সাম্প্ৰতিক (৫): ৰাজনৈতিক/অৰাজনৈতিক-বিশ্বজিৎ বৰা
“এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক পুনৰাই দোহৰোৱাৰ কোনো প্ৰয়োজন নাই। নিৰ্বাচনী অংকত কাৰ নাকী কোনে ধৰে সেই কথা সংসদীয় ৰাজনীতিৰ খেলুৱৈয়ে বাৰুকৈয়ে জানে। তাতে এবাৰ সাপে খুটিলে কেঁচুলৈকো ভয়। গতিকে অসমবাসীয়ে সদৌ অসম ছাত্ৰ সন্থাক সন্দেহৰ চকুৰে চোৱাটো বা আগন্তুক বিধানসভা নিৰ্বাচনত আছুৰ ভূমিকা কি হ’ব তাক লৈ প্ৰশ্ন কৰাটো নিতান্তই স্বাভাৱিক। এতিয়া নৱগঠিত অসম জাতীয় পৰিষদে জাতি–মাটি–ভেটি ৰক্ষাৰ সংগ্ৰামখন সংসদীয় ৰাজনীতিৰ ক্ষেত্ৰখনত কেনেদৰে আগবঢ়াই নিব, সেয়া লক্ষণীয় হ’ব আৰু ইয়াৰ ওপৰতে আছুৰ সামগ্ৰিক ভৱিষ্যতো নিৰ্ভৰ কৰিব।,” বিশ্বজিৎ বৰা
গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধ নাটখনত শকুনিয়ে প্ৰথমকূট বচনতে কয়: “দিগন্ত প্ৰহাৰি লহ লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ তাত জাপ দিছে… কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই নিৰ্বাপিত কৰে।”
২০১৯ চনত বিজেপি চৰকাৰে গৃহীত কৰা নাগৰিকত্ব (সংশোধনী) আইনখনে ভাৰত ৰাষ্ট্ৰৰ এই কুণ্ঠিত সীমান্ত ৰাজ্যখনত লগোৱা জুই এতিয়াও জ্বলি আছে। কা-বিৰোধী আন্দোলনৰ লগতে সংগতি ৰাখি গা কৰি উঠা এক প্ৰাসংগিক ধাৰণা হৈছে যে সংসদীয় গণতন্ত্ৰৰ মজিয়াত ৰাজনৈতিকভাৱেহে এই জুই নিৰ্বাপিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই কথাত কোনো দ্বিমত নাই যে মানুহৰ জীৱনৰ ওপৰত পোনপটীয়াকৈ বা আওপকীয়াকৈ হ’লেও প্ৰভাৱ পেলাব পৰা যিকোনো সিদ্ধান্ত বা সমস্যায়েই ৰাজনৈতিক, গতিকে এনে সিদ্ধান্তৰ বিৰোধিতা বা সমস্যাৰ সমাধানো কেৱল ৰাজনৈতিকভাৱেহে সম্ভৱ। অৰ্থাৎ, এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে বিভিন্ন সাংবিধানিক, আইনী অধিকাৰ সহিতে আমি যিদৰে জীয়াই থাকো, সেয়া প্ৰকৃতাৰ্থত এক ৰাজনৈতিক কাৰবাৰ। আৰু দেখাত খাম-খেয়ালীভাৱে অথচ অতি সুচতুৰ, সুপৰিকল্পিত আৰু সুসংহতভাৱে বিজেপিয়ে ৰাষ্ট্ৰযন্ত্ৰৰ ব্যাপক অপপ্ৰয়োগ কৰি কিদৰে নাগৰিকৰ সাংবিধানিক, আইনী অধিকাৰ খৰ্ব কৰিছে, সেয়া সকলোৱে দেখি আছে। ২০১৯ চনৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ অহাৰ পাছত বিজেপি চৰকাৰৰ ফেচিবাদী মইমতালিৰ নাঙঠ স্বৰূপটো এতিয়া সকলোৰে সন্মুখতে জলজল-পটপটকৈ ওলাই পৰিছে।
