মাজুলীৰ দাবী : আমাক এখন দলং লাগিবই

Share This Article
  • নৱজিৎ চেলেং

আজিৰ তাৰিখত আমি কি বিচাৰিম- জীৱনৰ মূল্য নে এখন দলঙৰ দাবী, দুৰ্ঘটনাত পতিত মানুহৰ বাবে ন্যায় নে ৰাজনৈতিক ষড়যন্ত্ৰৰ দাবীত এক গণ আন্দোলন? হয়তো সেই দোমোজাৰেই আজি মাজুলীৰ পদূলিবোৰলৈ সন্ধিয়াটো সোমাই আহিছে। ৰাতিটোৱে ঘৰবোৰক গিলি থ’ব অলপ পাছতেই। আৰু আন্ধাৰত বাজি থাকিব- কিছু আৰ্তনাদ। আৰ্তজনৰ। আৰু এই আৰ্তজনৰ তালিকাত আমি কোনোবা এজন মানুহৰ নাম লৈয়ে সামৰিব নোৱৰাৰ চেপা উত্তেজনাটোৱে ৰাতিটোক গহীনৰ পৰা গহীন কৰি নি থাকিব। এই তালিকাত আমাৰ সকলোৰে নাম থাকিব পাৰে। অলপ অগা-পিচাকৈ। অলপ হীন-দেৰিকৈ। সেই সকীয়ণীকে দিবলৈ হয়তো দূৰ্ঘটনাবোৰ ঘটে। নহ’লেবা দূৰ্ঘটনা একোটা ঘটি যোৱাৰ পাছত আমি সচেতন হওঁহক।

৮ ছেপ্টেম্বৰ, ২০২১ ত যোৰহাট আৰু মাজুলী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ঘটা দূৰ্ঘটনাটো তাৰেই এক জলন্ত উদাহৰণ। আচলতে এয়া এক অৱশ্যম্ভাবী ঘটনা। ইপাৰ সিপাৰ হোৱা যাত্ৰীয়ে প্ৰতিবাৰেই বুকুত লৈ ফুৰা এক পুৰাতন ভীতিৰ প্ৰামাণিক অৱস্থিতি। এই ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলিও আমি দাঠি ক’ব নোৱাৰোঁ। আমাকো কোনেও ন দি ক’ব নোৱাৰে। তাৰ বাবে এক উচিত ব্যৱস্থাৰ প্ৰয়োজন। প্ৰয়োজন বছৰ বছৰ ধৰি একে ঠাইতে ৰৈ যোৱা এটা সিদ্ধান্তৰ সাকাৰ ৰূপ দেখিবলৈ পোৱাটো। দুটাকৈ আধাৰশিলা হৈ যোৱা এখন দলং নিৰ্মাণত হোৱা চৰকাৰী হেমাহীৰ সঠিক তদন্ত কৰাটো। নিৰ্বাচণকেন্দ্ৰিক ৰাজনীতি আৰু ৰাজনীতিকৰ মাজলৈ এই প্ৰশ্ন লৈ যোৱাটোতহে যে- ভোটৰ মূল্যতকৈ কি জীৱনৰ মূল্য কম? আৰু যদি সেয়ে হয় তেন্তে তাৰ সঠিক উত্তৰো আমিয়েই দিব লাগিব। সেই উত্তৰ আমাৰ হাততেই আছে সদায়। আমি মাত্ৰ সৰু-সোৰা ব্যক্তিগত স্বাৰ্থৰ খাটিৰত বন্ধ মুঠিৰ সেই উত্তৰটো বতাহত মেলি দিবলৈ পাহৰি আছোঁ।

আজি যি শোকাবহ ঘটনা ঘটিল তাৰ বাবে জগৰীয়া কোন? চৰকাৰ, প্ৰশাসন নে আওপকীয়াকৈ আমি নিজেও। সেই প্ৰশ্ন নিজক সোধাৰ সময় ইতিমধ্যেই আহিছে। এই দলংখনৰ নামত কি ৰাজনীতি চলি আছে, এই ৰাজনীতি আচলতে ক’ৰ পৰা আৰম্ভ হৈছে অথবা ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰি সেই উপায় যদি আমি নিজেই উলিয়াব নোৱাৰো তেন্তে আগন্তুক দিনত অন্য কিছু দূৰ্ঘটনাৰ সন্মুখীণযে হ’ব লাগিব সেয়া ধুৰুপ। দুদিন পিচত যাতে প্ৰতিক্ৰিয়াবোৰ শেষ নহয় তাৰ প্ৰতিও আমি সজাগ হ’বৰ হ’ল।

সম্ভৱতঃ এই ঠাইত ঘটা নদীকেন্দ্ৰিক দূৰ্ঘটনাবোৰৰ ভিতৰত এই ঘটনা বিৰল আৰু প্ৰচুৰ প্ৰভাৱশালী। ইয়াৰ পৰা এটা নতুন জাগৰণৰ সম্ভাৱনাও অধিক শক্তিশালী। এই ঘটনাই মাজুলীবাসীৰ বুকুত যি জুই লগালে সেয়া সেই দিনলৈকে জ্বলিবলৈ দিব লাগিব যি দিনালৈকে যোৰহাট- মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠ। এতিয়াৰ পৰা ” আমাক এখন দলং লাগে ” বুলি চিঞৰাৰ পৰিৱৰ্তে আমি দাবী কৰিম- আমাক এখন দলং লাগিবই। আহক, সেই দাবী আজিৰ পৰাই কৰোঁ।

লেখকৰ ফোন নং- ৯১০১৫ ৯৪৯৩৬

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.