সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিমাতীঘাটৰ ট্ৰেজেডি : নামঘৰত সেৱা লৈ উভতিছিল পৰিমিতা

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হ’ল মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বুধবাৰে বন্ধ আছিল কলেজ ৷ সেইবাবেই মাতৃৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস ৷ আঠখেলীয়া নামঘৰত সেৱা লৈ পুণৰ উভতিছিল মাজুলীলৈ ৷ লগত আছিল একেখন কলেজৰ শিক্ষা বিভাগৰ আন এগৰাকী সহকৰ্মী ৷ মাকে ফেৰীত উঠাই দি উভতি আহিল গুৱাহাটীলৈ ৷ কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হ’ল দুৰ্ভগীয়া পৰিমিতাৰ বাবে ৷

- Donation -

Leave A Reply

Your email address will not be published.