গতিকে অসমৰ প্ৰেক্ষাপটত আমি ইতিহাসৰ এনে এক সন্ধিক্ষণত উপনীত হৈছোহি যে এফালে ঘৰে ঘৰে নিউজ চেনেল আৰু আনফালে সংবাদমেলে সংবাদমেলে নতুন ৰাজনৈতিক দল গঠনৰ উজান উঠিছে; আৰু ২০২১ চনত হ’বলগীয়া বিধানসভা নিৰ্বাচন হয় ৰঙামাটি, নহয় গুৱাহাটী হৈ পৰিছে। আজি যিদৰে ডিজিটেল প্ৰযুক্তি, বজাৰ, শাসন ব্যৱস্থা সকলোবোৰ সুসংহত কৰি ক্ষমতাত থকা পক্ষৰ গাদী সুৰক্ষিত কৰি ৰাখিব পৰাকৈ সমাজ ব্যৱস্থাক গঢ় দিয়া হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে এই সন্ধিক্ষণ অসমবাসীৰ কাৰণে সাধাৰণ সময় নহয়। কিন্তু একেসময়তে পৰিলক্ষিত হৈছে যে বিৰোধী শিবিৰৰ অৱস্থা তথৈবচ, পৰিস্থিতিয়ে এক ঐক্যবদ্ধ ৰাজনৈতিক কৰ্মসূচীৰ দাবী কৰা সত্ত্বেও কোনোধৰণৰ বস্তুনিষ্ঠ (objective) আৰু বিষয়ভিত্তিক (subjective) ঐক্যবোধৰ অভাৱ, যাৰ অবিহনে ৰাজনৈতিক আৰু সামাজিক-সাংস্কৃতিক গণ সংগ্ৰাম এখন আগবঢ়াই নিয়াৰ কথা কোৱাটো মৰুভূমিত মৰীচিকা খেদাৰ লেখীয়া।
অসমত আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াত জড়িত বিভিন্ন দল-সংগঠনৰ নেতা-পালিনেতা তথা ৰাজনীতিবিদসকলে এইটো উপলব্ধি কৰাতো উচিত যে বৰ্তমান বিজেপিয়েই হৈছে একমাত্ৰ অৰ্গেনিক, সম্পূৰ্ণ ৰাজনৈতিক দল। গতিকে এনে এটা দলক হৰুৱাবলৈ ৰাজনৈতিক সংগ্ৰামখন বহুমাত্ৰিক হ’ব লাগিব। এনেই আবেগত আঙুলি জোকাৰিলে সংসদীয় ৰাজনীতিত নৈ নবয়। এসময়ত কা আমি নেমানো বুলি ৰাজপথত শ্লোগান দিয়া বহুসংখ্যক সাধাৰণ মানুহৰ মোদী-ভক্তি, সৰ্বানন্দ-প্ৰীতি এতিয়াও অটুত আছে। আবেগ-সৰ্বস্ব হৈ প্ৰতিবাদী ৰাজনীতি কৰিব পাৰি, কিন্তু সংসদীয় ৰাজনীতি আবেগৰে নচলে, কিয়নো প্ৰতিবাদী ৰাজনীতি আৰু সংসদীয় ৰাজনীতিৰ সমীকৰণ একেই নহয়। অৰ্থাৎ, প্ৰতিবাদ কৰিবলৈ এক লাখ মানুহ একত্ৰিত কৰা আৰু নিৰ্বাচনত এক লাখ মানুহৰ ভোট পোৱাটো একেই নহয়। মানুহে আবেগেৰে প্ৰতিবাদ কৰিব পাৰে (অসমৰ এচাম শিল্পীয়ে এই কথা ইতিমধ্যেই প্ৰমাণ কৰিছে), কিন্তু সাধাৰণতে আবেগেৰে ভোট নিদিয়ে। পদূলিৰ পৰা পোলিং বুথলৈ আহি থাকোতেও ভোটৰ অংক সলনি হয় – আৰু ইয়েই সংসদীয় গণতন্ত্ৰৰ স্বৰূপ।
