সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ বাহিনীৰ ১২ টাকৈ বোমাই কঁপাই গৈছিল মুম্বাই চহৰ ৷ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও এটা বোমা বিস্ফোৰণ ঘটাইছিল ৷ তাৰ পাছতো মাত্ৰ ৪৮ ঘন্টাৰ ভিতৰত স্বাভাৱিক হৈ পৰিছিল মুম্বাইৰ জনজীৱন ৷ বাতৰি কাকতে এই অভাৱনীয় ঘটনাৰ শিৰোনাম দিলে – চালাম মুম্বাই ৷

৬ ডিচেম্বৰ , ১৯৯২ ৷দেশৰ ইতিহাসৰ এটা ক’লা দিন ৷ সেইদিনাই উত্তৰ প্ৰদেশত ধ্বংস হৈছিল বাবৰি মছজিদ ৷ তাৰ পাছতে সমগ্ৰ দেশ সাম্প্ৰদায়িক সংঘৰ্ষত কঁপি উঠিল ৷ আটাইতকৈ ক্ষতিগ্ৰস্থ হ’ল মুম্বাই ৷ দেশৰ অৰ্থনৈতিক ৰাজধানী ৷ কেবালানি হিংসাত ২ হাজাৰতকৈ অধিক লোক নিহত হ’ল ৷মহাৰাষ্ট্ৰ চৰকাৰে চকুৰে ধোৱা কোৱা দেখিলে ৷ সেইসময়ত ৰাজ্যখনৰ অভিজ্ঞ ৰাজনীতিক শাৰদ পাৱাৰ আছিল দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৷ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে তেওক নিৰ্দেশ দিলে মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ ৷ মুখ্যমন্ত্ৰীৰ আসনত বহি পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হ’ল পাৱাৰক ৷

- Donation -

(সবিশেষ ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক )

৬ মাৰ্চ, ১৯৯৩ ৷ শাৰদ পাৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’লে ৷ তাৰ ছদিন পাছতে দেশৰ ইতিহাসৰ আটাইতকৈ ক’লা দিনটোৰ সাক্ষী হ’ল  মুম্বাই ৷ এলানি ধাৰাবাহিক ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিলে সমগ্ৰ চহৰ ৷ ক’লা ধোৱা আৰু মানুহ পোৰাৰ গোন্ধই ছানি ধৰিলে মুম্বাইৰ আকাশ বতাহ ৷ ১২ মাৰ্চ আছিল দিনটো , শুক্ৰবাৰ ৷ যাক কোৱা হয় দ্য  ব্লেক ফ্ৰাইডে বুলি ৷ ১২ টাকৈ বোমা বিস্ফোৰণে সিদিনা মুম্বাইৰ ২৫৭ জন লোকৰ প্ৰাণ কাঢ়ি নিলে ৷ বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ সাহায্যৰে সেই ধ্বংসলীলাৰ সূচনা কৰা হৈছিল ৷ তেওলোকৰ ভাষাত সেয়া আছিল – বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ ৷ অভিজ্ঞ শাৰদ পাৱাৰক এই ষড়যন্ত্ৰৰ উমান পাবলৈ বেছি সময় নালাগিল ৷ তেওৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিল – আসন্ন ৰক্তক্ষয়ী সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা মহাৰাষ্ট্ৰক ৰক্ষা কৰা ৷ শাৰদ পাৱাৰ পোনে পোনে গ’ল – দূৰদৰ্শনৰ ষ্টুডিওলৈ ৷ তাৰ পৰা ঘোষণা কৰিলে – মুম্বাইত মুঠ ১৩ টা বোমা বিস্ফোৰিত হৈছে ৷তেৰটা স্থানৰ নামো ঘোষণা কৰা হ’ল ৷কিন্তু আচলতে সিদিনা সন্ত্ৰাসবাদীয়ে ১২ টা বিস্ফোৰণহে সংঘটিত কৰিছিল ৷

