৰিলে – মুম্বাইত মুঠ ১৩ টা বোমা বিস্ফোৰিত হৈছে ৷তেৰটা স্থানৰ নামো ঘোষণা কৰা হ’ল ৷কিন্তু আচলতে সিদিনা সন্ত্ৰাসবাদীয়ে ১২ টা বিস্ফোৰণহে সংঘটিত কৰিছিল ৷

কাঠগড়াত থিয় হ’বলগীয়া হ’ল মুখ্যমন্ত্ৰী শাৰদ পাৱাৰ ৷ বিস্ফোৰণৰ তদন্তৰ বাবে গঠন হোৱা ন্যায়াধীশ বি এন শ্ৰীকৃষ্ণৰ আয়োগে মুখ্যমন্ত্ৰী পাৱাৰক  প্ৰশ্ন কৰিলে – বোমা বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ তালিকাত কিয় অতিৰিক্ত সংযোজন কৰা হ’ল ? উত্তৰত শাৰদ পাৱাৰে ক’লে – সমগ্ৰ ষড়যন্ত্ৰৰ উদ্দেশ্য এটাই আছিল, মুম্বাই-মহাৰাষ্ট্ৰৰ লগতে গোটেই দেশক সাম্প্ৰদায়িক উত্তেজনাত জৰ্জৰিত কৰি তোলা ৷ সেয়ে তেও মুম্বাইৰ মুছলমান জনবহুল এলেকাত এটা অতিৰিক্ত বোমা নিজা উদ্যোগত বিস্ফোৰণ ঘটালে ৷ এই বিস্ফোৰণৰ ফলত যাতে কাৰো কোনো হানি বিঘিনি নহয় , তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছিল ৷  কোনেও যাতে এয়া কেৱল হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বুলি নাভাবে তাৰ বাবেই মুছলমান বসতি থকা অঞ্চলতো এটা সৰু বিস্ফোৰণ ঘটোৱা হ’ল ৷ এইদৰেই বিস্ফোৰণৰ আঁৰত থকা সাম্প্ৰদায়িক উদ্দেশ্যক ব্যৰ্থ কৰা  হ’ল  ৷ফলত পৰৱৰ্তী সময়ত হ’ব পৰা ভয়ংকৰ ঘটনাৰ পৰা মুম্বাই আৰু দেশ ৰক্ষা পৰিল ৷

এই উত্তৰ শুনি ন্যায়াধীশ কৃষ্ণই এটাই বাক্য ক’লে – এন এক্সেলেন্ট একজাম্পল অব ষ্টেটমেনশ্বিপ৷

শুক্ৰবাৰে মুম্বাই বিধ্বস্ত হৈ পৰিছিল ৷ কিন্তু সোমবাৰৰ পৰা আচৰিতধৰণে চহৰলৈ স্বাভাবিক জীৱনযাত্ৰা উভতি আহিল ৷ ৰাতিপুৱাই গোৱালে গাখীৰ বিলালে ৷ হকাৰে সময়মতে কাকত যোগান ধৰিলে ৷ দহ বজাত  ষ্টক এক্সেঞ্জৰ কাম আৰম্ভ হ’ল ৷ বিস্ফোৰণৰ বাতৰি কাভাৰ কৰিবলৈ যোৱা দেশ বিদেশৰ সাংবাদিকসকল আচৰিত হৈ পৰিল৷ আনন্দ বাজাৰ পত্ৰিকাই হেডলাইন দিলে – চালাম মুম্বাই ৷

এইজনেই শাৰদ পাৱাৰ ৷ অভিজ্ঞ ৰাজনীতিক , সুচতুৰ প্ৰশাসক ৷ ২৭ বছৰ বয়সত বাৰামতীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷ সেইদিনাৰ পৰা আজিলৈ বাৰামতী তেওৰ অভেদ্য দুৰ্গ ৷ কিন্তু কংগ্ৰেছত তেওৰ স্থান নিগাজী নহ’ল ৷ শাৰদ পাৱাৰৰ দৰে লোককো এটা সময়ত কংগ্ৰেছে বহিষ্কাৰ কৰিলে ৷ ইয়াৰ কাৰণ জানিবলৈ উভতি জাব লাগিব ১৯৯৬ চনলৈ ৷