একেসময়তে আমি দেখিছো যে নিজকে অৰাজনৈতিক বুলি দাবী কৰা ছাত্ৰ সংগঠনেও বৈকল্পিক ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াৰ গুৰি ধৰিছে বা এনে দল গঠনৰ প্ৰাৰম্ভিক কুছ-কাৱাজ আৰম্ভ কৰিছে (ইতিমধ্যে অসম জাতীয় পৰিষদ নামেৰে তেওঁলোকে নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠন কৰিছে)। পোনপ্ৰথমেই এই কথা উপলব্ধি কৰা উচিত যে অৰাজনৈতিক বুলি দৰাচলতে একো নাই, ই এক ভেল্কীবাজিৰ বাদে আন একো নহয়। কিয়নো যিকোনো সংগঠনৰে জন্ম হয় এক বিশেষ আদৰ্শৰ ভিত্তিত (সেই আদৰ্শ জাতীয়তাবাদ, গণতান্ত্ৰিক মূল্যবোধ, বা নিলাজ সুবিধাবাদ, যিকোনো হ’ব পাৰে), আৰু যি আদৰ্শৰ লগত মানুহৰ জীৱনাৱস্থাৰ প্ৰসংগ জড়িত হৈ থাকে, সেই সকলোবোৰ আদৰ্শই হৈছে ৰাজনৈতিক। গতিকে অৰাজনৈতিক সংগঠন বুলি ক’লে ৰাজনৈতিকভাৱে সুবিধাবাদী, ধান্দাবাজী সংগঠন বুলিয়েই ক’ব লাগিব। কোনো দল-সংগঠনে নিজকে অৰাজনৈতিক বুলি ঘোষণা কৰিলে বুজিব লাগিব – (১) হয় তেওঁলোকৰ নেতৃবৃন্দৰ গোটেইমখাই অকাল কুষ্মাণ্ড; বা (২) নহয় তেওঁলোক হৈছে সাধাৰণ মানুহক আভুৱা ভাৰিবলৈ অৰাজনৈতিক শব্দটোক কবচ হিচাপে লোৱা ধুৰন্ধৰ ধান্দাবাজ। কিন্তু, যিহেতু কেৱল অকাল কুষ্মাণ্ডৰ দ্বাৰা কোনো দল-সংগঠন গঠিত তথা পৰিচালিত হোৱাটো এক অবান্তৰ কথা, সেয়ে শেষ অৰ্থত আমি তেনে অৰাজনৈতিক দল-সংগঠনৰ নেতা-পালিনেতা বা তেনে দল-সংগঠনৰ লগত জড়িত ৰাজনীতিবিদ বা বুদ্ধিজীৱীকো ৰাইজৰ কান্ধত বন্দুক থৈ গুলী ফুটোৱা ধুৰন্ধৰ ধান্দাবাজ বুলিয়েই গণ্য কৰিম।
এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক পুনৰাই দোহৰোৱাৰ কোনো প্ৰয়োজন নাই। নিৰ্বাচনী অংকত কাৰ নাকী কোনে ধৰে সেই কথা সংসদীয় ৰাজনীতিৰ খেলুৱৈয়ে বাৰুকৈয়ে জানে। তাতে এবাৰ সাপে খুটিলে কেঁচুলৈকো ভয়। গতিকে অসমবাসীয়ে সদৌ অসম ছাত্ৰ সন্থাক সন্দেহৰ চকুৰে চোৱাটো বা আগন্তুক বিধানসভা নিৰ্বাচনত আছুৰ ভূমিকা কি হ’ব তাক লৈ প্ৰশ্ন কৰাটো নিতান্তই স্বাভাৱিক। এতিয়া নৱগঠিত অসম জাতীয় পৰিষদে জাতি–মাটি–ভেটি ৰক্ষাৰ সংগ্ৰামখন সংসদীয় ৰাজনীতিৰ ক্ষেত্ৰখনত কেনেদৰে আগবঢ়াই নিব, সেয়া লক্ষণীয় হ’ব আৰু ইয়াৰ ওপৰতে আছুৰ সামগ্ৰিক ভৱিষ্যতো নিৰ্ভৰ কৰিব। কিন্তু আছুৰ ৰাজনীতি হৈছে গা এৰা দিয়াৰ – সেয়ে নিজকে অৰাজনৈতিক ছাত্ৰ সংগঠন বুলি কৈ ৰাজনৈতিক সিদ্ধান্ত আৰু সমস্যাৰ পৰা ফালৰি কাটি অহাৰ দেধাৰ উদাহৰণ আছে।