কাঠগড়াত থিয় হ’বলগীয়া হ’ল মুখ্যমন্ত্ৰী শাৰদ পাৱাৰ ৷ বিস্ফোৰণৰ তদন্তৰ বাবে গঠন হোৱা ন্যায়াধীশ বি এন শ্ৰীকৃষ্ণৰ আয়োগে মুখ্যমন্ত্ৰী পাৱাৰক  প্ৰশ্ন কৰিলে – বোমা বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ তালিকাত কিয় অতিৰিক্ত সংযোজন কৰা হ’ল ? উত্তৰত শাৰদ পাৱাৰে ক’লে – সমগ্ৰ ষড়যন্ত্ৰৰ উদ্দেশ্য এটাই আছিল, মুম্বাই-মহাৰাষ্ট্ৰৰ লগতে গোটেই দেশক সাম্প্ৰদায়িক উত্তেজনাত জৰ্জৰিত কৰি তোলা ৷ সেয়ে তেও মুম্বাইৰ মুছলমান জনবহুল এলেকাত এটা অতিৰিক্ত বোমা নিজা উদ্যোগত বিস্ফোৰণ ঘটালে ৷ এই বিস্ফোৰণৰ ফলত যাতে কাৰো কোনো হানি বিঘিনি নহয় , তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছিল ৷  কোনেও যাতে এয়া কেৱল হিন্দুৰ ওপৰত হোৱা আক্ৰমণ বুলি নাভাবে তাৰ বাবেই মুছলমান বসতি থকা অঞ্চলতো এটা সৰু বিস্ফোৰণ ঘটোৱা হ’ল ৷ এইদৰেই বিস্ফোৰণৰ আঁৰত থকা সাম্প্ৰদায়িক উদ্দেশ্যক ব্যৰ্থ কৰা  হ’ল  ৷ফলত পৰৱৰ্তী সময়ত হ’ব পৰা ভয়ংকৰ ঘটনাৰ পৰা মুম্বাই আৰু দেশ ৰক্ষা পৰিল ৷

এই উত্তৰ শুনি ন্যায়াধীশ কৃষ্ণই এটাই বাক্য ক’লে – এন এক্সেলেন্ট একজাম্পল অব ষ্টেটমেনশ্বিপ৷

শুক্ৰবাৰে মুম্বাই বিধ্বস্ত হৈ পৰিছিল ৷ কিন্তু সোমবাৰৰ পৰা আচৰিতধৰণে চহৰলৈ স্বাভাবিক জীৱনযাত্ৰা উভতি আহিল ৷ ৰাতিপুৱাই গোৱালে গাখীৰ বিলালে ৷ হকাৰে সময়মতে কাকত যোগান ধৰিলে ৷ দহ বজাত  ষ্টক এক্সেঞ্জৰ কাম আৰম্ভ হ’ল ৷ বিস্ফোৰণৰ বাতৰি কাভাৰ কৰিবলৈ যোৱা দেশ বিদেশৰ সাংবাদিকসকল আচৰিত হৈ পৰিল৷ আনন্দ বাজাৰ পত্ৰিকাই হেডলাইন দিলে – চালাম মুম্বাই ৷

এইজনেই শাৰদ পাৱাৰ ৷ অভিজ্ঞ ৰাজনীতিক , সুচতুৰ প্ৰশাসক ৷ ২৭ বছৰ বয়সত বাৰামতীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷ সেইদিনাৰ পৰা আজিলৈ বাৰামতী তেওৰ অভেদ্য দুৰ্গ ৷ কিন্তু কংগ্ৰেছত তেওৰ স্থান নিগাজী নহ’ল ৷ শাৰদ পাৱাৰৰ দৰে লোককো এটা সময়ত কংগ্ৰেছে বহিষ্কাৰ কৰিলে ৷ ইয়াৰ কাৰণ জানিবলৈ উভতি জাব লাগিব ১৯৯৬ চনলৈ ৷