১৯৯৬ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ’ল ৷ দলৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হ’ল নৰসিংহ ৰাওক ৷ নতুন সভাপতিৰ আসনত বহিল সীতাৰাম কেশৰী ৷ ১৩ দিনীয়া চৰকাৰ সামৰি অটল বিহাৰী বাজপেয়ীয়েও প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ৷ কংগ্ৰেছ – বাওপন্থীৰ সমৰ্থনত দেবগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰন্টৰ চৰকাৰ শাসনলৈ আহিল  ৷ তাতো সংঘাত অব্যাহত থাকিল ৷ দহমহীয়া কাৰ্যকালৰ পাছত দেবগৌড়াও প্ৰধানমন্ত্ৰী পদৰ পৰা উফৰিল ৷ এইবাৰ নতুন প্ৰধানমন্ত্ৰী হ’ল আই কে গুজৰাল ৷ কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰাত গুজৰাল চৰকাৰৰো ১১ মাহৰ পাছতে, ১৯৯৭ ৰ নবেম্বৰত পতন হ’ল ৷ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত সামান্য উন্নত প্ৰদৰ্শনেৰে কংগ্ৰেছে ১৪১ খন আসন লাভ কৰিলে ৷ বিজেপিৰ আসন ১৬১ ৰ পৰা ১৮২ খনলৈ বৃদ্ধি পালে ৷১৯৯৮ ৰ মাৰ্চত গঠন হ’ল বিজেপিৰ নেতৃত্বত এন ডি এ চৰকাৰ৷ কংগ্ৰেছৰ ভিতৰতো আত্মমন্থন আৰম্ভ হ’ল ৷ সেই বছৰৰে ১৪ মাৰ্চত সীতাৰাম কেশৰীক আঁতৰাই ছোনিয়া গান্ধীক কংগ্ৰেছৰ সভানেত্ৰীৰ আসনত বহুওৱা হ’ল ৷ শাৰদ পাৱাৰ তেতিয়া কংগ্ৰেছৰ সংসদীয় দলৰ নেতা ৷

ছোনিয়া গান্ধী সভানেত্ৰী হোৱাৰ পাছতে সকলোকে আচৰিত কৰি সংসদীয় দলৰ সংবিধানলৈও নতুন সংশোধন অনা হ’ল ৷ পূৰ্বৰ নিয়ম অনুসৰি সংসদীয় দল অৰ্থাৎ চিপিপিৰ নেতাগৰাকী ৰাজ্যসভা বা লোকসভাৰ সদস্য হোৱাটো বাধ্যতামূলক আছিল ৷ কিন্তু নতুন সংশোধনীৰে ছোনিয়া গান্ধীক চিপিপিৰ নেতা নিৰ্বাচন কৰা হ’ল ৷ যদিওবা তেও লোকসভা বা ৰাজ্যসভা কোনো এখন সদনৰে সদস্য নাছিল ৷ এইবাৰ ছোনিয়া গান্ধীয়ে শাৰদ পাৱাৰক লোকসভা আৰু মনমোহন সিঙক ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্তি দিলে ৷ কেৱল সেয়াই নহয় , বিভিন্ন সংসদীয় সমিতিত কংগ্ৰেছৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰতো ছোনিয়া গান্ধীয়ে অবাধ হস্তক্ষেপ কৰিবলৈ ল’লে ৷ অপমানিত বোধ কৰিও শাৰদ পাৱাৰ নীৰৱ হৈ ৰ’ল ৷

১৯৯৯ৰ এপ্ৰিল মাহত এআইডিএমকে সমৰ্থন প্ৰত্যাহাৰ কৰাত এন ডি এ চৰকাৰ আকৌ এবাৰ বিপদত পৰিল ৷ বাজপেয়ী চৰকাৰ সংখ্যালঘু হৈ পৰাত পদত্যাগ কৰিবলগীয়া হ’ল ৷ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ত্ৰয়োদশ লোকসভা নিৰ্বাচনৰ দিন ৷ শাৰদ পাৱাৰ আকৌ নামি পৰিল কংগ্ৰেছ মিত্ৰজোটক শক্তিশালী কৰাৰ অভিযানত ৷ চেন্নাইলৈ উৰা মাৰিলে ৷ জয়াললিতাৰ লগত দীৰ্ঘসময় আলোচনা চলিল ৷ এন ডি এ ত্যাগ কৰা এআইডিএমকে এইবাৰ কংগ্ৰেছৰ লগত চামিল হ’ল ৷ আকোৰগোজ স্থিতি এৰি কংগ্ৰেছক ১৫ খন আসন এৰি দিবলৈও সন্মত হ’ল ৷ সমগ্ৰ প্ৰক্ৰিয়াৰ কৃতিত্বৰ একমাত্ৰ গৰাকী  শাৰদ পাৱাৰ ৷ ইপিনে , নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু আৰ এছ এছে ছোনিয়া গান্ধীৰ বিদেশী মূলক লৈ ব্যাপক প্ৰচাৰ আৰম্ভ কৰিলে ৷ কংগ্ৰেছ নেতৃত্ব বিবুধিত পৰিল ৷