এই প্ৰসংগতে উল্লেখনীয় পলিটিক্স নকৰিবা বন্ধু বুলি পলিটিক্স কৰা কিছুমান ধুৰন্ধৰ দগাবাজ শিল্পীৰ ভূমিকাৰ কথাও। নিজকে ছ’ছিয়েলিষ্ট বুলি সদম্ভে ঘোষণা কৰা জুবিন গাৰ্গে অসমবাসীক কয় পলিটিক্স নকৰিবলৈ (অৰ্থাৎ নিজৰ দৰে ধূৰ্ত্ত সুবিধাবাদী হ’বলৈ), কিন্তু এসময়ত গান গায়েই বিজেপিক ডুবাম বুলি ৰাজহুৱাকৈ বামফুটনিও মাৰিছিল। আৰু এতিয়া জুই আহি হাত পালেহি যেতিয়া চল চাই কঠীয়া পৰা এইচাম শিল্পীয়ে নিজকে নিৰ্লজ্জভাৱে ধান্দাবাজ বুলি প্ৰমাণ কৰি কমলৰ চৰণত শৰণ লৈছে।
অৱশ্যে এই কথা অনস্বীকাৰ্য যে যদি আৰ.এছ.এছ.–বিজেপিৰ এই অপশাসনৰ বিৰুদ্ধে সংসদীয় ৰাজনীতিৰ চক্ৰব্যূহৰ মাজতে এক বহুমাত্ৰিক আৰু ঐক্যবদ্ধ বিৰোধী শক্তিয়ে মূৰ দাঙি নুঠে, তেন্তে ন্যায়পালিকাকে ধৰি সাধাৰণ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰাৰ যি প্ৰাতিস্থানিক, সাংবিধানিক ব্যৱস্থা আছে, সেই সকলোবোৰ তলি ফুটা কলহ হৈ পৰিব। ইতিমধ্যেই আমি দেখিছো বিজেপিয়ে কিদৰে চৰকাৰকেই ৰাষ্ট্ৰ কৰি পেলাইছে (যদিও চৰকাৰ মানেই ৰাষ্ট্ৰ নহয়) আৰু আমোলাতন্ত্ৰ, পুলিচ ব্যৱস্থা, সংবাদ মাধ্যম সকলোবোৰেই চৰকাৰৰ ভৰি চেলেকা গোলাম হৈ পৰিছে। বিগত বছৰবোৰত এক বৃহত্তৰ, ঐক্যবদ্ধ ৰাজনৈতিক মঞ্চ গঠনৰ কুছ-কাৱাজ বিশেষ পৰিলক্ষিত নহ’ল। জাতি–মাটি–ভেটিৰ স্বাৰ্থত ৰাইজৰ বিপুল অংশগ্ৰহণেৰে গণ সংগ্ৰাম হ’ল, কিন্তু ৰাজনৈতিক মিত্ৰতা গঢ়ি নুঠিল। এতিয়া যিহেতু সংসদীয় ৰাজনীতিৰ মজিয়ালৈ সংগ্ৰামখন লৈ যোৱাৰ কাৰণে খদমদম লাগিছে, সেয়ে বিজেপি-বিৰোধী সকলো শক্তি ৰাজনৈতিকভাৱে সুসংগঠিত আৰু ঐক্যবদ্ধ নহ’লে বিজেপিক ৰোধ কৰিম বুলি ভবাটো পৰ্বতত কাছ কণী বিচৰাৰ লেখীয়া কথা হ’ব।
লগতে, নৱগঠিত ৰাজনৈতিক দলবোৰ বা নতুন দল গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰী সংগঠনবোৰে অসমৰ পৰিপ্ৰেক্ষিতত সেইসকল শোষিত জন-গণ যাৰ অংশগ্ৰহণ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সদায়ে প্ৰান্তীয় বা উপেক্ষিত, তেওঁলোকৰ ৰাজনৈতিক স্বাধীনতা, অৰ্থাৎ ৰাজনৈতিক পৰিভাষাত তেওঁলোকৰ স্বনিয়ন্ত্ৰণ বা self-determinationৰ অধিকাৰৰ প্ৰশ্নটোৰ লগতে এইসকল লোকৰ জাতীয় ভৱিষ্যত সুৰক্ষিত কৰাৰ প্ৰশ্নটোৰ ওপৰতো মনোনিৱেশ কৰাটো সময়োপযোগী।