১৯৯৬ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ’ল ৷ দলৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হ’ল নৰসিংহ ৰাওক ৷ নতুন সভাপতিৰ আসনত বহিল সীতাৰাম কেশৰী ৷ ১৩ দিনীয়া চৰকাৰ সামৰি অটল বিহাৰী বাজপেয়ীয়েও প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ৷ কংগ্ৰেছ – বাওপন্থীৰ সমৰ্থনত দেবগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰন্টৰ চৰকাৰ শাসনলৈ আহিল  ৷ তাতো সংঘাত অব্যাহত থাকিল ৷ দহমহীয়া কাৰ্যকালৰ পাছত দেবগৌড়াও প্ৰধানমন্ত্ৰী পদৰ পৰা উফৰিল ৷ এইবাৰ নতুন প্ৰধানমন্ত্ৰী হ’ল আই কে গুজৰাল ৷ কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰাত গুজৰাল চৰকাৰৰো ১১ মাহৰ পাছতে, ১৯৯৭ ৰ নবেম্বৰত পতন হ’ল ৷ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত সামান্য উন্নত প্ৰদৰ্শনেৰে কংগ্ৰেছে ১৪১ খন আসন লাভ কৰিলে ৷ বিজেপিৰ আসন ১৬১ ৰ পৰা ১৮২ খনলৈ বৃদ্ধি পালে ৷১৯৯৮ ৰ মাৰ্চত গঠন হ’ল বিজেপিৰ নেতৃত্বত এন ডি এ চৰকাৰ৷ কংগ্ৰেছৰ ভিতৰতো আত্মমন্থন আৰম্ভ হ’ল ৷ সেই বছৰৰে ১৪ মাৰ্চত সীতাৰাম কেশৰীক আঁতৰাই ছোনিয়া গান্ধীক কংগ্ৰেছৰ সভানেত্ৰীৰ আসনত বহুওৱা হ’ল ৷ শাৰদ পাৱাৰ তেতিয়া কংগ্ৰেছৰ সংসদীয় দলৰ নেতা ৷

ছোনিয়া গান্ধী সভানেত্ৰী হোৱাৰ পাছতে সকলোকে আচৰিত কৰি সংসদীয় দলৰ সংবিধানলৈও নতুন সংশোধন অনা হ’ল ৷ পূৰ্বৰ নিয়ম অনুসৰি সংসদীয় দল অৰ্থাৎ চিপিপিৰ নেতাগৰাকী ৰাজ্যসভা বা লোকসভাৰ সদস্য হোৱাটো বাধ্যতামূলক আছিল ৷ কিন্তু নতুন সংশোধনীৰে ছোনিয়া গান্ধীক চিপিপিৰ নেতা নিৰ্বাচন কৰা হ’ল ৷ যদিওবা তেও লোকসভা বা ৰাজ্যসভা কোনো এখন সদনৰে সদস্য নাছিল ৷ এইবাৰ ছোনিয়া গান্ধীয়ে শাৰদ পাৱাৰক লোকসভা আৰু মনমোহন সিঙক ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্তি দিলে ৷ কেৱল সেয়াই নহয় , বিভিন্ন সংসদীয় সমিতিত কংগ্ৰেছৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰতো ছোনিয়া গান্ধীয়ে অবাধ হস্তক্ষেপ কৰিবলৈ ল’লে ৷ অপমানিত বোধ কৰিও শাৰদ পাৱাৰ নীৰৱ হৈ ৰ’ল ৷

১৯৯৯ৰ এপ্ৰিল মাহত এআইডিএমকে সমৰ্থন প্ৰত্যাহাৰ কৰাত এন ডি এ চৰকাৰ আকৌ এবাৰ বিপদত পৰিল ৷ বাজপেয়ী চৰকাৰ সংখ্যালঘু হৈ পৰাত পদত্যাগ কৰিবলগীয়া হ’ল ৷ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ত্ৰয়োদশ লোকসভা নিৰ্বাচনৰ দিন ৷ শাৰদ পাৱাৰ আকৌ নামি পৰিল কংগ্ৰেছ মিত্ৰজোটক শক্তিশালী কৰাৰ অভিযানত ৷ চেন্নাইলৈ উৰা মাৰিলে ৷ জয়াললিতাৰ লগত দীৰ্ঘসময় আলোচনা চলিল ৷ এন ডি এ ত্যাগ কৰা এআইডিএমকে এইবাৰ কংগ্ৰেছৰ লগত চামিল হ’ল ৷ আকোৰগোজ স্থিতি এৰি কংগ্ৰেছক ১৫ খন আসন এৰি দিবলৈও সন্মত হ’ল ৷ সমগ্ৰ প্ৰক্ৰিয়াৰ কৃতিত্বৰ একমাত্ৰ গৰাকী  শাৰদ পাৱাৰ ৷ ইপিনে , নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু আৰ এছ এছে ছোনিয়া গান্ধীৰ বিদেশী মূলক লৈ ব্যাপক প্ৰচাৰ আৰম্ভ কৰিলে ৷ কংগ্ৰেছ নেতৃত্ব বিবুধিত পৰিল ৷