১৫ মে’, ১৯৯৯ ৷ কংগ্ৰেছ ৱৰ্কিঙ কমিটীৰ বৈঠক ৷ ছোনিয়া গান্ধীয়ে নিজেই এই প্ৰসংগ উত্থাপন কৰি ক’লে – ‘মোৰ জন্ম ভাৰতৰ বাহিৰত ৷ নিৰ্বাচনত যদি এয়া বিৰোধীৰ প্ৰচাৰৰ ইছ্যু হয় , কংগ্ৰেছৰ প্ৰদৰ্শনত প্ৰভাৱ পৰিব নেকি ?’ চি ডব্লিউ চিৰ সদস্যসকলৰ মতামত বিচৰা হ’ল ৷কংগ্ৰেছ নেতা  অৰ্জুন সিঙে প্ৰথম মতামত দিলে –‘নিজৰ শাহু আৰু স্বামীক হত্যা কৰাৰ পাছতো আপুনি দেশ এৰি যোৱা নাই ৷ দেশৰ জনসাধাৰণে আপোনাক তেওলোকৰ মাজৰে এজন বুলি গ্ৰহণ কৰিছে ৷ তেওলোকৰ বাবে আপুনি ৰাষ্ট্ৰ মাতা ৷ এই দল আৰু দেশক নেতৃত্ব দিবলৈ আপুনিয়ে একমাত্ৰ যোগ্য নেতা ৷’ সিঙৰ মন্তব্যৰ বিৰোধীতা কৰিলে সভানেত্ৰীৰ ঘণিষ্ঠ বুলি পৰিচিত মেঘালয়ৰ নেতা  পি এ চাংমাই ৷ তেও ক’লে- “ বিৰোধীয়ে নিশ্চয় ছোনিয়া গান্ধীৰ বিদেশী মূলক ইছ্যু হিচাপে ল’ব ৷ ইয়াক অবজ্ঞা কৰাটো আমাৰ ডাঙৰ ভুল হ’ব ৷ আমি বিষয়টোক কাউন্টাৰ কৰিবলৈ সঠিক ৰণকৌশল গ্ৰহণ কৰিব লাগিব ৷’ পি এ চাংমাৰ এই মন্তব্যৰ পাছতে বৈঠকত হাহাকাৰ লাগিল ৷ গান্ধী পৰিয়ালৰ অনুগতসকলে চাংমাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে ৷ শাৰদ পাৱাৰে চাংমাৰ পক্ষ লৈ ক’লে –“গান্ধী পৰিয়ালৰ আত্মবলিদানৰ কাৰণে এতিয়াও দেশৰ এটা বৃহৎ অংশই কংগ্ৰেছক সমৰ্থন কৰে ৷ গতিকে ছোনিয়া গান্ধীৰ পৰিচয়ৰ ইছ্যুক সহজতে কাউন্টাৰ কৰিব পৰা যাব ৷ কিন্তু তাৰ পাছতো চাংমাৰ লগত মই একমত যে ছোনিয়া গান্ধীৰ বিদেশী মূলক বিৰোধীয়ে ইছ্যু নবনাব বুলি ভবাটো আমাৰ এটা ডাঙৰ ভুল হ’ব ৷” কংগ্ৰেছ নেতা তাৰিক আনোৱাৰেও সহমত ব্যক্ত কৰিলে ৷ এইবাৰ দলৰ মজিয়াত চাংমা , পাৱাৰ আৰু আনোৱাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হ’ল ৷ তিনিওগৰাকী নেতাই পুণৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰি ছোনিয়া গান্ধীলৈ এখন চাৰি পৃষ্ঠাৰ পত্ৰ লিখিলে ৷ য’ত কোৱা হ’ল – তেওৰ বিদেশী মূলৰ বিষয়টো নিৰ্বাচনী ইছ্যু হ’লে , নিৰ্বাচনত দলে ইয়াৰ মূল্য ভৰিব লগীয়া হ’ব ৷ গতিকে ছোনিয়া গান্ধীয়ে নিজেই সংবিধান সংশোধনৰ বাবে প্ৰস্তাৱ  দিব লাগে যে ৰাষ্ট্রপতি , উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদবী কেৱল ভাৰতীয় মূলৰ ব্যক্তিৰ বাবে সংৰক্ষিত হ’ব লাগে ৷

