ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?

Share This Article

তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয় সেনাৰ বিৰুদ্ধে কোনো নতুন পৰিকল্পনা কৰিছে নেকি চীনে?

এক বিশেষ সূত্ৰ তথ্য অনুসৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে পিএলএৰ জিনজিয়াং সামৰিক অঞ্চলৰ কাৰ্যকৰী বিষয়া ৱাং হাইজিয়াঙক ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ড (ডব্লিউটিচি)ৰ মুৰব্বী হিচাপে পদোন্নতি দিছে। ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ অধীনত থাকিব এই ইণ্ডো-চীন সীমান্ত। ছি জিনপিং চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ (চিএমচি) অধ্যক্ষ। সূত্ৰসমূহৰ তথ্য মতে জিনপিঙে সোমবাৰে মুঠ পাঁচজন সামৰিক বিষয়াক পদোন্নতি দিছে। তাৰে মাজৰে এজন হৈছে ৱাং হাইজিয়াং। সোমবাৰে বেইজিংত অনুষ্ঠিত অনুষ্ঠানটোত চিএমচিৰ মুৰব্বী ছি জিনপিঙৰ উপৰিও জেনেৰেল ৱেই ফেংহে, জেনেৰেল লি জুওচেং, এডমিৰেল মিয়াও হুয়া আৰু জেনেৰেল ঝাং চেংমিনও উপস্থিত আছিল। তেওঁলোক সকলো চীনৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ সদস্য। ছি জিনপিঙে হয়তো সেইবাবেই ডব্লিউটিচিৰ দায়িত্ব ৱাং হাইজিয়াঙৰ হাতলৈ হস্তান্তৰ কৰিছে। জেনেৰেল জু কুইলিংক যোৱা জুলাইত ডব্লিউটিচিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান ইণ্ডো-চীন সীমান্তৰ দায়িত্বত থকা ৱাং হাইজিয়াঙৰ এক চমৎকাৰী পেছাদাৰী কেৰিয়াৰ আছে। বিগত বছৰৰ আগষ্টত তেওঁক অশান্ত জিনজিয়াং প্ৰদেশৰ সামৰিক কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

ৱাঙে ২০১৬ চনত পিএলএৰ মাধ্যমেৰে ভাৰত ভ্ৰমণ কৰিছিল। ভাৰত আৰু চীনৰ যুটীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানতো অংশগ্ৰহণ কৰিছিল ৱাঙে। চীনা চৰকাৰী সংবাদ মাধ্যমে দাবী কৰিছে যে ডব্লিউটিচিয়ে যোৱা বছৰৰ পৰা চতুৰ্থবাৰৰ বাবে হেড পোষ্টটো সলনি কৰিছে। যোৱা বছৰৰ পৰা ভাৰত আৰু চীনা সৈন্যই পূৱ লাডাখ অঞ্চলত সীমান্ত সমস্যাক লৈ মুখামুখি সংঘৰ্ষত লিপ্ত হৈ আছে। চীনৰ পৰা অহা এই নতুন খবৰক লৈ এতিয়া সষ্টম হৈ পৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.