১৫ মে’, ১৯৯৯ ৷ কংগ্ৰেছ ৱৰ্কিঙ কমিটীৰ বৈঠক ৷ ছোনিয়া গান্ধীয়ে নিজেই এই প্ৰসংগ উত্থাপন কৰি ক’লে – ‘মোৰ জন্ম ভাৰতৰ বাহিৰত ৷ নিৰ্বাচনত যদি এয়া বিৰোধীৰ প্ৰচাৰৰ ইছ্যু হয় , কংগ্ৰেছৰ প্ৰদৰ্শনত প্ৰভাৱ পৰিব নেকি ?’ চি ডব্লিউ চিৰ সদস্যসকলৰ মতামত বিচৰা হ’ল ৷কংগ্ৰেছ নেতা  অৰ্জুন সিঙে প্ৰথম মতামত দিলে –‘নিজৰ শাহু আৰু স্বামীক হত্যা কৰাৰ পাছতো আপুনি দেশ এৰি যোৱা নাই ৷ দেশৰ জনসাধাৰণে আপোনাক তেওলোকৰ মাজৰে এজন বুলি গ্ৰহণ কৰিছে ৷ তেওলোকৰ বাবে আপুনি ৰাষ্ট্ৰ মাতা ৷ এই দল আৰু দেশক নেতৃত্ব দিবলৈ আপুনিয়ে একমাত্ৰ যোগ্য নেতা ৷’ সিঙৰ মন্তব্যৰ বিৰোধীতা কৰিলে সভানেত্ৰীৰ ঘণিষ্ঠ বুলি পৰিচিত মেঘালয়ৰ নেতা  পি এ চাংমাই ৷ তেও ক’লে- “ বিৰোধীয়ে নিশ্চয় ছোনিয়া গান্ধীৰ বিদেশী মূলক ইছ্যু হিচাপে ল’ব ৷ ইয়াক অবজ্ঞা কৰাটো আমাৰ ডাঙৰ ভুল হ’ব ৷ আমি বিষয়টোক কাউন্টাৰ কৰিবলৈ সঠিক ৰণকৌশল গ্ৰহণ কৰিব লাগিব ৷’ পি এ চাংমাৰ এই মন্তব্যৰ পাছতে বৈঠকত হাহাকাৰ লাগিল ৷ গান্ধী পৰিয়ালৰ অনুগতসকলে চাংমাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে ৷ শাৰদ পাৱাৰে চাংমাৰ পক্ষ লৈ ক’লে –“গান্ধী পৰিয়ালৰ আত্মবলিদানৰ কাৰণে এতিয়াও দেশৰ এটা বৃহৎ অংশই কংগ্ৰেছক সমৰ্থন কৰে ৷ গতিকে ছোনিয়া গান্ধীৰ পৰিচয়ৰ ইছ্যুক সহজতে কাউন্টাৰ কৰিব পৰা যাব ৷ কিন্তু তাৰ পাছতো চাংমাৰ লগত মই একমত যে ছোনিয়া গান্ধীৰ বিদেশী মূলক বিৰোধীয়ে ইছ্যু নবনাব বুলি ভবাটো আমাৰ এটা ডাঙৰ ভুল হ’ব ৷” কংগ্ৰেছ নেতা তাৰিক আনোৱাৰেও সহমত ব্যক্ত কৰিলে ৷ এইবাৰ দলৰ মজিয়াত চাংমা , পাৱাৰ আৰু আনোৱাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হ’ল ৷ তিনিওগৰাকী নেতাই পুণৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰি ছোনিয়া গান্ধীলৈ এখন চাৰি পৃষ্ঠাৰ পত্ৰ লিখিলে ৷ য’ত কোৱা হ’ল – তেওৰ বিদেশী মূলৰ বিষয়টো নিৰ্বাচনী ইছ্যু হ’লে , নিৰ্বাচনত দলে ইয়াৰ মূল্য ভৰিব লগীয়া হ’ব ৷ গতিকে ছোনিয়া গান্ধীয়ে নিজেই সংবিধান সংশোধনৰ বাবে প্ৰস্তাৱ  দিব লাগে যে ৰাষ্ট্রপতি , উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদবী কেৱল ভাৰতীয় মূলৰ ব্যক্তিৰ বাবে সংৰক্ষিত হ’ব লাগে ৷