এই পত্ৰ ছোনিয়া গান্ধীৰ হাতত পৰাৰ পাছতে শাৰদ পাৱাৰ , পি এ চাংমা , তাৰিক আনোৱাৰক দলৰ পৰা নিলম্বিত কৰা হ’ল ৷ অপমানিত , নিলম্বিত তিনি নেতাই  গঠন কৰিলে নিজৰ দল ‘নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী(এন চি পি)’৷ য’ত দেশৰ আন প্ৰান্তৰ বহু কংগ্ৰেছ নেতাৰ লগতে অসমৰ শৰৎ চন্দ্ৰ সিংহইও যোগ দিলে ৷

ইয়াৰ পাছত দেশৰ ৰাজনীতিত বহু উত্থান – পতন ঘটিল ৷ এন চি পি ২০০৪ চনত ইউ পিএৰ অংশীদাৰো হ’ল ৷ শাৰদ পাৱাৰে ইউ পি এৰ দুটাকৈ কাৰ্যকালত  দেশৰ কৃষিমন্ত্ৰীৰ দায়িত্ব পালে ৷ কিন্তু পাৱাৰক হেৰুৱাই মহাৰাষ্ট্ৰত কংগ্ৰেছে যেন নিজৰ ভেটি মাটি চিৰদিনৰ বাবে হেৰুৱালে ৷ শাৰদ পাৱাৰৰ অনুপস্থিতিত দেশৰ দ্বিতীয় বৃহৎ ৰাজ্যখনত কংগ্ৰেছ দলৰ খোপনি নোহোৱা হ’ল ৷ শেহতীয়া নিৰ্বাচনত আনকি এন চি পিৰ সহযোগী দল হিচাপেহে কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হ’ল ৷ জীৱনৰ বিয়লি বেলাতো শাৰদ পাৱাৰে অপৰিসীম বিচক্ষণতাৰে মহাৰাষ্ট্ৰত বিজেপিক শাসনৰ পৰা ওফৰাই দিলে ৷ এক অসম্ভৱক সম্ভৱ কৰি গঠন কৰিলে শিৱসেনা- এন চি পি – মিত্ৰজোটৰ চৰকাৰ ৷ ৮০ বছৰীয়া এইজন ৰাজনীতিকৰ সন্মুখত ব্যৰ্থ প্ৰমানিত হ’ল বিজেপিৰ ‘চানক্য’ অমিত শ্বাহ ৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ আগৰ ৩৫ টা দিনত শাৰদ পাৱাৰে পুণৰবাৰ প্ৰমান কৰিলে –কৰ্কট ৰোগে আক্ৰান্ত কৰিলেও মগজুৰ তীক্ষ্ণতা এতিয়াও আগৰ দৰেই সতেজ হৈ আছে ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিত তেও এতিয়াও ক্ষমতাৰ এক শক্তিশালী অভিকেন্দ্ৰ ৷ কিন্তু ছোনিয়া গান্ধীৰ প্ৰতি আনুগত্য নেদেখুওৱাৰ দোষত কংগ্ৰেছে এইগৰাকী নেতাক দলৰ পৰাই বাহিৰ কৰি দিছিল ৷ সেই দিনটোত কংগ্ৰেছে কেৱল শাৰদ পাৱাৰকে হেৰুওৱা নাছিল , দেশৰ দ্বিতীয় বৃহৎ ৰাজ্য আৰু অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰত নিজৰ অস্তিত্বও হেৰুৱাই পেলাইছিল ৷

এইগৰাকী শাৰদ পাৱাৰ আকৌ দেশৰ ৰাজনীতিত সপ্ৰতিভ হৈ উঠা দেখা গৈছে ৷ ফেডাৰেল ফ্ৰন্ট গঠনেৰে তেও দেশত বিজেপি বিৰোধী মহাজোঁট গঠনৰ গুৰি ধৰিছে ৷শাৰদ পাৱাৰৰ এই অভিযান কিমান  সফল হয় , সেয়া জানিবলৈ আৰু কিছুদিন অপেক্ষা কৰিবই লাগিব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.