এক বিশেষ শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ কাৰণে শাসকপক্ষই কেতিয়াও এখন গণতান্ত্ৰিক গণ সংগ্ৰাম আগবাঢ়িবলৈ নিদিয়ে আৰু যিকোনো বৈকল্পিক ভৱিষ্যতৰ সম্ভাৱনাকে পুলিয়ে-পোখাই উঘালি পেলাবলৈ শাসকপক্ষ বদ্ধপৰিকৰ। এনে এক সামাজিক-ৰাজনৈতিক ব্যৱস্থাত ৰাজনৈতিক বিকল্পৰ ধাৰণাটো স্বাভাৱিকতেই সীমাবদ্ধ, লাগিলে এক বৈকল্পিক ৰাজনৈতিক দলৰ ধাৰণাই হওক, কিয়নো ইতিমধ্যে উল্লেখ কৰা সংসদীয় ৰাজনীতিৰ চক্ৰব্যূহত প্ৰৱেশ কৰাৰ পাছৰ পৰিণতি মহাভাৰতৰ অভিমন্যুৰ পৰিণতিয়েই। হাইটিৰ এক প্ৰবাদ অনুসৰি কুকুৰা আৰু পঁইতাচোৰাৰ মিলন সম্ভৱ হয় কুকুৰাৰ পেটতহে (“The unity of the chicken and the roach happens in the belly of the chicken”), অৰ্থাৎ সামগ্ৰিক সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থা বা ছিষ্টেমৰ মাজত সোমাই ছিষ্টেম সলনি কৰিম বুলি দাবী কৰিলে পঁইতাচোৰাৰ দৰেই কুকুৰাৰ পেটত সোমাব লাগিব, আৰু এবাৰ কুকুৰাৰ পেটত পৰাৰ পাছত পঁইতাচোৰা হজম। আচল শত্ৰুক চিনাক্ত কৰি সেই শত্ৰু আৰু সেই শত্ৰুৰ দ্বাৰা নিয়োজিত তথা পৰিচালিত বিভিন্ন (অপ)শক্তিবোৰৰ বিৰুদ্ধে সকলোৱে আপোচবিহীনভাৱে মাৰ বান্ধি থিয় নিদিয়ালৈকে আমি কুকুৰাৰ পেটতেই হজম হৈ থাকিম। ক্ষমতাৰ যি প্ৰচলিত বিন্যাস বা ব্যৱস্থাপনা আছে, তাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই এই যুঁজত জয়ী হোৱাতো অতিশয় কঠিন, কাৰণ মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰবোৰৰ জৰিয়তে বিভিন্ন কৌশলেৰে প্ৰভাৱশালী শ্ৰেণীৰ আধিপত্য সুৰক্ষিত কৰি ৰখা হয়। সেই কাৰণেই এই যুঁজ বহুমাত্ৰিক, অৰ্থাৎ কেৱল সংসদীয় ৰাজনীতিৰ মজিয়াতেই নহয়, ঘৰৰ চাৰিবেৰৰ মাজতো হ’ব লাগিব। এফালে যদি এই যুঁজ হ’ব লাগিব শোষিত, নিষ্পেষিত, অৱদমিত খাটি খোৱা জন-গণৰ স্বাৰ্থৰ হকে, গণতান্ত্ৰিক প্ৰমূল্য অটুত ৰখাৰ কাৰণে, বুৰ্জোৱা শ্ৰেণীস্বাৰ্থৰ বিৰুদ্ধে, আনফালে একেসময়তে এই যুঁজ হ’ব লাগিব ধৰ্মীয় উন্মাদনা, পুৰুষতন্ত্ৰ, ভাতিভেদ প্ৰথা, বৰ্ণ ব্যৱস্থা সকলোৰে বিৰুদ্ধে। সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাই সৃষ্টি কৰা এনে এক আশাহীনতাৰ বিপৰীতে তথাপিও আমি আশাবাদী যে পুঁজিবাদৰ বলেৰে বলীয়ান আৰ.এছ.এছ.–বিজেপিৰ এই সৰ্বগ্ৰাসী ৰথযাত্ৰা স্তব্ধ কৰিবলৈ শ্ৰেণীসংগ্ৰামৰ ভিত্তিত এক আপোচবিহীন ঐক্যবদ্ধ ৰাজনৈতিক শক্তিয়ে অচিৰেই মূৰ দাঙি উঠিব।
(মতামত লেখকৰ নিজৰ, মতামতৰ বাবে The Cross Current দায়ী নহয়)