এই পত্ৰ ছোনিয়া গান্ধীৰ হাতত পৰাৰ পাছতে শাৰদ পাৱাৰ , পি এ চাংমা , তাৰিক আনোৱাৰক দলৰ পৰা নিলম্বিত কৰা হ’ল ৷ অপমানিত , নিলম্বিত তিনি নেতাই  গঠন কৰিলে নিজৰ দল ‘নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী(এন চি পি)’৷ য’ত দেশৰ আন প্ৰান্তৰ বহু কংগ্ৰেছ নেতাৰ লগতে অসমৰ শৰৎ চন্দ্ৰ সিংহইও যোগ দিলে ৷

ইয়াৰ পাছত দেশৰ ৰাজনীতিত বহু উত্থান – পতন ঘটিল ৷ এন চি পি ২০০৪ চনত ইউ পিএৰ অংশীদাৰো হ’ল ৷ শাৰদ পাৱাৰে ইউ পি এৰ দুটাকৈ কাৰ্যকালত  দেশৰ কৃষিমন্ত্ৰীৰ দায়িত্ব পালে ৷ কিন্তু পাৱাৰক হেৰুৱাই মহাৰাষ্ট্ৰত কংগ্ৰেছে যেন নিজৰ ভেটি মাটি চিৰদিনৰ বাবে হেৰুৱালে ৷ শাৰদ পাৱাৰৰ অনুপস্থিতিত দেশৰ দ্বিতীয় বৃহৎ ৰাজ্যখনত কংগ্ৰেছ দলৰ খোপনি নোহোৱা হ’ল ৷ শেহতীয়া নিৰ্বাচনত আনকি এন চি পিৰ সহযোগী দল হিচাপেহে কংগ্ৰেছ নিৰ্বাচনত অৱতীৰ্ণ হ’ল ৷ জীৱনৰ বিয়লি বেলাতো শাৰদ পাৱাৰে অপৰিসীম বিচক্ষণতাৰে মহাৰাষ্ট্ৰত বিজেপিক শাসনৰ পৰা ওফৰাই দিলে ৷ এক অসম্ভৱক সম্ভৱ কৰি গঠন কৰিলে শিৱসেনা- এন চি পি – মিত্ৰজোটৰ চৰকাৰ ৷ ৮০ বছৰীয়া এইজন ৰাজনীতিকৰ সন্মুখত ব্যৰ্থ প্ৰমানিত হ’ল বিজেপিৰ ‘চানক্য’ অমিত শ্বাহ ৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ আগৰ ৩৫ টা দিনত শাৰদ পাৱাৰে পুণৰবাৰ প্ৰমান কৰিলে –কৰ্কট ৰোগে আক্ৰান্ত কৰিলেও মগজুৰ তীক্ষ্ণতা এতিয়াও আগৰ দৰেই সতেজ হৈ আছে ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিত তেও এতিয়াও ক্ষমতাৰ এক শক্তিশালী অভিকেন্দ্ৰ ৷ কিন্তু ছোনিয়া গান্ধীৰ প্ৰতি আনুগত্য নেদেখুওৱাৰ দোষত কংগ্ৰেছে এইগৰাকী নেতাক দলৰ পৰাই বাহিৰ কৰি দিছিল ৷ সেই দিনটোত কংগ্ৰেছে কেৱল শাৰদ পাৱাৰকে হেৰুওৱা নাছিল , দেশৰ দ্বিতীয় বৃহৎ ৰাজ্য আৰু অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰত নিজৰ অস্তিত্বও হেৰুৱাই পেলাইছিল ৷

এইগৰাকী শাৰদ পাৱাৰ আকৌ দেশৰ ৰাজনীতিত সপ্ৰতিভ হৈ উঠা দেখা গৈছে ৷ ফেডাৰেল ফ্ৰন্ট গঠনেৰে তেও দেশত বিজেপি বিৰোধী মহাজোঁট গঠনৰ গুৰি ধৰিছে ৷শাৰদ পাৱাৰৰ এই অভিযান কিমান  সফল হয় , সেয়া জানিবলৈ আৰু কিছুদিন অপেক্ষা কৰিবই লাগিব ৷

 

Leave A Reply

Your email address will not be published.