নিমাতীঘাটৰ ট্ৰেজেডি : নামঘৰত সেৱা লৈ উভতিছিল পৰিমিতা

Share This Article

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হ’ল মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বুধবাৰে বন্ধ আছিল কলেজ ৷ সেইবাবেই মাতৃৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস ৷ আঠখেলীয়া নামঘৰত সেৱা লৈ পুণৰ উভতিছিল মাজুলীলৈ ৷ লগত আছিল একেখন কলেজৰ শিক্ষা বিভাগৰ আন এগৰাকী সহকৰ্মী ৷ মাকে ফেৰীত উঠাই দি উভতি আহিল গুৱাহাটীলৈ ৷ কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হ’ল দুৰ্ভগীয়া পৰিমিতাৰ বাবে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.